ডিব্ৰুগড় :‘‘ভাৰতবৰ্ষৰ সংবিধানক হত্যা কৰি জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল কংগ্ৰেছ দলে । ৰাহুল গান্ধীৰ লগতে কংগ্ৰেছে সংবিধান বচোৱাৰ যি এক ভুৱা নেৰেটিভ আৰম্ভ কৰিছে ৷ গণতন্ত্ৰক ভৰিৰে মোহাৰি হত্যা কৰিছে কংগ্ৰেছে ৷" ডিব্ৰুগড়ৰ এখন দলীয় সভাত উপস্থিত থাকি এই মন্তব্য কৰে দিলীপ শইকীয়াই ৷
ইতিমধ্যে সকলোৰে জ্ঞাত যে, বিজেপিয়ে জিলাই জিলাই দলীয় কৰ্মীসকলক একত্ৰিত কৰি ‘‘সংবিধান গৌৰৱ অভিযান’’ অনুষ্ঠিত কৰিছে । পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে দলীয় কৰ্মীসকলক একত্ৰিত কৰি দলটো শক্তিশালী কৰি ৰাইজৰ কাষ চপাই নিয়াৰ এই কাৰ্যসূচীৰ জৰিয়তে দিহা পৰামৰ্শ দিয়া হৈছে । বিজেপিৰ নীতি-আদৰ্শ ৰক্ষা কৰি দলটোক তৃণমূল পৰ্যায়ৰ পৰাই শক্তিশালী কৰিবলৈ এই কাৰ্যসূচীৰ জৰিয়তে চেষ্টা চলাইছে ।
ৰাজ্যৰ সকলো জিলাতে বিজেপি দলে ‘‘সংবিধান গৌৰৱ অভিযান’’ অনুষ্ঠিত কৰাৰ দৰে আজি ডিব্ৰুগড়ত বিজেপিয়ে অনুষ্ঠিত কৰে এই কাৰ্যসূচী । ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত অনুষ্ঠিত হয় এই অভিযান ।
ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পাছতে বৃহস্পতিবাৰে প্ৰথমবাৰ ডিব্ৰুগড় ভ্ৰমণলৈ অহা সভাপতি দিলীপ শইকীয়াক আদৰণি জনাই কেইবাগৰাকী বিধায়কৰ সৈতে দলীয় কৰ্মীসকলে । ইয়াৰ পাছতে ডিব্ৰুগড়ৰ জিলা পুথিভঁৰালত অনুষ্ঠিত সংবিধান গৌৰৱ অভিযান কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ।
- ভাৰতবৰ্ষৰ সংবিধানৰ মৰ্যাদা ৰক্ষা কৰিছে বিজেপিয়ে:
বিজেপিৰ সভাপতিগৰাকীয়ে কয়, "প্ৰতিজন কৰ্মকৰ্তাৰ দলটোৰ প্ৰতি থকা ভালপোৱা, কঠোৰ পৰিশ্ৰম আৰু ত্যাগৰ ফলত ভাৰতীয় জনতা পাৰ্টী আজি ভাৰতবৰ্ষৰ সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হৈছে । বিজেপি দলে আজিৰ সফলতা সহজে লাভ কৰা নাছিল । দলটোৰ হাজাৰ হাজাৰ কৰ্মীয়ে সেৱাই ধৰ্ম বুলি ভাবি কাম কৰি ত্যাগ স্বীকাৰ কৰা বাবেই আজি এই সফলতা ।"