অসম

assam

পবিত্ৰ জন্মাষ্টমী উপলক্ষে কৃষ্ণময় হৈ পৰিছে ৰাজ্যৰ চৌদিশ - Krishna Janmashtami 2024

By ETV Bharat Assamese Team

Published : Aug 26, 2024, 7:37 PM IST

Janmashtami 2024 : সমগ্ৰ ৰাজ্যতে বিৰাজ কৰিছে কৃষ্ণময় পৰিৱেশ । শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰিত হৈ পৰিছে সত্ৰ-নামঘৰসমূহ । মাজুলী, ধেমাজি, কলিয়াবৰতো বিৰাজ কৰিছে এক উখল-মাখল পৰিৱেশ ।

Sri Krishna Janmashtami celebrated with various programmes in different parts of Assam
পবিত্ৰ জন্মাষ্টমী উপলক্ষে কৃষ্ণময় হৈ পৰিছে ৰাজ্যৰ চৌদিশ (ETV Bharat Assam)

নিউজ ডেস্ক, ২৬ আগষ্ট : আজি পবিত্ৰ জন্মাষ্টমী । ভগৱান শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্য । উখল-মাখল পৰিৱেশ সত্ৰ-নামঘৰত । হিন্দু শাস্ত্ৰ অনুসৰি দ্বাপৰ যুগত এই তিথিতেই দুষ্টক দমন আৰু সন্তক পালনৰ উদ্দেশ্যৰে অৱতাৰ লৈছিল শ্ৰীকৃষ্ণই । সেয়ে এই পবিত্ৰ তিথিত শ্ৰীকৃষ্ণৰ বন্দনা কৰি শৰণাপন্ন হৈছে ভকতবৃন্দ ।

পবিত্ৰ জন্মাষ্টমী উপলক্ষে কৃষ্ণময় হৈ পৰিছে ৰাজ্যৰ চৌদিশ (ETV Bharat Assam)
  • সত্ৰনগৰী মাজুলীত পুৱাৰে পৰা ভীষণ ব্যস্ততা :

সমগ্র দেশ তথা ৰাজ্যৰ লগতে সত্ৰনগৰী মাজুলীতো পালন কৰা হৈছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী । মাজুলীৰ প্ৰায় তিনি শতাধিক নামঘৰ, ৩৫ খন সত্ৰৰ লগতে প্ৰতিঘৰ লোকেই উলহ-মালহেৰে উদযাপন কৰিছে শ্ৰীকৃষ্ণ জন্মাষ্টমী । শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে দ্বিতীয় মথুৰালৈ পৰিণত হৈছে সত্ৰ নগৰী মাজুলী ।

মাজুলীৰ ভোগপুৰ সত্ৰ, আউনীআটী সত্ৰ, গড়মূৰ সত্ৰ, বেঙেনাআটী সত্ৰ, দক্ষিণপাট সত্ৰ, এলেঙী নৰসিংহ সত্ৰ, উত্তৰ কমলাবাৰী সত্ৰকে ধৰি আটাইকেইখন সত্ৰত অতি উলহ-মালহেৰে পালন কৰিছে জন্মাষ্টমী । ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ দত্তদেৱ গোস্বামী যে সকলো সকলো ৰাইজলৈ জন্মাষ্টমীৰ শুভকামনা জনোৱাৰ লগতে এই পবিত্ৰ দিনটো সকলোৰে ভালেৰে যাবলৈ নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাই ।

  • ধেমাজিত হাজাৰ হাজাৰ শিশুকৃষ্ণ :

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজিতো উত্তৰ-পূৰ্বাঞ্চল লোক কল্যাণ সমিতিৰ উদ্যোগত আৰু বিশ্ব হিন্দু পৰিষদৰ সৌজন্যত উলহ-মালহে ধেমাজি কছাৰী ময়দানত শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হয় । পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হোৱা কাৰ্যসূচীৰ অগনন শিশু কৃষ্ণই চৌদিশ গকুলসদৃশ পৰিৱেশ সৃষ্টি কৰে ।

পুৱা বন্তি প্ৰজ্বলন, গো-পূজন, শিশুসকলৰ দ্বাৰা দিহানাম পৰিৱেশন, ভোৰতাল নৃত্য প্ৰদৰ্শন কৰা হয় । ইয়াৰ পিচতে দুই সহস্ৰাধিক শিশু কৃষ্ণই নৃত্য প্ৰদৰ্শন কৰে । ইপিনে অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয়, “এয়া জীৱনৰ এক নতুন অভিজ্ঞতা । ইয়াৰ পূৰ্বে এনে দৃশ্য কেতিয়াও দেখা নাছিলোঁ । শিশুসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা শ্ৰীকৃষ্ণ লীলাই হৈছে আমাৰ সভ্যতা-সংস্কৃতি ।’’

  • কলিয়াবৰৰ সত্ৰ-নামঘৰে শ্ৰীকৃষ্ণ বন্দনা :

একেদৰে উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে কলিয়াবৰতো । শ্ৰীকৃষ্ণ জন্মাষ্টমী উপলক্ষে কলিয়াবৰৰ ঐতিহাসিক সত্ৰ-নামঘৰসমূহ কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰিছে । কলিয়াবৰৰ সৈতে আছে শ্ৰীকৃষ্ণৰ এক সুকীয়া সম্পৰ্ক । প্ৰচলিত জনশ্ৰুতি মতে, শ্ৰীকৃষ্ণই কুণ্ডিল কন‍্যা ৰুক্মিণীক হৰণ কৰি আহি কলীয়া বৰগছৰ তলত জিৰাই গৈছিল বুলি এক কিম্বদন্তি প্ৰচলিত হৈ আহিছে ।

পবিত্ৰ জন্মাষ্টমী উপলক্ষে কৃষ্ণময় হৈ পৰিছে ৰাজ্যৰ চৌদিশ (ETV Bharat Assam)

মিৰি-ভেটি গাঁৱত থকা এজোপা বৃহৎ বৰগছে তাৰেই সাক্ষী বহন কৰে বুলি জনা যায় । তদুপৰি, কলিয়াবৰত অতীতৰে পৰা গুৰুজনাৰ নীতি-আদৰ্শৰে প্ৰতিষ্ঠিত সত্ৰ-নামঘৰসমূহত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ভক্তি ভাৱেৰে পালন কৰি আহিছে । কলিয়াবৰৰ নৱপ্ৰজন্মৰ মুখতো প্ৰচলিত শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ নাম শুনিবলৈ পোৱা যায় ।

লগতে পঢ়ক:ঢেকীয়াখোৱা বৰনামঘৰ-মইনাপৰীয়া নামঘৰত জন্মাষ্টমী - Krishna Janmashtami 2024

অসমীয়া মানুহে নিজৰ সংস্কৃতিৰ বাবে সচেতন হোৱাটো স্বাভাৱিক : জয়ন্ত মল্লবৰুৱা - Krishna Janmashtami 2024

ABOUT THE AUTHOR

...view details