অসম

assam

ETV Bharat / state

চাহ বাগিচাৰ কলঘৰৰ মেচিনত সোমাই আঙুলি ছিগিল কৰ্মচাৰীৰ - Accident in Tea Factory

ACCIDENT IN TEA FACTORY: মৰাণৰ শালমাৰী চাহ বাগিচাত মেচিনত সোমাই আঙুলি ছিগিল কৰ্মচাৰীৰ ৷ ডিব্ৰুগড়ৰ এ এম চিত চিকিৎসাধীন আহত মনোজ দাস ৷ উন্নত চিকিৎসাৰ লগতে উচিত ক্ষতিপূৰণৰ দাবী পৰিয়ালৰ ৷

ACCIDENT IN TEA FACTORY
মেচিনত হাত সোমাই ছিগিল দুয়োখন হাতৰ আঙুলি

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 4:00 PM IST

মৰাণৰ শালমাৰী চাহ বাগিচাত অঘটন

ডিব্ৰুগড়, 28 এপ্ৰিল :মৰাণৰ শালমাৰী চাহ বাগিচাত অঘটন ৷ বাগিচাৰ কলঘৰৰ মেচিনত এজন কৰ্মচাৰীৰ হাত সোমাই ছিগিল দুয়োখন হাতৰ আঙুলি ৷ ভুক্তভোগী শালমাৰী চাহ বাগিচাৰ চৰ্দাৰ তথা বাগিচাখনৰ গীৰ্জা লাইনৰ নিবাসী মনোজ দাস বুলি জানিব পৰা গৈছে ৷ 26 এপ্ৰিলত সংঘটিত হয় এই ঘটনা ৷ বৰ্তমান ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে আহত মনোজ দাস ৷ 55 বছৰীয়া মনোজ দাস বাগিচাখনৰ স্থায়ী চৰ্দাৰ আছিল ৷

ঘৰখনৰ একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তিজন এইদৰে আঙুলি ছিগি গুৰুতৰভাৱে আহত হৈ পৰাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক ৷ বাগিচা কৰ্তৃপক্ষই মনোজ দাসৰ চিকিৎসাৰ ব্যয় বহন কৰিছে যদিও পৰিয়ালৰ লোক লোকজনৰ ভৱিষ্যতৰ জীৱন জীৱিকাক লৈ চিন্তিত হৈ পৰিছে ৷ ইফালে বাগিচা কৰ্তৃপক্ষই সমগ্ৰ বিষয়টো তল পেলাবলৈ কিছু দায়সৰা মন্তব্য কৰা বুলি অভিযোগ উত্থাপন হৈছে ৷ লোকজনে সকলো পাবলগা ধন দিয়া হ'ব বুলি বাগিচা কৰ্তৃপক্ষই উল্লেখ কৰিছে যদিও পৰিয়ালৰ অন্য লোকৰ সংস্থাপনৰ কথা উল্লেখ কৰা নাই ৷

সমগ্ৰ ঘটনাটো বাগিচা কৰ্তৃপক্ষই গাপ দিবলৈ চেষ্টা কৰিছিল যদিও একাংশ সচেতন ব্যক্তিৰ তৎপৰতাত ঘটনাটো দেওবাৰে পোহৰলৈ আহে ৷ ইফালে ঘটনাৰ উচিত তদন্ত কৰাৰ লগতে মনোজ দাসৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে পৰিয়ালে ৷ লক্ষ্যণীয় বিষয়টো হ'ল গুৰুতৰভাৱে আহত মনোজ দাস বাগিচাখনৰ স্থায়ী চৰ্দাৰ আছিল ৷ তেনেস্থলত কি পৰিস্থিতিত কেনেকৈ বাগিচাৰ কলঘৰত কাম কৰিব লগা হ'ল তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে ৷

চাহ বাগিচাসমূহৰ কৰ্তৃপক্ষই জোৰ-জুলুম কৰি কোনো নিৰাপত্তা ব্যৱস্থা গ্ৰহণ নকৰাকৈ কৰ্মচাৰীক কাম কৰিবলৈ দিয়া বহু ঘটনা ইতিমধ্যে ডিব্ৰুগড় জিলাৰ লগতে ৰাজ্যৰ অন্য প্ৰান্তত হৈ আহিছে ৷ সঘনাই সংঘটিত হোৱা এনে ঘটনাৰ বিষয়ে জিলা প্ৰশাসন আৰু শ্ৰম বিভাগে কেতিয়া গুৰুত্ব দিব তাক লৈ প্ৰশ্ন উত্থাপন হৈছে ৷

লগতে পঢ়ক :প্ৰকৃতিৰ উপদ্ৰৱত ভাগি পৰিল জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ পেণ্ডেল - HEAVY STORM AtDHARAPUR

ABOUT THE AUTHOR

...view details