গুৱাহাটী: ‘মুখ্যমন্ত্ৰীৰ চকীখন এতিয়া থৰক-বৰক, কেতিয়া দিলীপ শইকীয়া IN আৰু হিমন্ত বিশ্ব শৰ্মা OUT হয় তাৰ ঠিক নাই ৷’ ‘মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি আৰু অন্যান্য কেলেংকাৰীৰ কথা তল পেলাবলৈ এতিয়া মুখ্যমন্ত্ৰীয়ে আবোল-তাবোল বকি আছে ৷’ —মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বুধবাৰে পোনপটীয়া আক্ৰমণ বিৰোধীৰ উপ দলপতি তথা কংগ্ৰেছ নেতা সাংসদ গৌৰৱ গগৈৰ । কিন্তু কিয় এই আক্ৰমণ গৌৰৱ গগৈৰ ? এক অনাকাংক্ষিত বিতৰ্কত লোকসভাৰ উপ দলপতি সাংসদ গৌৰৱ গগৈৰ পত্নী । তাকে লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ বৌদ্ধিক আক্ৰমণ-প্ৰত্যাক্ৰমণ ।
গুজৰাটৰ মিষ্টাৰ সিনহা আৰু ঋষি বাগ্ৰী নামৰ সামাজিক মাধ্যমত ৰাজনৈতিক বিষয়ত সক্ৰিয় দুজন ব্যক্তিয়ে গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ অনিছিল । ইয়াৰে মিষ্টাৰ সিনহা নামৰ ৰাজনৈতিক ভাষ্যকাৰ লোকজনে X যোগে পোষ্ট দিছিল যে গৌৰৱ গগৈৰ বিদেশী পত্নী ISI ৰ লগত জড়িত থকা বুলি । অভিযোগ তুলিছিল গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ ISI লিংক থকা বুলি । এই প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই X যোগে পৰোক্ষ আক্ৰমণৰ কাঁড় এৰে গৌৰৱ গগৈলৈ ।
তাকে লৈ এতিয়া লোকসভাৰ বিৰোধীৰ উপ দলপতি সাংসদ গৌৰৱ গগৈ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত মুকলি আক্ৰমণ-প্ৰত্যাক্ৰমণ আৰম্ভ হৈছে ।
পত্নী যদি ISI এজেণ্ট তেন্তে, মই ভাৰতৰ RAW ৰ এজেন্ট:
‘মোৰ পত্নী যদি পাকিস্তানৰ ISI এজেন্ট হয়, তেতিয়াহ’লে মই ভাৰতৰ RAW ৰ এজেন্ট ৷’—বুধবাৰে এই মন্তব্য কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ । বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাম উল্লেখ নকৰাকৈ সামাজিক মাধ্যমযোগে সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীক টাৰ্গেট কৰি লৈছিল । গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত তাৰেই প্ৰত্যুত্তৰ দিয়ে গৌৰৱ গগৈয়ে । গৌৰৱ গগৈয়ে কয়, “মুখ্যমন্ত্ৰীৰ চকীখন এতিয়া থৰক বৰক, কেতিয়া দিলীপ শইকীয়া IN আৰু হিমন্ত বিশ্ব শৰ্মা OUT হয় তাৰ ঠিক নাই ৷ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি আৰু অন্যান্য কেলেংকাৰীৰ কথা তল পেলাবলৈ এতিয়া আবোল-তাবোল বকি আছে ৷ মই মোৰ পৰিয়ালৰ অপপ্ৰচাৰ যোৱা লোকসভা নিৰ্বাচনৰ সময়তহে পাইছিলো ৷ এইবাৰ বহু আগতেই পালো ৷ বিধানসভা নিৰ্বাচন আহি আছে বাবে এতিয়া এয়া অপপ্ৰচাৰ পাইছো ৷”
মাটিৰ অভিযোগ তল পেলাবলৈহে মুখ্যমন্ত্ৰীৰ এইবোৰ অভিযোগ:
ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মাটিকে ধৰি আন বিতৰ্কৰ কথা উল্লেখ কৰি গৌৰৱ গগৈয়ে লগতে ক’লে, “মোৰ পত্নী যদি পাকিস্তানৰ ISI এজেন্ট হয় তেতিয়াহ’লে মই ভাৰতৰ RAW ৰ এজেন্ট ৷ যিটো পৰিয়ালৰ বিৰুদ্ধে বিভিন্ন গোচৰ আৰু বহু অভিযোগ উঠি আছে, তেনে পৰিয়ালে যদি মোৰ বিৰুদ্ধে অভিযোগ তোলে তেন্তে মোৰ আপত্তি নাই ৷ নিজৰ অভিযোগ তল পেলাবলৈহে মুখ্যমন্ত্ৰীয়ে এইবোৰ অভিযোগ তুলি আছে ৷”
