ETV Bharat / state

ভয়ংকৰ ডকাইতিকাণ্ডৰ পৰিকল্পনা বিফল; জালত পৰিল দুৰ্ধৰ্ষ ডকাইত - DACOITS ARRESTED IN NAGAON

পৰিকল্পনা নহ’ল সাৰ্থক ৷ নগাঁও আৰক্ষীৰ জালত পৰিল ডকাইতিৰ পৰিকল্পনা কৰা এটা কুখ্যাত ডকাইতৰ দল। অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত ডকাইতৰ দলটোক অতি কৌশলেৰে কৰায়ত্ত কৰে আৰক্ষীয়ে ৷

Nagaon police arrested Three dacoits
পৰিকল্পনা নহ’ল সাৰ্থক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 19, 2024, 1:45 PM IST

নগাঁও : নিজে পতা জালত নিজেই বন্দী ডকাইতৰ এটা দল ৷ অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত ডকাইতৰ এটা দলক হাতে-লোটে ধৰিবলৈ সক্ষম হ’ল নগাঁও আৰক্ষী ৷ নগাঁও আৰক্ষীৰ বিচক্ষণতাৰ বাবে বিপদৰ পৰা ৰক্ষা পৰিল নগাঁওবাসী ৷

উল্লেখ্য যে, নগাঁৱৰ এটা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈ যোৱা উপ নিৰ্বাচন আৰু ভোটগণনাক কেন্দ্ৰ কৰি ব্যস্ততা বৃদ্ধি পাইছে জিলা প্ৰশাসনৰ ৷ কিন্তু এই সুযোগ গ্ৰহণ কৰিছে একাংশ দুষ্ট চক্ৰই ৷ জিলাখনত পুনৰ সক্ৰিয় হোৱাৰ পৰিকল্পনা আৰম্ভ কৰিছে একাংশ অপৰাধী চক্ৰই ।

পৰিকল্পনা নহ’ল সাৰ্থক (ETV Bharat Assam)

সোমবাৰে সন্ধিয়া নগাঁৱৰ চামগুৰি আৰু ৰূপহীহাটৰ কুখ্যাত অপৰাধী চক্ৰ এটাই তিনিখন বাহনেৰে জিলাখনৰ কোনো এটা প্ৰান্তত ডকাইতি কৰিবলৈ সাজু হৈছিল । সন্ধিয়াৰ পাছতেই নানা অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত হৈ ডকাইতৰ দলটোৱে তিনিখনকৈ বাহন লৈ খাপ পিটিছিল নগাঁও জিলাত । কিন্তু আগতেই ডকাইতৰ দলটোৰ এই পৰিকল্পনাৰ বিষয়ে সকলো তথ্য লাভ কৰিছিল নগাঁও আৰক্ষীয়ে ।

নগাঁও আৰক্ষীয়ে লাভ কৰা খবৰৰ ভিত্তিতেই ডকাইতৰ দলটোৰ পৰিকল্পনা ব্যৰ্থ কৰাৰ বাবেও কৌশল ৰচনা কৰে ৷ সন্ধিয়াৰ পৰা নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ নিৰ্দেশত অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বাৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আৰম্ভ কৰে অভিযান ।

তাৰ পাচত আৰক্ষীৰ দলটোৱে নিশা নগাঁৱৰ উৰিয়াগাঁও বাইপাছৰ পেট্ৰ’ল পাম্পত অসামৰিক পোছাকত খাপ পিটি আছিল । নিশা ডকাইতৰ দলটোৱে একেলগে তিনিখনকৈ বাহন লৈ পেট্ৰ’ল পাম্পত প্ৰৱেশ কৰে ৷ লগে লগেই অসামৰিক পোছাকত থকা আৰক্ষীৰ দলটোৱে বাহন তিনিখন জব্দ কৰিবলৈ তৎপৰ হৈ পৰে ।

লগতে পঢ়ক : কি বুলি মাতিব ? ৰাজনৈতিক নেতা, জাতীয় সংগঠনৰ নেতা, সাংবাদিক নে ডকাইত ? - Robbery in Guwahati

পেট্ৰ’ল পাম্পৰ পৰাই এখন বাহন জব্দ কৰিবলৈ আৰক্ষীৰ দলটো সক্ষম হয় যদিও আন দুখন বাহন লৈ দলটোৱে উক্ত স্থানৰ পৰা পলায়ন কৰে । অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষীৰ দলটোৱে খেদি খেদি চামগুৰিৰ পৰা এখন বাহন জব্দ কৰিবলৈ সক্ষম হয় ৷ বৰ্তমানলৈকে আৰক্ষীয়ে আনখন বাহনৰ কোনো সন্ধান উলিয়াব পৰা নাই ।

আৰক্ষীৰ দলটোৱে বাহন দুখনৰ লগতে তিনিজন লোকক নিশাই আটক কৰিবলৈ সক্ষম হয় । চামগুৰি আৰু ৰূপহীহাট অঞ্চলৰ ধৃত জেহেৰুল ইছলাম, আমিৰ হামজা আৰু হাফিজ ভূঞাক নিশা নগাঁও আৰক্ষীয়ে সোধ-পোছ কৰাৰ অন্তত নগাঁও আৰক্ষীয়ে মঙলবাৰে পুৱা তিনিওকে গ্ৰেপ্তাৰ কৰে । ধৃত তিনি অভিযুক্তৰ বাহনৰ পৰা আৰক্ষীয়ে বহু অস্ত্ৰ-শস্ত্ৰও জব্দ কৰিবলৈ সক্ষম হৈছে ৷ নগাঁৱৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰাই ফোনযোগে সংবাদ মাধ্যমক এই কথা অৱগত কৰে ৷

লগতে পঢ়ক : তেল চুৰিত জড়িত ৬ জনক আটক, পিষ্টল-যন্ত্ৰ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.