"শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন
বহুবিধ পুষ্প বিকশিত বৃন্দাবন
দেখি যোগমায়া বলে হৰিষে তহিত
ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল চিত..."
ৰাস হৈছে এনে এটি উৎসৱ, য’ত শ্ৰীকৃষ্ণৰ লীলা-খেলাক অতি সুন্দৰভাৱে প্ৰদৰ্শন কৰা হয় । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সময়ৰ পৰাই অসমৰ ভিন্ন স্থানত এই উৎসৱ পালন কৰি অহা হৈছে । পোনপ্ৰথমে মাজুলীৰ দক্ষিণপাট সত্ৰত এই উৎসৱৰ আৰম্ভণি হৈছিল জানিব পৰা যায় । পিচলৈ ৰাসোৎসৱৰ প্ৰসাৰ গড়মূৰ, আউনীআটী, বেঙেনাআটী, কমলাবাৰী, ভোগপুৰ আদি সত্ৰলৈ ঘটে । ৰাসোৎসৱ অসমত অতীজৰে পৰা ৰাস পূৰ্ণিমাত পালন কৰি অহা হৈছে । অসমত যি সময়ত ৰাস পূৰ্ণিমা পালন কৰা হয় তেনেস্থলত অন্য ঠাই সমূহত এই উৎসৱক কাৰ্তিক পূৰ্ণিমা হিচাপে পালন কৰা হয় ৷
অসমত ৰাসোৎসৱৰ তিনিদিনক এক বিশেষ নামেৰে জনা যায় । প্ৰথমদিনা অধিবাস, দ্বিতীয়দিনা ৰাস আৰু তৃতীয় দিনা ইন্দ্ৰাভিষেক । ৰাস পূৰ্ণিমাৰ দিনা পুৱাৰ পৰা ৰাস পূজা আৰম্ভ হয় । সম্পূৰ্ণ দিনজুৰি নাম-প্ৰসংগৰ উপৰি গায়ন-বায়ন, নাম-কীৰ্তন, নটুৱা নাচ আদি চলি থাকে । নিশালৈ ৰাইজৰ সন্মুখত ৰাসলীলা প্ৰদৰ্শন হয় ।
ইতিহাস
শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ বিষয়ে কীৰ্তনঘোষা বা কেলিগোপাল নাটকৰ জৰিয়তে শ্ৰীমন্ত শংকৰদেৱে যি কাব্যিক বৰ্ণনা দি থৈ গৈছে সেই নাটকে আজিও আমাৰ মন চুই যায় ৷ ১৭৬২ শকৰ পৰা দক্ষিণপাট সত্ৰত ৰাসোৎসৱ উদযাপন হৈ আহিছে । অসমত ৰাস উৎযাপনৰ জৰিয়তে শ্ৰীকৃষ্ণৰ বাৎসল্য ৰূপ বা তেওঁ লীলাৰ বিষয়ে সুন্দৰভাৱে উপস্থাপন কৰা হয় ৷
অসমত অতীজৰে পৰাই আঘোণ মাহৰ পূৰ্ণিমাত ৰাস উৎসৱ পালন কৰা হয় । ১৭৬২ শকৰ পিচৰে পৰা এই উৎসৱ কমলাবাৰী, গড়মূৰ, ভোগপুৰ,আউনীআটী, বেঙেনাআটী, আদি সত্ৰত ৰাসোৎসৱ পালন কৰা হৈছিল । উল্লেখ্য যে, শ্ৰীকৃষ্ণৰ সুমধুৰ বংশীৰ ধ্বনিত মুগ্ধ হৈ গোপীসকলে নিজৰ সকলো কাম-কাজ ত্যাগ কৰি লগতে সংসাৰৰ সকলো মোহ ত্যাগ কৰি বৃন্দাবনলৈ ঢাপলি মেলিছিল আৰু শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত নিজকে সমৰ্পন কৰিছিল ।