Getting more details about this case filed by a senior Supreme Court advocate. The disputed land used to be in my old Lok Sabha Kaliabor. Maybe this case is why my old constituency was terminated during delimitation. https://t.co/LZTb5uhvYT
— Gaurav Gogoi (@GauravGogoiAsm) February 12, 2025
Xযোগে কি অভিযোগ গুজৰাটৰ মিষ্ৰটাৰ সিনহাৰ :
সাংসদ গৌৰৱ গগৈৰ সহধৰ্মিনীৰ বিৰুদ্ধে গুজৰাটৰ মিষ্টাৰ সিনহা নামৰ লোকজনে সাংসদ গৌৰৱ গগৈৰ সহধৰ্মিনী এলিজাবেথ কাল’বাৰ্ণৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ সামাজিক মাধ্যমযোগে উত্থাপন কৰিছিল । ইয়াৰ আলম লৈ অসমত একাধিক সংবাদ মাধ্যমে বাতৰিও প্ৰচাৰ কৰে । তাৰ পিছতেই আৰম্ভ হয় খোদ অসমৰ মুখ্যমন্ত্ৰীৰ সামাজিক মাধ্যমত গৌৰৱ গগৈৰ প্ৰতি আক্ৰমণাত্মক মন্তব্য ৷
Serious questions need to be answered regarding allegations of ISI links, leading young individuals to the Pakistan Embassy for brainwashing and radicalization, and the refusal to take Indian citizenship for the past 12 years. Additionally, participation in a conversion cartel…
— Himanta Biswa Sarma (@himantabiswa) February 12, 2025
মিষ্টাৰ সিনহা আৰু ঋষি বাগ্ৰী নামৰ লোক দুজনৰ
অভিযোগ যে গৌৰৱ গগৈ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈয়ে পাকিস্তানৰ সৈতে ৰক্ষা কৰিছিল ঘনিষ্ঠ সম্পৰ্ক । তাৰ উপৰিও মাৰ্কিন ‘ডীপষ্টেট’ৰ প্ৰবক্তা তথা ৰাষ্ট্ৰীয়তাবাদ বিৰোধী হিচাপে পৰিচিত জৰ্জ ছৰছৰ সৈতেও এলিজাবেথ ক’লবাৰ্ণ গগৈয়ে কাম কৰাৰ অভিযোগ তোলে লোক দুজনে । এই লৈ দুই-এটা সংবাদ মাধ্যমত বাতৰিও অসমত পৰিৱেশিত হয় ৷ যিটো বিষয় লৈ আজি সামাজিক মাধ্যম যোগে কাৰো নাম নোলোৱাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আক্ৰমণাত্মক হৈ পৰে । তাৰ পিছতেই বুধবাৰে পত্নী ISI ৰ লগত জড়িত থকাৰ কথা চলি থকা বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া হিচাপে বৰঝাৰ বিমান বন্দৰত মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰীক সমালোচনা কৰে গৌৰৱ গগৈয়ে ৷
উল্লেখ্য যে বিতৰ্ক উত্থাপন কৰি লোক দুজনে মন্তব্য কৰিছিল যে গৌৰৱৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ, বিয়া হোৱাৰ পূৰ্বে এটা এনজিঅ’ৰ লগত জড়িত হৈ আছিল । গৌৰৱ গগৈৰ সৈতে বিয়া হোৱাৰ পূৰ্বে এলিজাবেথ ক’লবাৰ্ণ পাকিস্তানৰ 'লীড' নামৰ এটা এনজিঅ’ৰ হৈ ভাৰতত কাম কৰি আছিল । লোক দুজনৰ মতে আলী তাকিৰ শ্বেখ নামৰ এজন পাকিস্তানী নাগৰিক এই এনজিঅ’টোৰ মূৰব্বী আছিল ।
In Assam the PWD department under the Chief Minister of Assam keeps coming in news for the wrong reasons. https://t.co/02hhqRDpnp
— Gaurav Gogoi (@GauravGogoiAsm) February 12, 2025
কেৱল সাংবাদিকৰ সন্মুখতেই নহয় মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীক লৈ একাধিক মন্তব্যৰে সামাজিক মাধ্যম X ত গৌৰৱ গগৈয়ে প্ৰত্যাক্ৰমণ অব্যাহত ৰাখে বুধবাৰৰ দিনটোত ।
লগতে পঢ়ক: মোৰ পত্নী যদি পাকিস্তানী এজেণ্ট, মই ভাৰতীয় এজেণ্ট: গৌৰৱ গগৈ