অসম

assam

ETV Bharat / state

"মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনি"ৰ বিষয়ে কি ক’লে ছাত্ৰীয়ে ? - MUKHYA MANTRI NIJUT MOINA SCHEME

Assam Govt new scheme : অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত ৰাজ্যিক কেবিনেটে ৰাজ্য চৰকাৰৰ অভিলাষী 'মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনি'ৰ অনুমোদন জনায় ৷ ইয়াৰ পিচতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ শুনক কি ক’লে ছাত্ৰী আৰু অধ্যাপিকাই...

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 6:54 AM IST

MUKHYA MANTRI NIJUT MOINA SCHEME
"মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনি"ৰ বিষয়ে কি ক’লে ছাত্ৰীয়ে ? (ETV BHARAT ASSAM)

কলিয়াবৰ, 14 জুন :যোৱা 12 জুনতঅসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত ৰাজ্যৰমুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 'মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনি'ক অনুমোদন জনোৱাৰ কথা ঘোষণা কৰে ৷ এই আঁচনিৰ জৰিয়তে উচ্চতৰ মাধ্যমিকৰ‌ পৰা স্নাতকোত্তৰ মহলালৈ ছাত্ৰীসকল আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হয় ৷ এতিয়া ইয়াৰ পিচতে উৎফুল্লিত হৈ পৰিছে ছাত্ৰীসকল ।

"মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনি"ৰ বিষয়ে কি ক’লে ছাত্ৰীয়ে ? (ETV BHARAT ASSAM)

ইয়াৰ পিচতেই কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰীসকলেও প্ৰশংসাৰে উপচাই পেলাইছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক । কলিয়াবৰৰ দৰে এক গ্ৰাম্যাঞ্চলত এই আঁচনিৰ জৰিয়তে বহু ছাত্ৰীৰ উচ্চ শিক্ষা গ্ৰহণৰ হেঁপাহ পূৰ্ণ হ'ব বুলি আশা প্ৰকাশ কৰিছে ছাত্ৰী তথা অধ্যাপিকাই । এই আঁচনিখনৰ অধীনত 10 লাখ ছাত্রীক নামভর্তিৰ ক্ষেত্রত উদগনি হিচাপে ৰাজ্য চৰকাৰে বিত্তীয় অনুদান আগবঢ়াব । যাতে ছাত্রীসকলে উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ পর্যায়লৈকে অধ্যয়ন অব্যাহত ৰাখিব পাৰে । এই আঁচনিখনৰ বাবদ ৰাজ্য চৰকাৰে 240 কোটি টকা ব্যয় ধাৰ্য কৰিছে ।

এই বৰ্ষৰ 11 অক্টোবৰত প্ৰথম কিস্তিৰ ধন লাভ কৰিব ছাত্ৰীসকলে । শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰীক সবলীকৰণৰ বাবে চৰকাৰে আৰম্ভ কৰা ‘মুখ্যমন্ত্রী মইনা নিযুত আঁচনি’ৰ বাবে ইচ্ছুক আবেদনকাৰীয়ে ইয়াৰ অফিচিয়েল প’ৰ্টেলৰ পৰা অনলাইনযোগে আবেদন কৰিব পাৰিব। এই আঁচনিখনৰ যোগেদি মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্রীসকলে একাদশ শ্ৰেণীত নামভৰ্তি কৰিবলৈ লাভ কৰিব 10 হাজাৰ টকা । সেইদৰে স্নাতকত নামভৰ্তিৰ বাবে ছাত্রীসকলে লাভ কৰিব 12,500 টকা ।

আনহাতে, স্নাতকোত্তৰ পাঠ্যক্ৰমৰ প্ৰথম বছৰ আৰম্ভ কৰা ছাত্ৰীসকলে লাভ কৰিব 15 হাজাৰ টকা । লক্ষণীয় বিষয় যে মুখ্যমন্ত্রী নিযুত মইনা আঁচনি এক স্বতন্ত্ৰ তথা সুকীয়া আচঁনি । ছাত্ৰ-ছাত্ৰীৰ বাবে ইতিমধ্যে উপলব্ধ সুবিধাসমূহৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ নপৰে ।

আনহাতে, এইবাৰ উচ্চতৰ মাধ্যমিকত 60 শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীয়ে চৰকাৰী স্কুটী লাভ কৰিব যদিও অহাবাৰৰ পৰা 75 শতাংশৰ ওপৰত লাভ কৰিলেহে স্কুটী লাভ কৰিব ছাত্ৰীসকলে ।

লগতে পঢ়ক:উচ্চতৰ মাধ্যমিকৰ পৰাই প্ৰতিমাহে ছাত্ৰীৰ একাউণ্টত সোমাব ধন, কিন্তু কেনেকৈ ? - Mukhya Mantri Nijut Moina Scheme

ABOUT THE AUTHOR

...view details