ETV Bharat / state

চৰকাৰৰ প্ৰতি আস্থা হেৰুৱালে ন্যায়ালয়লৈ যোৱাৰ হুংকাৰ দুই সহস্ৰাধিক শিক্ষকৰ - UNCERTAINTY OF IRREGULAR TEACHERS

চাৰি বছৰে কৰ্মৰত ২২০০ অনিয়মীয়া শিক্ষকৰ নিযুক্তিৰ প্ৰসংগ ওলোমাই ৰাখিছে চৰকাৰে ।

irregular teachers demand
শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 19, 2024, 3:19 PM IST

গুৱাহাটী: ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ড এতিয়াও সমস্যামুক্ত হোৱা নাই । বিশেষকৈ শিক্ষকসকলে সন্মুখীন হৈ অহা সমস্যা এতিয়াও সম্পূৰ্ণৰূপে নিৰ্মূল হোৱা নাই । শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে শিক্ষকসকলৰ সমস্যা প্ৰায় সমাধা কৰা বুলি সততে সদৰী কৰে যদিও বাস্তৱত তেনে নহয় । এতিয়াও বিভিন্ন ক্ষেত্রৰ বহু শিক্ষকে নিজৰ প্ৰাপ্যৰ বাবে সংগ্ৰাম কৰি আহিবলগীয়া হৈছে । ইয়াৰ ভিতৰত আছে দুই সহস্ৰাধিক অনিয়মীয়া শিক্ষকৰ প্ৰসংগ ।

২২০০ অনিয়মীয়া শিক্ষকৰ নিযুক্তিত অনিশ্চয়তা

বিগত চাৰিটা বছৰে কৰ্মৰত ২২০০ অনিয়মীয়া শিক্ষকৰ নিযুক্তিৰ প্ৰসংগ ওলোমাই ৰাখিছে ৰাজ্য চৰকাৰে । এই শিক্ষকসকলৰ মাজত থকা ৯গৰাকীয়ে ন্যায়ালয়ৰ দ্বাৰস্থ হৈ ৰায় লাভ কৰাৰ পাছত আন অনিয়মীয়া শিক্ষকসকলে ন্যায়ালয়ৰ কাষ চপাৰ হুংকাৰ দিছে ।

উল্লেখ্য যে শিক্ষানুষ্ঠানত শিক্ষকৰ অভাৱত পাঠদানত ব্যাঘাত হোৱাত বিদ্যালয় পৰিচালনা সমিতি, জিলা পৰ্যায়ৰ উপদেষ্টা পৰিষদে ১৯৯১ চনৰ পৰা ২০০১ চনৰ ভিতৰত এইসকল শিক্ষকক নিযুক্তি দিছিল । এই শিক্ষকসকলে দৰমহাও লাভ কৰিছিল । কিন্তু পৰৱৰ্তী সময়ত এই শিক্ষকসকলৰ নিযুক্তি অবৈধ বুলি ঘোষণা কৰি ৰাজ্য চৰকাৰে দৰমহা বন্ধ কৰি দিয়ে । যাৰ ফলত তেওঁলোক হৈ পৰে বেতন বঞ্চিত শিক্ষক ।

২০২১ চনৰ নিৰ্বাচনৰ আগে আগে অর্থাৎ ২০২১ চনৰ ৩০ জানুৱাৰীত খানাপাৰাত বিভিন্ন বিভাগৰ লগতে ৪৫১১ গৰাকী অনিয়মীয়া শিক্ষকক নিয়মীয়া কৰি নিযুক্তি দিয়া হৈছিল । বিষয়াৰ ভুলৰ বাবে নিযুক্তিৰ তালিকাৰ পৰা বাদ পৰিছিল ২২০০ গৰাকী শিক্ষক । সেই সময়ৰ শিক্ষা বিভাগৰ দায়িত্বত থকা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তিৰ পৰা বাদ পৰা সকলৰ নিযুক্তিৰ বাবে এটা প'ৰ্টেল খোলাৰ কথা ঘোষণা কৰিছিল । কিন্তু সেই ঘোষণা মাথো ঘোষণাতে আৱদ্ধ থাকিল ।

