অসম

assam

ETV Bharat / state

দীপাৱলীৰ দিনাই উত্তাল জবকা চাহ বাগিচা; মজুৰিৰ দাবীত শ্ৰমিকৰ প্ৰতিবাদ

Protest in Sonari: সোণাৰিৰ জবকা চাহ বাগিচাৰ সন্মুখত শ্ৰমিকৰ প্ৰতিবাদ । ঘেৰাও কৰি ৰাখিলে বাগিচাৰ পৰিচালকক ।

Protest in Sonari
দীপাৱলীৰ দিনাই উত্তাল জবকা চাহ বাগিচা (ETV Bharat)

By ETV Bharat Assamese Team

Published : Oct 31, 2024, 1:41 PM IST

মৰাণ :দীপাৱলীক কেন্দ্ৰ কৰি ৰাজ্যত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । প্ৰতিটো প্ৰান্ততে দীপাৱলীৰ আয়োজন চলিছে । পোহৰৰ উৎসৱক লৈ সকলো ব্যস্ত হৈ পৰিছে । কিন্তু তাৰ মাজতে প্ৰতিবাদত বহিছে চাহ বাগিচাৰ শ্ৰমিকসকল । ন্যায্যপ্ৰাপ্তিৰ দাবীত চৰাইদেউ জিলাৰ সোণাৰিৰ জবকা চাহ বাগিচাত শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে ।

মজুৰিৰ দাবীত প্ৰতিবাদ

উল্লেখ্য যে দীপাৱলীৰ পূৰ্বে ৰাজ্য চৰকাৰে সকলো কৰ্মচাৰীকে দৰমহা মুকলি কৰি দিছে । সমান্তৰালকৈ চাহ শ্ৰমিকসকলকো দৰমহা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে বাগিচা কৰ্তৃপক্ষই । তেনে সময়তে চাহ শ্ৰমিকসকলে নিজৰ পাৰিশ্ৰমিক বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে । ইয়াক লৈ চৰাইদেউ জিলাৰ সোণাৰিৰ জবকা চাহ বাগিচাত পুৱাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । বাগিচাৰ পৰিচালকক ঘেৰাও কৰিলে শ শ চাহ শ্ৰমিকে । বাগিচা কৰ্তৃপক্ষই দৰমহা নিদিয়াক কেন্দ্ৰ কৰি হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয় ।

দীপাৱলীৰ দিনাই উত্তাল জবকা চাহ বাগিচা (ETV Bharat)

শ্ৰমিকসকলে জনোৱা মতে দীপাৱলী উপলক্ষে শ্ৰমিকৰ পষেকীয়া মজুৰি দুদিন পূৰ্বে দিয়াৰ কথা আছিল । কিন্তু সেই অনুসৰি তেওঁলোকক মজুৰি নিদিয়াত জাঙুৰ খাই উঠে চাহ শ্ৰমিকসকল । যাৰ বাবে বাগিচাৰ কাৰ্যালয়ৰ সন্মুখতে পৰিচালকক আবদ্ধ কৰি ৰাখে শ্ৰমিকসকলে । দিনটোৰ ভিতৰতে মজুৰি কৰি দিবলৈ শ্ৰমিকসকলে প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰে । ইফালে চাহ শ্ৰমিকৰ পষেকীয়া মজুৰি আদায় নকৰিলে বাগিচাৰ কাম-কাজ বন্ধ কৰাৰো হুংকাৰ দিয়ে শ্ৰমিকসকলে ।

চাহ শ্ৰমিকৰ প্ৰতিবাদ

শ্ৰমিকসকলৰ মতে যোৱা ২২ অক্টোবৰত বাগিচাখনৰ পৰিচালকক এচিএমএছৰ নেতৃত্বত শ্ৰমিকসকলে লিখিত আবেদনত দীপাৱলীৰ পূৰ্বে পষেকীয়া দৰমহা আদায় দিয়াৰ কথা উল্লেখ কৰিছিল । কিন্তু পৰিচালকে হঠাৎ দীপাৱলীৰ দিনা এই পষেকীয়া মজুৰি আদায় দিব নোৱৰাৰ কথা উল্লেখ কৰাত বাগিচাখনৰ শ‌্ৰমিকসকল উদ্বিগ্ন হৈ পৰে আৰু দীপাৱলীৰ দিনটোতে প্ৰতিবাদ সাব্যস্ত কৰে ।

উল্লেখ্য যে ৰাজ্যত প্ৰায় প্ৰতিদিনে ন্যায্য প্ৰাপ্তিৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিবলগা হৈছে চাহ শ্ৰমিকসকলে । কম মজুৰিত কাম কৰি জীৱন চলাই ৰাজ্য তথা দেশৰ অৰ্থনীতিলৈ অৱদান আগবঢ়াই অহা চাহ বাগিচাৰ শ্ৰমিকে প্ৰতিটো দিনতে জীৱনৰ নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে । আনহাতে চৰকাৰৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি একাংশ চাহ বাগিচা কৰ্তৃপক্ষই শ্ৰমিকক শোষণ অব্যাহত ৰখাৰো অভিযোগ আছে ।

লগতে পঢ়ক :নিজৰ দুৰ্গত চকুৰ সন্মুখতে কোনে দিলে ৰকিবুল হুছেইন গ'-বেক ধ্বনি ?

ABOUT THE AUTHOR

...view details