বোকাখাত, 12 মাৰ্চ : বোকাখাতত উত্তপ্ত পৰিস্থিতি ৷ মাটি সংক্ৰান্তীয় বিবাদৰ বাবে সোমবাৰে সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ ৷ বোকাখাত চক্ৰ বিষয়া কাৰ্যালয়ৰ একাংশ মণ্ডল তথা কৰ্মচাৰীক মেনেজ কৰি দালালি চলোৱাৰ অভিযোগ উত্থাপন হৈছে সুজিৎ সিং নামৰ এজন লোকৰ বিৰুদ্ধে ৷
ঘটনা সন্দৰ্ভত জানিব পৰা মতে, কাজিৰঙাৰ একাংশ লোকে মাটিৰ সমস্যা সমাধান কৰিবৰ অৰ্থে সহায় বিচাৰিছিল বোকাখাতৰ সুজিৎ দাস নামৰ লোকজনৰ পৰা ৷ ইয়াৰ বাবে কিছু ধনো ব্যক্তিজনক প্ৰদান কৰা হৈছিল বুলি জানিবলৈ দিয়ে ভুক্তভোগী লোকে ৷ কিন্তু, মাটিৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত অপাৰগ হোৱাত ভুক্তভোগীসকলে সোমবাৰে বোকাখাতৰ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ সুজিৎ সিঙক মাতে ৷
সুজিৎ সিং চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ লগে লগেই ভুক্তভোগীসকলে মাটিৰ দালালিত জড়িত থকা বুলি অভিযোগ থকা সিঙৰ পৰা টকাখিনি উভতাই বিচাৰে ৷ সেই কথাতে সুজিৎ সিং খৰ্গহস্ত হৈ পৰে আৰু ভুক্তভোগী একাংশ মহিলাৰক অভব্য আচৰণ কৰে বুলি অভিযোগ তুলিছে ভুক্তভোগী লোকে ৷