ধুবুৰী:এটা আশ্চৰ্যকৰ ঘটনা ৷ হঠাৎ খা-খবৰ নোহোৱা হৈ পৰা এগৰাকী মহিলাৰ খণ্ড-বিখণ্ড মৃতদেহ উদ্ধাৰ কৰা হ’ল গাঁত খান্দি ৷ কেনেকৈ সংঘটিত হ’ল এয়া ? সকলোৰে মনত প্ৰশ্নৰ উদয় হৈছে ৷ আচৰিত হৈছে সকলো...কোনে কৰিলে ? কিয় কৰিলে এই কাণ্ড ? সবিশেষ জানিবলৈ কিছু অতীতলৈ যাব লাগিব ৷
টোকৰাবান্ধাৰ নটেয়া গাঁৱৰ ৰফিকুল ইছলামৰ সৈতে বিয়াত বহিছিল দক্ষিণ শালমাৰাৰ পাটাকাটা গাঁৱৰ ৰমেনা খাতুন । এবুকু আশা, ন-ভৱিষ্যতৰ বহু সপোন বুকুত বান্ধি দুয়ো আৰম্ভ কৰিছিল সংসাৰ ৷ এয়া চাৰি বছৰৰ আগৰ কথা ৷ বিয়াৰ পাচৰে পৰা দম্পতীটোৱে গুৱাহাটীত থাকিবলৈ লয় ৷ গুৱাহাটী মহানগৰীৰ শান্তিপুৰতে থাকি ৰফিকুলে ই-ৰিক্সা চলাই সুখৰ সংসাৰখন আগবঢ়াই নি আছিল ৷ আনৰ দৃষ্টি পৰাকৈ দুয়োৰে মাজত নাছিল কোনো সংঘাত ৷
ই-ৰিক্সা চলোৱাৰ বাদে ৰফিকুলে কিছুদিনৰ পৰা মাহেকীয়া লটাৰী খেলৰ লগত জড়িত হৈ পৰে । বহুতৰ ওচৰত লটাৰী খেলৰ টিকটো বিক্ৰী কৰিছিল ৰফিকুলে । ইমানলৈ সকলো ঠিকেই আছিল ৷ কিন্তু...
ৰমেনা খাতুন নাই... বিগত কিছু দিনৰ পৰা ৰমেনাৰ কোনো খা-খবৰ পোৱা নাই ৷ ক’ত গ’ল ৰমেনা ? এদিন বা দুদিন নহয়, প্ৰায় এমাহ ধৰি ৰমেনাৰ পিতৃগৃহৰ লোকে তেওঁৰ খবৰ পোৱা নাই ৷
লগতে পঢ়ক :নগাঁৱৰ ডাবল মাৰ্ডাৰৰ আঁৰত কোন ? |
চাৰিওফালে বিচাৰ-খোচাৰ কৰাৰ অন্তত ৰমেলাৰ কোনো সন্ধান উলিয়াব নোৱাৰি ৰমেনাৰ পিতৃগৃহৰ লোকে আশ্ৰয় ল’লে আৰক্ষীৰ ৷ ৰমেনাৰ মাতৃয়ে গুৱাহাটীৰ ভৰলুমুখ থানাত ঘটনা সন্দৰ্ভত দাখিল কৰে এক এজাহাৰ । এই এজাহাৰৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে ১৮৮/২০২৪ নম্বৰত ৬১(২) /১৪০(৩) নং আৰু ভাৰতীয় ন্যায় সংহিতাৰ ১৪০(৪) /১৪২/২৪৯(চি) ধাৰাত এক গোচৰ ৰজু কৰি তদন্ত আৰম্ভ কৰে ।