অসম

assam

ETV Bharat / state

ভকতক আপ্যায়নৰ বাবে ৫০০ ৰান্ধনীয়ে ৰান্ধিছে সিদ্ধ - SANKARADEVA SANGHA JORHAT SESSION

বৃহৎ আকাৰ কেৰাহীত এবাৰত বনোৱা হৈছে এক কুইন্টল দাইল । পুৱতি নিশাৰ পৰা ৰন্ধনশালত সিদ্ধ বনোৱাত ব্যস্ত ৫০০ৰান্ধনী ।

Srimanta Sankaradeva Sangha Jorhat session, Mega arrangement at eatery for welcoming devotees
ভকতক আপ্যায়নৰ বাবে ৫০০ ৰান্ধনীয়ে ৰান্ধিছে সিদ্ধ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Feb 7, 2025, 1:51 PM IST

যোৰহাট: এছিয়া আৰু উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয়, সামাজিক অনুষ্ঠান হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘ । বৃহস্পতিবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে যোৰহাট ম'হবন্ধা এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন ।

যেন দ্বিতীয় বৈকুণ্ঠ পুৰীলৈ পৰিণত হৈছে শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ বাকৰি ।

ভকতক আপ্যায়নৰ বাবে ৫০০ ৰান্ধনীয়ে ৰান্ধিছে সিদ্ধ (ETV Bharat Assam)

পুৱতি নিশাৰ পৰা ৰন্ধনশালত সিদ্ধ বনোৱাত ব্যস্ত ৫০০ ৰন্ধন কৰ্মী:

লক্ষাধিক ভক্তৰ সমাগমেৰে অধিক মনোমোহা কৰি তুলিছে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ । আনহাতে অধিৱেশনত সমাগম ঘটা ভক্তসকলৰ বাবে আহাৰ প্ৰস্তুত কৰাত ব্যস্ত ৰন্ধকৰ্মীসকল ।

এটা দিনত ৬০ কুইন্টল চাউল (ETV Bharat Assam)

পুৱতি নিশা ১ বজাৰ পৰাই দিনে নিশাই ৫০০ ৰো অধিক ৰন্ধনকৰ্মীয়ে সিদ্ধ প্ৰস্তুত কৰাত যুদ্ধদেহী তৎপৰতাৰে কামত মনোনিৱেশ হৈ পৰিছে ।

পুৱতি নিশাৰ পৰা ৰন্ধনশালত সিদ্ধ বনোৱাত ব্যস্ত ৰান্ধনী (ETV Bharat Assam)

ইতিমধ্যে ৰন্ধনকৰ্মীয়ে সিদ্ধ বনাই সাজু কৰি তুলিছে ভকত বৈষ্ণৱ বাবে । সকলোৰে আধ্যাত্মিক ভাৱধাৰা লৈ এই কাৰ্যত ব্ৰতী হৈ পৰিছে । এটা দিনত ৬০ কুইন্টল চাউল আৰু ৬০ কুইন্টলতকৈ অধিক অন্যান্য সামগ্ৰী প্ৰয়োজন হৈছে ৰন্ধনশালত ।

এবাৰত বনোৱা হৈছে এক কুইন্টল দাইল (ETV Bharat Assam)

আনহাতে এইবাৰ ৰন্ধন কাৰ্যত গেছৰ পৰিৱৰ্তে খৰি ব্যৱহাৰ কৰা হৈছে । লগতে ৰন্ধনশালৰ কাষতে সাজি উলিওৱা হৈছে বৃহৎ ভোজানালয় ।

৫০০ ৰান্ধনীয়ে ৰান্ধিছে সিদ্ধ (ETV Bharat Assam)

যিটো ভোজনালয়ত এটা সাজত একেলগে ১০ হাজাৰ ভক্ত ই সিদ্ধ গ্ৰহণ কৰিব পাৰিব । এই অধিৱেশনত একেলগে জ্বলিছে ২০০ টা চৌকা ।

সিদ্ধ প্ৰস্তুত কৰাত ব্যস্ত ৰন্ধনকৰ্মী (ETV Bharat Assam)

প্ৰতিদিনে লক্ষাধিক ভক্তৰ বাবে প্ৰস্তুত হৈছে খাদ্য । যাতে অধিৱেশনলৈ অহা প্ৰতিগৰাকী ভকত-বৈষ্ণৱে সূচাৰুৰূপে আহাৰ গ্ৰহণ কৰিব পাৰে ।

লগতে পঢ়ক:পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত গ্ৰাম্য সমাজৰ পৰম্পৰা - SANKARADEVA SANGHA JORHAT SESSION

বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত ভক্তিৰসৰ নৈ - SANKARADEVA SANGHA JORHAT SESSION

ABOUT THE AUTHOR

...view details