ৰাজ্য চৰকাৰে আৰম্ভ নকৰিলে প'ৰ্টেল

ৰাজ্য চৰকাৰে কোনো প'ৰ্টেল আৰম্ভ নকৰিলে । অৱশ্যে নিযুক্তিৰ পৰা বাদ পৰি যোৱাসকলৰ নথি-পত্ৰ জমা লৈ সিদ্ধান্ত ল'বলৈ এখন উচ্চস্তৰীয় কমিটী গঠনৰ কথা ঘোষণা কৰা হৈছিল। বিদ্যালয় পৰিচালনা কমিটীয়ে যিসকলক নিযুক্তি দিছিল তেওঁলোকৰ ক্ষেত্ৰত চৰকাৰে একো কৰিব নোৱাৰে, কিন্তু যিসকলক চৰকাৰে নিযুক্তি দিছিল তেওঁলোকৰ মাজৰ এজনো যাতে বাদ পৰি নাযায় তাৰ বাবে ৩০-৪৫ দিনৰ ভিতৰত নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিল সেই সময়ৰ শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । প্রতিশ্রুতি অনুসৰি গঠন হোৱা উচ্চস্তৰীয় কমিটীয়ে চৰকাৰী ফাইল নং ২২১৬০১৩ৰ প্রথম পর্যায়ত ১১৯৫ গৰাকী আৰু দ্বিতীয় পৰ্যায়ত প্ৰায় ১০০০ শিক্ষকৰ তালিকা প্ৰস্তুত কৰিছিল । সেই সময়ৰ শিক্ষামন্ত্ৰীৰ প্ৰতিশ্ৰুতিৰ প্ৰায় চাৰিটা বছৰ অতিক্ৰম হ'ল যদিও ৰাজ্য চৰকাৰে নিযুক্তিৰ পৰা বাদ পৰি যোৱা ২২০০ গৰাকী শিক্ষকৰ বিষয়টো ওলোমাই ৰাখি তেওঁলোকক অনিশ্চয়তাত ৰাখিলে ।

সদৌ অসম কৰ্মৰত অনিয়মীয়া প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষক সন্থাই দিছপুৰলৈ তাঁতবাতি কাঢ়িও তেওঁলোকৰ সমস্যা সমাধানৰ বাট উলিয়াব পৰা নাই । উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই অনিয়মীয়া শিক্ষক সকলৰ মাজৰে ৯গৰাকী শিক্ষকৰ সপক্ষে ৰায় দিয়ে । এই সন্দৰ্ভত সদৌ অসম কৰ্মৰত অনিয়মীয়া প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষক সন্থাৰ অলপতে গুৱাহাটীত এখন সাধাৰণ সভা অনুষ্ঠিত হয় ।

সন্থাৰ সভানেত্রী কৈশ্যলা কুটুম, সাধাৰণ সম্পাদক আব্দুল মজিদ আহমেদ আৰু সম্পাদক জগদীশ বড়িয়ে কয় ," আমি ৰাজ্য চৰকাৰৰ বিষয়াৰ ওপৰত আস্থা ৰাখি এতিয়াও ন্যায়ালয়ৰ কাষ চপা নাই । উচ্চ ন্যায়ালয়ে ৯গৰাকী শিক্ষকৰ সপক্ষে ৰায় দিয়াৰ পাছত আন অনিয়মীয়া শিক্ষকক নিয়মীয়া কৰাৰ বাবে দাবীহে জনাইছে । ৰাজ্য চৰকাৰৰ বিষয়াৰ ভুলৰ বাবে আমি বাদ পৰি আছো । আমাক যদি নিয়মীয়াকৰণ কৰা নহয় তেন্তে আমি ন্যায়ালয়ৰ কাষ চাপিবলৈ বাধ্য হ'ম ।"

লগতে পঢ়ক:শৈক্ষিক দিনপঞ্জীৰ বৰ্হিভূত অতিৰিক্ত দায়িত্বৰ বোজা নোলোৱাৰ ঘোষণা ৰাজ্যৰ শিক্ষক সমাজৰ

শিক্ষকতাক চাকৰি হিচাপে নলৈ সেৱা হিচাপে গ্ৰহণ কৰিব লাগে : মুখ্যমন্ত্ৰী - Teachers day 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.