অসম

assam

ETV Bharat / state

বাণিজ্য শাখাৰ গণিত বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ তনুশ্ৰী আৰু তানিশাৰ - Assam HS Result 2024 - ASSAM HS RESULT 2024

Assam HS Result 2024: নগাঁৱৰ গীতাঞ্জলী চিনিয়ৰ চেকেণ্ডেৰী স্কুলত উৎসৱমুখৰ পৰিৱেশ । দুগৰাকীকৈ ছাত্ৰীয়ে বাণিজ্য শাখাৰ গণিত বিষয়ত লাভ কৰিলে ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ ।

Assam HS Result 2024
বাণিজ্য শাখাৰ গণিত বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ তনুশ্ৰী আৰু তানিশাৰ (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : May 9, 2024, 5:38 PM IST

বাণিজ্য বিভাগৰ গণিত বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ তনুশ্ৰী আৰু তানিশাৰ (ETV BHARAT ASSAM)

নগাঁও, 9 মে’ : প্ৰথম দহটাকৈ স্থান প্ৰত্যাহাৰ কৰি ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত প্ৰথমবাৰৰ বাবে ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল । স্থানহীন ফলাফলে বহু শিক্ষানুষ্ঠানৰ পূৰ্বৰ পৰিৱেশ ম্লান কৰিলেও নগাঁৱৰ এখন শিক্ষানুষ্ঠানত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ।

বিগত বর্ষত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত প্ৰথম শীৰ্ষ দহটাকৈ স্থানৰ ভিতৰত কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰি অহা নগাঁৱৰ বাণিজ্য শাখাৰ গীতাঞ্জলি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত এইবছৰো অইন বছৰৰ দৰে ফলাফল অক্ষুন্ন আছে ৷ শিক্ষানুষ্ঠানখনৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰা নাই যদিও বাণিজ্য শাখাৰ দুগৰাকী ছাত্ৰীয়ে বাণিজ্য শাখাৰ গণিত বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰি গীতাঞ্জলি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ গৌৰৱ অক্ষুণ্ণ ৰাখিছে । তনুশ্ৰী বাচক আৰু তানিশা দাসে বাণিজ্য শাখাৰ গণিত বিষয়ত সৰ্বোচ্চ 99 নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ৷

শিক্ষানুষ্ঠানখনত 100 শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱাৰ লগতে দুগৰাকী ছাত্ৰীয়ে বাণিজ্য শাখাৰ গণিত বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰিছে ৷ ছাত্ৰী দুগৰাকীক বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসহ ছাত্ৰ-ছাত্ৰীয়ে সম্বৰ্ধনা জনোৱাৰ উপৰিও ফটকা আতচবাজিৰে উদুলি-মুদুলি পৰিৱেশ গঢ়ি তুলিছে ৷

ইফালে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত ঘোষণা কৰা স্থানবিহীন ফলাফলক লৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গীতাঞ্জলী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ শিক্ষকৰ লগতে দুই ছাত্ৰী তনুশ্ৰী বাচক আৰু তানিশা দাসে । স্থানবিহীন ফলাফলে পৰৱৰ্তী সময়ত ছাত্ৰ-ছাত্ৰীৰ মাজত স্থান লাভৰ প্ৰতিযোগিতা নোহোৱা কৰাৰো আশংকা প্ৰকাশ কৰিছে ছাত্ৰী দুগৰাকীয়ে ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দৰে তিনিটা স্থান হ’লেও থাকিব লাগিছিল বুলি মন্তব্য প্ৰকাশ কৰে ছাত্ৰী দুগৰাকীয়ে ৷ ফলত পূৰ্বৰ দৰে এইবাৰৰ ফলাফলে উৎসুকতা নোহোৱা কৰিছে বুলি উল্লেখ কৰে ছাত্ৰী দুগৰাকীয়ে ৷

লগতে পঢ়ক :এতিয়াৰে পৰা স্থানৰ কথা নাভাবি সৰ্বভাৰতীয় পৰ্যায়ত উজলিব ছাত্ৰ-ছাত্ৰী - Assam HS RESULT 2024

ABOUT THE AUTHOR

...view details