অসম

assam

'ডেষ্টিনেশ্যন' লকআপ ! ডিব্ৰুগড় ক্লাৱ হাউচৰ পৰা পোনে পোনে লক আপলৈ - Dibrugarh police station

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 10:10 PM IST

Updated : Sep 12, 2024, 10:30 PM IST

Sumi Borah and Tarkik Borah: সকলোৰে মুখে মুখে এতিয়া চুমী আখ্যান ৷ প্ৰথমতে চুমীৰ পলায়ন, তাৰ পাছত চুমীৰ আত্মসমৰ্পণ আৰু এতিয়া আটক কৰাৰ পাছত নিশা ক’ত ৰখা হ’ব চুমীক ! ইয়াৰ মাজতে চৰ্চা লাভ কৰিছে ডিব্ৰুগড় সদৰ থানাৰ এটা দৃশ্যই ৷ থানাৰ ভিতৰত চলিছে উথপথপ পৰিবেশ, মহিলা লক আপৰ মকৰাজাল আতঁৰালে আৰক্ষীয়ে ৷ চুমীক ৰাখিবলৈ সাজু কৰা হৈছে মহিলা লক আপ ৷

Sumi Borah and Tarkik Borah
ডিব্ৰুগড় ক্লাৱ হাউচৰ পৰা পোনে পোনে লকআপলৈ (ETV Bharat Assam)

ডিব্ৰুগড়, ১২ ছেপ্টেম্বৰ:ছ’চিয়েল মিডিয়াৰ পৰা সংবাদ মাধ্যমলৈ সকলোৰে চৰ্চিত বিষয় এতিয়া মাত্ৰ চুমী ৷ আত্মসমৰ্পণেই হওক বা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰক,অৱশেষত লকআপত সোমাল চুমী বৰা আৰু স্বামী তাৰ্কিক বৰা ৷ চুমী-তাৰ্কিকক আটক কৰাৰ পাছৰে পৰা তেওঁলোকক ৰাজ আতিথ্য দিয়া বুলি সৰ্বত্ৰে ব্যাপক চৰ্চা চলিছিল ৷ চৰ্চা চলিছিল চুমী-তাৰ্কিকক আৰক্ষীয়ে নিজৰ জিম্মাত লৈ কোনো অজ্ঞাত স্থান অৰ্থাৎ আৰক্ষীৰ অতিথিশালা বা কোনো হোটেলত ৰাখি জেৰা চলাব । কিন্তু ইয়াৰ মাজতে পোহৰলৈ আহিছে, নিশা ক’ত ৰখা হ’ব চুমী বৰাক ৷ ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ এটা দৃশ্যই স্পষ্ট কৰিছে সকলো কথা ৷

ডিব্ৰুগড় ক্লাৱ হাউচৰ পৰা পোনে পোনে লকআপলৈ (ETV Bharat Assam)

লগতে পঢ়ক:চুমী-তাৰ্কিকক ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ - Sumi Tarkik latest news

নিশা ক’ত ৰখা হ’ব চুমী বৰাক :

চুমী আৰু তাৰ্কিক বৰাই আত্মসমৰ্পণ কৰা পাছতে সংবাদ মাধ্যমৰ পৰা লুকুৱাই লৈ যোৱা হৈছিল ডিব্ৰুগড় চহৰৰ মাজমজিয়াত থকা বিলাসী হোটেল ডিব্ৰুগড় ক্লাৱ হাউচলৈ । আত্মসমৰ্পণৰ পাছত আৰক্ষীৰ এটি বৃহৎ দলৰ সৈতে পুৱা ৫.৩০ বজাত ডিব্ৰুগড়ৰ ক্লাৱ হাউচত উপস্থিত হৈ গা-ধুই, চাহ-ৰুটি খাই ২১ নম্বৰ ৰূমত দুঘন্টা জিৰণি লৈছিল চুমী আৰু তাৰ্কিকে । প্ৰায় দহ দিন পলাই থকা চুমী-তাৰ্কিকক ৰাজ আতিথ্য দিয়া সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি পৰিবেশন হোৱাৰ পিছতেই আৰক্ষীয়ে সলনি কৰিলে সিদ্ধান্ত । এই অনুসৰি ডিব্ৰুগড় সদৰ থানাৰ লকআপতে ৰখা হ'ব আৰক্ষীৰ জিম্মাত লোৱা চুমী বৰাক ।

