কলগাছিয়া,৭ ছেপ্টেম্বৰ :বছৰ বছৰ ধৰি বৰপেটা জিলাত বেকী নৈৰ খহনীয়া অব্যাহত আছে । খহনীয়াই ইতিমধ্যে বহুতৰে সপোন ভাঙিছে । বহু লোকৰ ঘৰ, অনুষ্ঠান-প্ৰতিষ্ঠান আদি নৈৰ বুকুত জাহ গৈছে । কেইবাখনো বিদ্যালয়ো ইতিমধ্যে বান আৰু খহনীয়াৰ কবলত পৰিছে । তাৰ ভিতৰত অন্যতম কলগাছিয়াৰ ১৬৬৯ নং কাউৰঝাহী প্ৰাথমিক বিদ্যালয় । বিদ্যালয়খনৰ সীমাবেৰ ইতিমধ্যে খহনীয়াত ধ্বংস হৈছে । এনে পৰিস্থিতিত বিদ্যালয়খনলৈও আহিছে ভাবুকি । যাৰ বাবে বিদ্যালয়খনৰ ১৬০ গৰাকী শিক্ষাৰ্থী তথা শিক্ষক-শিক্ষয়িত্ৰীসকল শংকিত হৈ পৰিছে ।
শিক্ষাৰ্থীৰ প্ৰতিবাদ
ফলস্বৰূপে বিদ্যালয়খনৰ অস্তিত্ব ৰক্ষাৰ বাবে শিক্ষাৰ্থী আৰু স্থানীয় লোকসকলে চৰকাৰক আহ্বান জনাইছে । তাৰ অংশ হিচাপে শনিবাৰে কলগাছিয়াৰ বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে প্ৰখৰ ৰ'দত নৈৰ পাৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । বেকীৰ গৰাখহনীয়াৰ কবলৰ পৰা বিদ্যালয়খন ৰক্ষা কৰাৰ বাবে শিক্ষাৰ্থীসকলে প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকে অসমৰ মুখ্যমন্ত্ৰীক জনপ্ৰিয় 'মামা' বুলি সম্বোধন কৰি বিদ্যালয়খনক খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ কাতৰ আহ্বান জনায় । এগৰাকী শিক্ষাৰ্থীয়ে কয়,"হিমন্ত মামা আমাৰ বিদ্যালয়খন ৰক্ষা কৰক । আমাৰ বিদ্যালয়খন নদীয়ে ভাঙি লৈ গৈছে ।"