প্ৰথমে শ্ৰীকৃষ্ণই গোপীসকলক স্ব-গৃহলৈ উভতি যাবলৈ অনুৰোধ কৰিছিল কাৰণ তেওঁলোকে সংসাৰৰ ধৰ্ম পালন কৰা উচিত । কিন্তু গোপীসকল নিজৰ মতত দৃঢ় আছিল আৰু ভগৱান ভক্তৰ অধীন । শ্ৰীকৃষ্ণই গোপীসকলৰ দৃঢ়ভক্তি দেখি তেওঁলোকৰ মনোকামনা পূৰণ কৰিবলৈ ৰাসলীলা আৰম্ভ কৰে । কিন্তু যেতিয়াই শ্ৰীকৃষ্ণ তেওঁলোকৰ অধীন বুলি ভাবি গোপীৰ মনবোৰ গৰ্ব-অহংকাৰেৰে ভৰি পৰিল, তেতিয়াই শ্ৰীকৃষ্ণ গোপীসকলৰ মাজৰ পৰা অন্তৰ্ধান হৈ পৰিল ।
শ্ৰীকৃষ্ণই যেতিয়া ৰাধাক লৈ অন্তৰ্ধান হ’ল তাৰ পিচতহে গোপীসকলে নিজৰ ভুল বুজিব পাৰিলে আৰু ভগৱানক ‘একমাত্ৰ মোৰ’ বুলি গণ্য কৰি যি অহংকাৰত তেওঁলোক বুৰ গৈছিল তাৰ পিচতে শ্ৰীকৃষ্ণক তেওঁলোকে হেৰুৱাবলগীয়া হ’ল । শ্ৰীকৃষ্ণ এই ত্ৰিজগতৰে পতি। তেওঁক কোনো মায়া-বান্ধোনেৰে বান্ধি ৰাখিব নোৱাৰে বুলি গোপীসকলে তেতিয়া বুজিব পাৰিলে ৷
বৰ্তমান যুগত আধুনিক গতিধাৰালৈ দৰ্শকৰ মন আকৰ্ষণ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি আধুনিক কলা-কৌশল ব্যৱস্থাৰে মঞ্চত বা থিয়েটাৰ ৰাস বহু দিনৰে পৰাই প্ৰদৰ্শিত হৈ আহিছে । শংকৰদেৱৰ ‘চিহ্নযাত্ৰা’ই আছিল মঞ্চাভিনয়ৰ প্ৰথম নিদৰ্শন ।
এনে ব্যৱস্থাৰ আৰ্হিতে ৰাসকো মঞ্চৰ জৰিয়তে অধিক আকৰ্ষণীয় ৰূপত প্ৰদৰ্শন কৰাৰ প্ৰয়াস কৰা হৈছে । এই আধুনিক কলা-কৌশলৰ ওপৰত গুৰুত্ব প্ৰকাশ কৰি প্ৰয়াত গড়মূৰীয়া সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে ৰাসলীলাক মঞ্চৰাসলৈ পৰিৱৰ্তন কৰিছিল । অৱশ্যে এতিয়াও কিছুমান সত্ৰই প্ৰাচীন পৰম্পৰা ৰক্ষা কৰি পূৰ্বৰ ৰাস প্ৰদৰ্শনৰ মূলস্থলী নামঘৰতেই ৰাস প্ৰদৰ্শন কৰি আহিছে ।
উজনি আৰু নামনি অসমৰ ৰাসোৎসৱৰ পাৰ্থক্য কি?
উজনি অসমৰ দৰে নামনি অসমতো এই ৰাস মহোৎসৱৰ প্ৰাধান্য দেখিবলৈ পোৱা যায় ৷ নামনি অসমৰ নলবাৰী, শুৱালকুছি, ৰামদিয়া, হাউলী, টিহু, পলাশবাৰী আদি অঞ্চলত ৰাস মহোৎসৱ পালিত হৈ আহিছে । কিন্তু উজনি আৰু নামনিৰ ৰাসৰ মাজত বহু পাৰ্থক্য দেখিবলৈ পোৱা যায়। নামনিত যদি মূৰ্তি ৰাস পালন কৰা হয় তেন্তে উজনি অসমৰ ফালে আকৌ পালন কৰা হয় জীৱন্ত ৰাস ৷ শ্ৰীকৃষ্ণৰ বিভিন্ন কৰ্মৰাজিক মৃণ্ময় মূৰ্তিসমূহৰ মাজেৰে সজাই তুলি এই ৰাস প্ৰদৰ্শন কৰা হয় । কালীয় দমন, পুতনা বধ, দধিমথন, কংসবধ, অঘাসুৰ বধ, বকাসুৰ বধ, বৃন্দাবনৰ ৰাসলীলা আদি মৃণ্ময় মূৰ্তিসমূহৰ জৰিয়তে সুন্দৰভাৱে উপস্থাপন কৰা হয় ।
আনহাতে, আকৌ নামনি অসমৰ ৰাসত বংগীয় প্ৰভাৱ দেখিবলৈ পোৱা যায় । বিভিন্ন আলোকসজ্জাৰে প্ৰদৰ্শনস্থলী সজাই দৰ্শকৰ মন আকৰ্ষণ কৰা আৰু জীৱন্ত ৰাস প্ৰদৰ্শিত কৰা হয় ।