যোৰহাট, ২১ জুলাই: যোৰহাট জিলা আৰক্ষী অধীক্ষকৰ কাৰ্য়ালয়ৰ সন্মুখতেই এখন পাণ-তামোলৰ দোকান দি জীৱন সংগ্ৰামত ব্যস্ত ৰণজিৎ তামুলী নামৰ এজন প্ৰাক্তন গৃহৰক্ষী জোৱান । যোৰহাট নিজ বালিগাঁৱৰ ৰণজিৎ তামুলী নামৰ গৃহৰক্ষী জোৱানজনে ৩০ বছৰে সকলো ত্যাগ কৰি জনসাধাৰণৰ সেৱাত ব্ৰতী হৈ আহিছিল যদিও তেওঁৰ হঠাতেই জীৱনলৈ নামি আহিছে অমানিশা । কাৰণ তিনি দশক ধৰি ৰাইজৰ সেৱাত নিষ্ঠাৰে কাম কৰি অহা এই গৃহৰক্ষী জোৱানজনক কোনো কাৰণ নোহোৱাকৈয়ে কামৰ পৰা অব্য়াহতি দিয়ে আৰক্ষী অধীক্ষকে । শুদা হাতে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা উভতি জীৱন সংগ্ৰামত ব্ৰতী হোৱা গৃহৰক্ষী জোৱানজনে উক্ত কাৰ্যালয়ৰ সন্মুখতেই এখন তামোল-পাণৰ দোকান দি পৰিয়াল পোহপাল দিব লগা হৈছে ।
প্ৰাক্তন গৃহৰক্ষী জোৱানজনে এই সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি কয় যে বিগত ৩০ বছৰে নিষ্ঠাৰে সেৱা আগৱঢ়াই গৈছিল আৰক্ষী বাহিনীত । অন্য আৰক্ষী জোৱান সকলতকৈ অধিক কষ্ট কৰে গৃহৰক্ষী জোৱান সকলে । ৩০ টা বছৰে কম মাননিত সেৱা আগৱঢ়াই অহা গৃহৰক্ষী জোৱান ৰণজিৎ তামুলীক আৰক্ষী অধীক্ষক কাৰ্যালয়লৈ মাতি নি কোনো কাৰণ নোহোৱাকৈ আৰক্ষী অধীক্ষকগৰাকীয়ে তেওঁক চাকৰিৰ পৰা অব্যাহতি দিয়ে । সেইদিনাৰ পৰাই উপাৰ্জনৰ একমাত্ৰ পথ হেৰুৱাই পঞ্চাশ উৰ্ধৰ গৃহৰক্ষী জোৱান ৰণজিৎ তামুলীয়ে এখন তামোল-পাণৰ দোকান আৰম্ভ কৰে ।