লগতে পঢ়ক:বিলাসী হোটেলত ব্ৰেকফাষ্ট ! চুমী-তাৰ্কিকক দিয়া হৈছে নেকি ৰাজ আতিথ্য ? - Stock Trading scam

চুমীৰ লক আপক সাজু কৰাত ব্যস্ত থানাৰ কৰ্মচাৰী:

চুমীক ডিব্ৰুগড় সদৰ থানাৰ লক আপতে ৰখাৰ সিদ্ধান্ত গ্ৰহণৰ পাছতেই উথপথপ পৰিবেশৰ সৃষ্টি হৈছে থানাত ৷ মহিলা লক আপৰ ভিতৰত পৰি থকা পুৰণি সা-সামগ্ৰী চাফা কৰি চুমীৰ থকাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে । অনলাইন ট্ৰেডিং প্ৰৱঞ্চনা কৰি কোটি কোটি টকা সংগ্ৰহ কৰি অতি বিলাসী জীৱন কটোৱা বিশাল ফুকনক ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰা পাছতে চৰ্চালৈ আহিছিল চুমী বৰা । প্ৰায় দহ দিন সামাজিক মাধ্যমৰ পৰা ৰাজ্যৰ সংবাদ মাধ্যমত চৰ্চিত বিষয় হৈ পৰিছিল চুমী বৰা । ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা বিৰোধী ৰাজনৈতিক নেতাৰ মুখতো চৰ্চিত হৈছিল অভিনেত্ৰী-কৰিঅ’গ্ৰাফাৰ চুমী । কিয়নো ইতিমধ্যে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ অতিথি হোৱা বিশাল ফুকনক ভাতৃ পাতি লৈছিল অভিনেত্ৰী চুমী বৰাই ।

লগতে পঢ়ক:লোকচক্ষুৰ পৰা আঁতৰি 7 দিনে ক’ত আছিল তাৰ্কিক বৰা-চুমী বৰা ! - Sumi Tarkik latest news

৫ দিনৰ আৰক্ষীৰ জিম্মালৈ চুমী-তাৰ্কিক:

বিশাল ফুকনক আৰক্ষীয়ে আটক কৰা পাছতেই আত্মগোপন কৰিছিল চুমী বৰা আৰু ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক । কিন্তু বুধবাৰে নিজকে নিৰ্দোষী বুলি দাবী কৰি অজ্ঞাত স্থানৰ পৰা ভিডিঅ' প্ৰস্তুত কৰি আত্মসমৰ্পণ কৰাৰ কথা জনাইছিল চুমীয়ে । STFৰ ওচৰত আত্মসমৰ্পণ কৰা পাছতে গ্ৰেপ্তাৰ কৰা হয় চুমী-তাৰ্কিকক । STF ৰ পৰা ডিব্ৰুগড় আৰক্ষীয়ে চুমী-তাৰ্কিকৰ জিম্মা লৈ ডিব্ৰুগড় সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰে ৷ আদালতে ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিলে দুয়োকে । ইয়াৰ পাছত পুনৰ সদৰ থানালৈ অনা হয় চুমী-তাৰ্কিকক ।

লগতে পঢ়ক:লোকচক্ষুৰ পৰা আঁতৰি 7 দিনে ক’ত আছিল তাৰ্কিক বৰা-চুমী বৰা ! - Sumi Tarkik latest news

এছ টি এফে ডিব্ৰুগড় আৰক্ষীক গতালে চুমী-তাৰ্কিক: চিআইডিয়ে চলাব জেৰা - STF trap Sumi and Tarkik

ডিব্ৰুগড়ত আটক চুমী, বৰঝাৰতো আৰক্ষীৰ জালত পৰিল প্ৰায় ১০০ কোটি টকাৰ কেলেংকাৰীত জড়িত মাইনাও ব্ৰহ্ম - Online trading scam

Last Updated : Sep 12, 2024, 10:30 PM IST

ABOUT THE AUTHOR

...view details