ETV Bharat / state

আকৌ বটদ্ৰৱাত ভূমি বেদখল, মহিলাই উত্থাপন কৰিলে অভিযোগ - ENCROACHMENT IN BATADRABA

বটদ্ৰৱাত পুনৰ ভূমি বেদখলৰ অভিযোগ । খিলঞ্জীয়া পৰিয়ালৰ একচনীয়া ভূমি বেদখলৰ অভিযোগ হান্নান চৌধুৰীৰ বিৰুদ্ধে ।

Allegations of encroachment of indigenous people actionable land in Botadrva
আকৌ বটদ্ৰৱাত ভূমি বেদখল, মহিলাই উত্থাপন কৰিলে অভিযোগ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 19, 2024, 5:04 PM IST

বটদ্ৰৱা: গুৰুজনাৰ পৱিত্ৰ জন্মভূমি বটদ্ৰৱা থানৰ পাৰ্শ্বৱৰ্তী এলেকাতেই পুনৰ এটা খিলঞ্জীয়া পৰিয়ালৰ ভূমি বেদখলক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ । বটদ্ৰৱা আৰক্ষী থানাৰ নিচেই কাষতে থকা হাইডুবি অঞ্চলৰ এটা খিলঞ্জীয়া পৰিয়ালৰ একচনীয়া ভূমি বেদখলৰ অভিযোগ উত্থাপন হৈছে হান্নান হ'ক চৌধুৰী নামৰ এজন লোকৰ বিৰুদ্ধে । উত্থাপিত অভিযোগ অনুসৰি ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত বটদ্ৰৱাৰ হাইডুবি কিচামতৰ ২ নং পট্টাৰ ২৮ নং দাগৰ একচনীয়া তিনিকঠা ভূমি সম্প্ৰতি পৰিছে বেদখলকাৰীৰ কৱলত ।

দীপালী বৰা নামৰ এগৰাকী মহিলাৰ পৰিয়ালৰ হাইডুবিৰ উক্ত ভূমি এটা নিশাৰ ভিতৰতে ১৫-২০ জনীয়া এটা দল লগত লৈ দখল কৰাৰ অভিযোগ উঠিছে । কেইদিনমান পূৰ্বে মহিলাগৰাকীৰ স্বামী ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হোৱাত চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ যোৱাৰ সুযোগ গ্ৰহণ কৰিয়েই এটা নিশাৰ ভিতৰত পৰিয়ালটোৰ ভূমি দখল কৰি দোকানঘৰ নিৰ্মাণ কৰা বুলিও অভিযোগ উত্থাপন কৰে মহিলাগৰাকীয়ে ।

আকৌ বটদ্ৰৱাত ভূমি বেদখল, মহিলাই উত্থাপন কৰিলে অভিযোগ (ETV Bharat Assam)

খিলঞ্জীয়া পৰিয়ালটোৰ ভূমি বেদখল কৰা সন্দৰ্ভত স্থানীয় ৰাজহ চক্ৰ বিষয়াৰ শৰণাপন্ন হয় পৰিয়ালটো । ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই সমগ্ৰ ঘটনা সন্দৰ্ভত অনুসন্ধান কৰি বেদখল কৰা হান্নান হক চৌধুৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে পত্ৰ প্ৰেৰণ কৰে যদিও এই পৰ্যন্ত বটদ্ৰৱা আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগো উত্থাপন কৰে মহিলাগৰাকীয়ে । নগাঁৱৰ ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই চলিত বৰ্ষৰ ৮ নৱেম্বৰত DCO.2024/1015 নম্বৰৰ এক নিৰ্দেশযোগে অনিয়মেৰে এটা পৰিয়ালৰ ভূমি দখল কৰাৰ পৰিপ্ৰেক্ষিতত ব্যৱস্থা গ্ৰহণৰ বাবে জনাই বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক ।

কিন্তু চক্ৰ বিষয়াই নিৰ্দেশনা দিয়াৰ পাছতো হান্নান চৌধুৰীৰ বিৰুদ্ধে বটদ্ৰৱা আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই অভিযুক্তই ওলোটাই পৰিয়ালটোক ভয়-ভাবুকি প্ৰদান কৰাৰো অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে । মহিলাগৰাকীৰ ভূমি বেদখল কৰাৰ অভিযোগ উঠা হান্নান চৌধুৰীয়ে অভিযোগ সন্দৰ্ভত এই বাতৰি প্ৰস্তুত কৰা পৰ্যন্ত কোনো মন্তব্য প্ৰকাশ কৰা নাই ।

লগতে পঢ়ক: কচুতলিত সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে পুনৰ উচ্ছেদৰ নিৰ্দেশ, ইটাভাটা ছীল

কচুতলীত পুনৰ বেদখলৰ চেষ্টা উচ্ছেদিত লোকৰ: কেইবাটাও বাসগৃহত বিদ্যুৎ সংযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.