অসম

assam

ETV Bharat / state

কটনৰ বাকৰিত কটনিয়ানৰ প্ৰতিবাদ - Cotton University Election 2024

Cotton University: ফলাফল ঘোষণাৰ পিছতেই উত্তপ্ত কটন বিশ্ববিদ্যালয় । কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক পদক লৈ টনা-আঁজোৰা ।

By ETV Bharat Assamese Team

Published : 5 hours ago

Tens situation at Cotton University over Students union election
কটনৰ বাকৰিত কটনিয়ানৰ প্ৰতিবাদ (ETV Bharat Assam)

গুৱাহাটী,৪ অক্টোবৰ: একালত ৰাজ্যৰ ছাত্ৰ ৰাজনীতিৰ অভিকেন্দ্র আছিল কটন বিশ্ববিদ্যালয় । সেই কটন বিশ্ববিদ্যালয়ৰ বাকৰিতে গঢ়ি উঠা কটন বিশ্ববিদ্যালয়ৰ ২০২৪-২৫ বৰ্ষৰ ছাত্ৰ একতা সভাৰ শুকুৰবাৰে ফলাফল ঘোষণাৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । সাধাৰণ সম্পাদকৰ পদত এটা ভোটৰ ব্যৱধানত হৰা জিকাক লৈ উত্তপ্ত হৈ পৰিছে কটন বিশ্ববিদ্যালয় । সাধাৰণ সম্পাদক পদত তিনিজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল । কুলদ্বীপ গৌতম শৰ্মা আৰু নীৰৱ হাজৰিকাৰ মাজত তুমূল প্ৰতিদ্বন্দ্বিতা হয় ।

এটা ভোটৰ ব্যৱধানত নীৰৱ হাজৰিকাই জয়লাভ কৰে যদিও আনুষ্ঠানিক ঘোষণা হোৱা নাই । ইয়াৰ পিছতে কুলদ্বীপ গৌতম শৰ্মাৰ সমৰ্থনকাৰী সকলে পুণৰ গণনাৰ দাবী কৰে । যাক লৈ সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি । এটা পক্ষই যদি পুণৰ গণনাৰ দাবী কৰিছে ইফালে আনটো পক্ষই পুনৰ গণনাৰ বিৰোধিতা কৰা পৰিলক্ষিত হয় ।

কটনৰ বাকৰিত কটনিয়ানৰ প্ৰতিবাদ (ETV Bharat Assam)

এইবাৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত বিজয়ী প্ৰাৰ্থীসকল:

  • সভাপতি পদত জুবেৰ হাবিব
  • উপ-সভাপতি পদত নীলাক্ষী কাকতি
  • সাধাৰণ সম্পাদক পদত নীৰৱ হাজৰিকা
  • সহকাৰী সম্পাদক পদত মুনমী তালুকদাৰ
  • সাংস্কৃতিক সম্পাদক পদত নীলাঞ্জনা বৰা
  • মিউজিক সম্পাদক পদত একতা হাজৰিকা
  • ছাত্ৰ জিৰণী কোঠা সম্পাদক পদত কংকন জ্যোতি ৰয়
  • ছাত্ৰী জিৰণী কোঠা সম্পাদক পদত ডিম্পী ডেকা
  • ক্ৰিকেট সম্পাদক পদত ভাৰ্গৱ বেজবৰুৱা
  • শৰীৰচৰ্চা সম্পাদক পদত জেমচ ইলাহী
  • ফুটবল সম্পাদক পদত ৰাজদ্বীপ কলিতা
  • তৰ্ক সম্পাদক পদত গীতাৰ্থ বৰা
  • এথলেটিক সম্পাদক পদত ডেনিল চাংমাই
  • সমাজ সেৱা সম্পাদক পদত নুপূৰ কাশ্যপ

বিনা প্ৰতিদন্দ্বিতাৰে জয়ী হোৱাসকল:

  • লঘুখেল সম্পাদক পদত পেৰিষ্কা বসুমতাৰী
  • আলোচনী সম্পাদক পদত তুহিণকন্যা বৰা

যদিও এইসকলে জয়লাভ কৰিছে, বৰ্তমানলৈ কিন্তু আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই বিজয়ী প্ৰাৰ্থীৰ নাম ।

উল্লেখ্য যে, বৃহস্পতিবাৰে অনুষ্ঠিত হয় কটন বিশ্ববিদ্যালয়ৰ একতা সভাৰ নিৰ্বাচনৰ ভোটগ্রহণ । সর্বমুঠ ১৩ টা পদৰ বিপৰীতে এই নিৰ্বাচনত ৩৬ গৰাকী প্রার্থী অৱতীর্ণ হয় । বৃহস্পতিবাৰে পুৱাৰে পৰা বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ৪৭ শতাংশ ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰে ।

লগতে পঢ়ক:নাহৰৰ দেশত উখল-মাখল পৰিৱেশ, ভোট নপৰিল আছুৰ সপক্ষে - DU Election results 2024

নাহৰৰ দেশত বেলটৰ যুঁজ; ১৪ টা পদত ২৯ গৰাকী প্ৰাৰ্থীৰ যুঁজ - DU Election 2024

গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুটা ছাত্ৰাবাস খালী কৰাৰ নিৰ্দেশক লৈ উত্তেজনা - Gauhati University

ABOUT THE AUTHOR

...view details