অসম

assam

ETV Bharat / state

নগাঁৱত শতাধিক ছাত্ৰ নেতাৰ বিজেপিত যোগদান - Lok Sabha election 2024

Lok Sabha election 2024: লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ । নগাঁৱত বিজেপিৰ যোগদান কাৰ্যসূচী । শতাধিক ছাত্ৰ নেতাৰ বিজেপিত যোগদান । নগাঁৱৰ মূল যুঁজ বিজেপি আৰু এ আই ইউ ডি এফৰ মাজত হ'ব বুলি যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই ।

Student leader joins BJP in Nagaon in presence of MLA Rupak Sharma
নগাঁৱত শতাধিক ছাত্ৰ নেতাৰ বিজেপিত যোগদান

By ETV Bharat Assamese Team

Published : Mar 14, 2024, 4:44 PM IST

নগাঁৱত শতাধিক ছাত্ৰ নেতাৰ বিজেপিত যোগদান

নগাঁও,১৪ মাৰ্চ: লোকসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ । বিশেষকৈ সমষ্টি পুনৰনিৰ্ধাৰণৰ পিচৰ পৰাই সৰ্বাধিক চৰ্চিত লোকসভা সমষ্টি হিচাপে পৰিগণিত হৈছে নগাঁও লোকসভা সমষ্টিক । নগাঁও লোকসভা সমষ্টিৰ বাবে এ আই ইউ ডি এফ দলে বিধায়ক অমিনুল ইছলামৰ নাম ইতিপূৰ্বেই ঘোষণা কৰি দলটোৱে অব্যাহত ৰাখিছে ব্যাপক প্ৰচাৰ অভিযান ।

কিন্তু নগাঁও লোকসভা সমষ্টিৰ বাবে দ্বিতীয়গৰাকী প্ৰাৰ্থী ঘোষণা কৰে শাসকীয় দল বিজেপিয়ে । বিজেপিয়ে প্ৰাক্তন কংগ্ৰেছী সুৰেশ বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছত কংগ্ৰেছ দলেও পলমকৈ হলেও প্ৰাৰ্থী চূড়ান্ত কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈক প্ৰক্ষেপ কৰে নগাঁও লোকসভা সমষ্টিৰ বাবে । বিজেপিৰ পিচত কংগ্ৰেছ দলেও প্ৰাৰ্থী চূড়ান্ত কৰাত যথেষ্ট আকৰ্ষণীয় হৈ পৰিছে নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজ ।

বিশেষকৈ প্ৰাক্তন কংগ্ৰেছী সুৰেশ বৰাৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হ'বলগীয়া হৈছে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে । ইতিমধ্যেই তিনিওটা ৰাজনৈতিক দল ক্ৰমে এ আই ইউ ডি এফ, বিজেপি আৰু কংগ্ৰেছৰ প্ৰাৰ্থীয়ে আৰম্ভ কৰিছে ভোটাৰ ৰাইজৰ কাষ চপাৰ ৰণকৌশল । ইয়াৰ মাজতে বৃহস্পতিবাৰে বিজেপিৰ জিলা কাৰ্যালয়ত অনুষ্ঠিত হয় বিজেপিৰ এক যোগদান কাৰ্যসূচী ।

নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰা, বিজেপি জিলা সভাপতি অভিজিৎ নাথৰ উপস্থিতিত শতাধিক ছাত্ৰ নেতাই যোগদান কৰে ভাৰতীয় জনতা পাৰ্টী । নগাঁৱৰ খাগৰিজান মহাবিদ্যালয়, জুৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰতিনিধিৰ লগতে কংগ্ৰেছৰ ভাতৃ সংগঠন এন এছ ইউ আইৰ কেইবাগৰাকী নেতা-কৰ্মীয়েও যোগদান কৰে বিজেপিত ।

যোগদান কাৰ্যসূচীত উপস্থিত থাকি বিধায়ক ৰূপক শৰ্মাৰ মন্তব্য- নগাঁও লোকসভা সমষ্টিত এইবাৰ এ আই ইউ ডি এফৰ সৈতে হে হ'ব বিজেপিৰ যুঁজ । কংগ্ৰেছৰ প্ৰাৰ্থী তথা সাংসদ প্ৰদ্যুৎ বৰদলৈক সমষ্টিবাসীয়ে বহু সংকটৰ সময়ত বিচাৰি নাপায় পোষ্টাৰিং কৰিবলগীয়া হোৱা বুলি কটাক্ষ কৰে বিধায়ক ৰূপক শৰ্মাই । ইপিনে প্ৰদ্যুৎ বৰদলৈয়ে প্ৰাৰ্থিত্ব লাভ কৰাৰ পিচতেই নগাঁৱত উপস্থিত হৈ প্ৰাক্তন দলীয় সতীৰ্থ তথা বিজেপি প্ৰাৰ্থী সুৰেশ বৰাক অস্ত্ৰৰ ঝনঝননিৰ শিক্ষা লৈ ৰাজনীতিলৈ অহা বুলি কটাক্ষ কৰিছিল ।

প্ৰদ্যুৎ বৰদলৈৰ এই মন্তব্যৰ সন্দৰ্ভত বৃহস্পতিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । সুৰেশ বৰাই যদি অস্ত্ৰৰ ঝনঝননিৰ শিক্ষা লৈয়েই ৰাজনীতিত অহা বুলি কংগ্ৰেছ নেতৃত্ব অৱগত তেন্তে এনে ব্যক্তিক তিনিবাৰকৈ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে কিয় প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল বুলিও প্ৰশ্ন উত্থাপন কৰে বিধায়ক ৰূপক শৰ্মাই ।

লগতে পঢ়ক:নগাঁৱত প্ৰাক্তন কংগ্ৰেছীৰ বিৰুদ্ধে কংগ্ৰেছীৰ যুঁজ

ABOUT THE AUTHOR

...view details