অসম

assam

ETV Bharat / state

আলফা(স্বাঃ) নে আন কোনোবা ? জাগুনৰ চাহ ফেক্টৰীৰ মহৰীক অপহৰণৰ আঁৰত কোন ?

Tea factory employee kidnapped: তিনিচুকীয়া জিলাত অপহৰণকাণ্ড ৷ চাহ ফেক্টীৰ কৰ্মচাৰীক অপহৰণ অস্ত্ৰধাৰী দলৰ ৷ আলফা(স্বাঃ)লৈ সন্দেহৰ আঙুলি...

KIDNAP IN JAGUN
চাহ ফেক্টৰীৰ মহৰীক অপহৰণ (ETV Bharat)

By ETV Bharat Assamese Team

Published : 4 hours ago

তিনিচুকীয়া: তিনিচুকীয়া জিলাৰ জাগুনত সংঘটিত হৈছে এক অপহৰণকাণ্ড । জাগুনৰ এটা চাহ ফেক্টৰীৰ পৰা অপহৰণ কৰা হৈছে এজন কৰ্মচাৰীক ৷ গৌতম বসুমতাৰী নামৰ কৰ্মচাৰীজনক অপহৰণ কৰা হৈছে যোৱানিশা । এই অপহৰণকাণ্ডত আলফা(স্বাঃ) জড়িত থকা বুলি সন্দেহ কৰা হৈছে যদিও এই পৰ্যন্ত মুখ খোলা নাই কোনো লোকে । জাগুনৰ বিশিষ্ট ব্যৱসায়ী ৰাধা চেতিয়া মালিকানাধীন চাহ ফেক্টৰীটোৰ মহৰী আছিল গৌতম বসুমতাৰী ।

ফেক্টৰীটোৰ কৰ্মচাৰীৰ ভাষ্য অনুসৰি বুধবাৰে নিশা প্ৰায় ১০ বজাত সামৰিক পোছাক পৰিহিত এটা অস্ত্ৰধাৰী দলে ফেক্টৰীত প্ৰৱেশ কৰে আৰু সকলোৰে ম’বাইলবোৰ কাঢ়ি লৈ বন্ধ কৰি একে ঠাইতে ৰৈ থাকিবলৈ নিৰ্দেশ দিয়ে । তাৰ পিছতেই তেওঁলোকে ফেক্টৰীটোৰ মহৰীক বিচাৰে ৷ সেইসময়ত মহৰী গৌতম বসুমতাৰী শুই আছিল, বিচনাৰ পৰা উঠাই তেওঁক লগত লৈ যায় সন্দেহযুক্ত আলফা স্বাধীনৰ দলটোৱে ।

জাগুনৰ চাহ ফেক্টৰীৰ মহৰীক অপহৰণ (ETV Bharat)

অস্ত্ৰধাৰী দলটোৱে ফেক্টৰীটোৰ পৰিচালকজনকো লৈ গৈছিল যদিও অসুস্থতাৰ বাবে পৰিচালকগৰাকীক আধাবাটৰ পৰা ওভতাই পঠায় । এই অপহৰণক লৈ ইতিমধ্যে জাগুনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপৰ লগতে আৰক্ষী আৰু সেনা-বাহিনীৰ বৃহৎ দল উপস্থিত ফেক্টৰীটোৰ কৰ্মচাৰীসকলক সোধা-পোছা কৰাৰ লগতে কাষৰীয়া বনাঞ্চলত অপহৃতৰ সন্ধানত আৰম্ভ কৰিছে অভিযান । সেনা আৰু আৰক্ষীৰ দলে ব্যাপক অভিযান চলাইছে যদিও বৰ্তমানলৈকে গৌতমৰ কোনো সন্ধান পোৱা নাই ৷

উল্লেখ্য যে সামৰিক পোছাকত অহা বন্দুকধাৰী দলটো আলফা(স্বাঃ)ৰ হয় নে নহয়, সেই বিষয়েও এতিয়ালৈকে নিশ্চিত তথ্য লাভ কৰা নাই আৰক্ষীয়ে ৷ সংগঠনটোৰ ফালৰ পৰাও কোনো বিবৃতি প্ৰকাশ কৰা নাই ৷

লগতে পঢ়ক:গুইজানত নৃশংস হত্যাকাণ্ড, আটক মহিলা

ABOUT THE AUTHOR

...view details