ডিব্ৰুগড়,২৯ ফেব্ৰুৱাৰী:পুনৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত পুনৰ মূৰ দাঙি উঠিছে ছয় জনগোষ্ঠীক জনজাতিৰণৰ প্ৰসংগ । অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা বিষয়টোক লৈ পুনৰ জনগোষ্ঠীয় সংগঠনসমূহ জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে । কিয়নো প্ৰতিখন চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও সেই প্ৰতিশ্ৰুতি আজি পৰ্যন্ত কাৰ্যকৰী নহ'ল ।
শাসনলৈ অহাৰ পূৰ্বে শাসক দল বিজেপিয়ে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেইয়া কাৰ্যকৰী নকৰিলে । ফলত লোকসভা নিবাৰ্চনৰ প্ৰাকক্ষণত ৰাজ্যৰ বিভিন্ন প্ৰান্তত টাই আহোমকে ধৰি ছয় জনগোষ্ঠীৰ দল-সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে । বুধবাৰে টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত তীব্ৰ প্ৰতিবাদ কৰে টাই আহোম যুৱ পৰিষদে । ডিব্ৰুগড়ৰ চৌকিডিংঙীত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জড়িয়তে জনজাতিকৰণৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে টাই আহোম যুৱ পৰিষদে । এই প্ৰতিবাদৰ জৰিয়তে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে লোকসভা নিৰ্বাচনত বিজেপিক ভোট দিওতে এবাৰ ভাবি চাবলৈ দাবী জনাই ৰাইজক ।