ETV Bharat / entertainment

৬-৭ ডিচেম্বৰত দ্বিতীয় বাৰ্ষিক ‘গন্ধৰ্ব নাট মহোৎসৱ’ - GANDHARBA DRAMA FESTIVAL

দৃষ্টান্ত, হালধীয়া মানুহ আৰু প্ৰিয়বন্ধুৰে জীপাল হ'ব ‘গন্ধৰ্ব নাট মহোৎসৱ’ ৷

GANDHARBA DRAMA FESTIVAL
৬-৭ ডিচেম্বৰত দ্বিতীয় বাৰ্ষিক ‘গন্ধৰ্ব নাট মহোৎসৱ’ (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Nov 19, 2024, 4:08 PM IST

হায়দৰাবাদ: গুৱাহাটীৰ মালিগাঁৱৰ বৰিপাৰাস্থিত অভিনয় আৰু সংগীত প্ৰতিষ্ঠান ‘গন্ধৰ্ব’ৰ বিংশতিতম বৰ্ষপূৰ্তি উপলক্ষে আগন্তুক ৬ আৰু ৭ ডিচেম্বৰত দুদিনীয়াকৈ দ্বিতীয় বাৰ্ষিক “গন্ধৰ্ব নাট মহোৎসৱ” মালিগাঁৱৰ বৰিপাৰাস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব ৷ প্ৰথম নিশাৰ নাট্য সন্ধিয়াটি বিখ্যাত শিল্পী সুদক্ষিণা শৰ্মাৰ সোঁৱৰণত ‘গন্ধৰ্ব’ৰ স্ব-প্ৰযোজনাত হিমজ্যোতি বৈশ্যৰ ৰচনা আৰু ধ্ৰুৱজ্যোতি কুমাৰৰ পৰিচালনাত ‘দৃষ্টান্ত’ আৰু বিশিষ্ট নাট্যকাৰ নৰেন পাটগিৰিৰ ৰচনা আৰু পৰিচালনাত ভাৰতীয় গণনাট্য সংঘৰ প্ৰযোজনাত ‘প্ৰিয়বন্ধু’ নাটক দুখন সন্ধিয়া ৬.৩০ বজাৰ পৰা মঞ্চস্থ কৰাৰ লগতে দ্বিতীয় নিশাৰ নাট্য সন্ধিয়াটি অভিনেতা জয়ন্ত দাসৰ সোঁৱৰণত নটসূৰ্য, গুৱাহাটীৰ প্ৰযোজনাত নাট্যকাৰ অভিজিৎ ৰঞ্জন ভট্টাচাৰ্য্যৰ ৰচনা আৰু মন্মথ বৰুৱাৰ পৰিচালনাত ‘হালধীয়া মানুহ’ নাটখন সন্ধিয়া ৬.৩০ বজাত মঞ্চস্থ কৰা হব । এই কথা জানিবলৈ দিছে ‘গন্ধৰ্ব’ৰ সভাপতি গৌতম কুমাৰ আৰু সম্পাদক ধ্ৰুৱজ্যোতি কুমাৰে ৷

লগতে পঢ়ক: ধেমাজিত চলিছে নাটক...

নাট মহোৎসৱৰ লগত সংগতি ৰাখি পোন প্ৰথমবাৰৰ বাবে ‘গন্ধৰ্ব’ই প্ৰকাশ কৰি উলিওৱা বিশিষ্ট সাংস্কৃতিক সাংবাদিক তথা লেখক অতুল মজুমদাৰ’ৰ ‘নাট্য প্ৰবাহ’ নামৰ গ্ৰন্থখনি উন্মোচন কৰিব নাট্যকাৰ নৰেন পাটগিৰিয়ে প্ৰথম নিশাৰ নাট্য সন্ধিয়াটিত । দ্বিতীয় নিশা অৰ্থাৎ ৭ ডিচেম্বৰত বিচমিল্লা খাঁ বঁটা প্ৰাপক ডিম্পী বৈশ্যৰ সত্ৰীয়া নৃত্যৰে সেইদিনাৰ সন্ধিয়াটি শুভাৰম্ভনি কৰা হব ।

‘গন্ধৰ্ব’ৰ বিংশতিতম বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি ৭ ডিচেম্বৰৰ আবেলি ৩ বজাৰ পৰা প্ৰথম শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ জীৱন শিল্পী আদ্য শৰ্মা সোঁৱৰণী ‘চিত্ৰাংকণ প্ৰতিযোগিতা’ আৰু ৮ ডিচেম্বৰৰ পুৱা ১০ বজাৰ পৰা চতুৰ্দশ বাৰ্ষিক সদৌ অসম ভিত্তিত ‘ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা’ দুটা শাখাত অনুষ্ঠিত হ’ব (‘ক’ শাখা ১৫ বছৰ তলৰ আৰু ‘খ’ শাখা ১৫ বছৰ ওপৰৰ)৷ প্ৰতিযোগীয়ে বয়সৰ প্ৰমাণ পত্ৰ জমা দিয়াটো বাধ্যতামূলক ৷

প্ৰতিযোগিতাত বাদ্যযন্ত্ৰী উদ্যোক্তাৰ তৰফৰ পৰা যোগান ধৰা হ’ব ৷ প্ৰতিযোগিতাত প্ৰতিযোগীৰ সাঁজপাৰ মাৰ্জিত হোৱাটো বাঞ্ছনীয় ৷ যিকোনো সিদ্ধান্তৰ ক্ষেত্ৰত কমিটীৰ সিদ্ধান্ত চূড়ান্ত বুলি বিবেচিত হ’ব ৷ ৮ ডিচেম্বৰত সন্ধিয়া ৭ বজাত বঁটা বিতৰণী অনুষ্ঠানত নগদ ধন আৰু চূড়ান্ত বঁটাৰ লগতে প্ৰমাণ-পত্ৰ বিজয়ী প্ৰতিযোগীক প্ৰদান কৰি সাংস্কৃতিক অনুষ্ঠানেৰে গন্ধৰ্বৰ বৰ্ষপূতিৰ সামৰণি ঘটিব । সবিশেষ জানিবৰ বাবে ৯৮৬৪১-৩০৫৭২, ৯৩৬৫৩-৪৩১৯৫, ৭০০২৮-৪৭২৪০ – এই নম্বৰসমূহত যোগাযোগ কৰিব পাৰিব বুলি ‘গন্ধৰ্ব’ই জনাইছে ৷

লগতে পঢ়ক: লণ্ডনৰ পৰা বিশ্বযাত্ৰা: মঞ্চত অসমৰ বৰ্ষা-ইটালীৰ ফেডেৰিকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.