তেজপুৰ, ২৫ ফেব্ৰুৱাৰী :তেজপুৰৰ পশ্চিম শোণিতপুৰ বন সংমণ্ডলৰ অন্তৰ্গত বিহগুৰিত এটা পোৱালি হাতীৰ মৃত্যু হয় ৷ জানিব পৰা মতে, শনিবাৰে নিশা বিহগুৰি কলিতাগাঁৱত প্ৰায় ১০ টা হাতীৰ জাকে প্ৰৱেশ কৰিছিল । সেই দলটোত অসুস্থ অৱস্থাত দেখা গৈছিল এটা পোৱালি হাতীক ।
শনিবাৰে নিশা বন বিভাগৰ লোকসকলে বনৰীয়া হাতীৰ জাকটোক গাঁৱৰ পৰা খেদি পঠিয়াই যদিও শাৰীৰিক অসুস্থতাৰ বাবে পোৱালি হাতীটো উক্ত স্থানতে ৰৈ যায় ৷ তেনে পৰিস্থিতিত স্থানীয় লোকে নিশা পোৱালি হাতীটোৰ বাবে খাদ্যৰ ব্যৱস্থা কৰে যদিও অৱশেষত মৃত্যুক আঁকোৱালি লয় হাতীটোৱে ।
পশ্চিম শোণিতপুৰৰ সহকাৰী বন সংৰক্ষক গৌতম মহন্তই জনোৱা মতে যোৱা নিশা প্ৰায় ৩ বছৰীয়া পোৱালি হাতীটো সেই অঞ্চললৈ আহিছিল ৷ নিশা প্ৰায় ১০ বজাত কেইবাটাও হাতীৰ সৈতে অহা পোৱালিটো গাঁৱত প্ৰৱেশ কৰাৰ পিচতে পথাৰত বাগৰি পৰে ।