অসম

assam

ETV Bharat / state

মাছৰ পৰা পাটৰ কাপোৰলৈ, পিঠাৰ পৰা পাচলিলৈ সকলো পাব... বজাৰখনত নাপাব কেৱল পুৰুষ বিক্ৰেতা - LAKHIMPUR WOMAN MARKET

অসমতেই আছে এখন বিশেষ বজাৰ । যিখন বজাৰ চলাই কেৱল মহিলাই ৷ এপাক আপুনিও চাই আহক এই বজাৰখন সাংবাদিক জীৱন গোস্বামীৰ এই বিশেষ প্ৰতিবেদনৰ মাজেৰে-

Exceptional market in Lakhimpur
লখিমপুৰৰ এখন বিশেষ বজাৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 12, 2025, 10:08 PM IST

লখিমপুৰ: এখন বিশেষ বজাৰ ৷ এটা বিশেষ কাৰণত এই বজাৰখনে দৃষ্টি আকৰ্ষণ কৰিছে ৰাইজৰ । চৰ্চা হোৱা বজাৰখনত নাই কি ? বজাৰখনত সতেজ শাক-পাচলিৰ পৰা আৰম্ভ কৰি পাটৰ কাপোৰ, ঘৰুৱা গামোচা, পিঠা-পনা, মাছ-মাংসকে আদি কৰি ৰংচঙীয়া ফুললৈকে সকলো উপলব্ধ এইখন বজাৰে ভাগ্য সলনি কৰিছে শতাধিক মহিলাৰ ৷

এই বিশেষ বজাৰখন আছে লখিমপুৰত । কেৱল মহিলাৰ দ্বাৰা পৰিচালিত হয় এই বজাৰখন । লখিমপুৰ নগৰৰ সমীপৰ পহুমৰাৰ কাষত এফালে ৰঙানদী আৰু আনফালে আছে শতজান পক্ষী উদ্যান । ইয়াৰ মাজতেই এক প্ৰাকৃতিক সুন্দৰ পৰিবেশৰ মাজত বহে বজাৰখন । মহিলাৰ দ্বাৰা পৰিচালিত এই বজাৰখন বহে প্ৰতি ৰবিবাৰে ।

লখিমপুৰৰ এখন বিশেষ বজাৰ (ETV Bharat Assam)

তিনিখন পঞ্চায়তক সামৰি মহিলাসকলৰ দ্বাৰা পৰিচালিত এই ৰবিবাৰৰ সাপ্তাহিক বজাৰখনত শতাধিক মহিলা বিক্রেতাই তেওঁলোকৰ সা-সামগ্রী বিক্রী কৰে । গ্ৰাহকৰ বাদে এজনো পুৰুষ বিক্রেতা নাই এই বজাৰখনত । মহিলাসকলে নিজৰ বাৰীত উৎপাদিত শাক-পাচলিৰ পৰা বিভিন্ন খাদ্য তথা বস্ত্রকে ধৰি নানা সামগ্রী বিক্রী কৰে এই বজাৰখনত । কোনো ধৰণৰ ৰাসায়নিক সাৰ অবিহনে ঘৰতে উৎপাদন কৰা এনে শাক-পাচলি ক্ৰয় কৰিবলৈ বজাৰখনত গ্ৰাহকৰ হেতা-ওপৰা লাগে ।

আন বজাৰৰ তুলনাত ঘৰতে উৎপাদিত সামগ্রী পোৱা আৰু শাক-পাচলিৰ মূল্য কম হোৱা বাবে গ্ৰাহকৰ পচন্দৰ এই বজাৰখন । এই বজাৰখনৰ বাবেই একোগৰাকী মহিলাই পৰিয়াল পোহপাল দিব পাৰিছে । গ্ৰাম্য অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা লখিমপুৰৰ এই ব্যতিক্রমী সাপ্তাহিক বজাৰখনৰ এগৰাকী বিক্ৰেতাই এই সন্দৰ্ভত কয়," নিজৰ ঘৰৰ পৰা অনা সামগ্ৰীয়েই বজাৰত বিক্ৰী কৰিছো । মাটি কম বাবে খেতি বেছিকৈ কৰিব পৰা নাই । সৰহকৈ কৰিবৰ মন আছে । এই বজাৰখন হোৱা বাবে আমাৰ বহুত সুবিধা হৈছে । মহিলাসকলে ঘৰখন চলাব পৰা হৈছো । "

বজাৰখনৰ আন এগৰাকী বিক্ৰেতাই কয়, "যোৱা ডিচেম্বৰৰ পৰা এইখন বজাৰ আৰম্ভ হৈছে । এই বজাৰখন হোৱাৰ পৰা আমি সকলোৱে ঘৰত হোৱা শাক-পাচলি আদি আনি বিক্ৰী কৰিব পাৰিছো । ঘৰৰ পৰা আনিছো বাবে কম দামত দিব পাৰিছো ।" তেওঁ পুনৰ কয় যে ৰাইজে ঘৰুৱাভাৱে উৎপাদিত সামগ্ৰী ক্ৰয় কৰি ভাল পাইছে । সেয়ে এই বজাৰখনক আদৰি লৈছে ৷ প্ৰতি সপ্তাহতেই ভিৰ কৰেহি দূৰ-দূৰণিৰ ক্ৰেতাই ।

লগতে পঢ়ক:ভূটানৰ পাদদেশৰ অসম সীমান্ত হৈ পৰিছে সুমথিৰাৰে ৰঙেৰে ৰঙীন - ORANGES FROM BHUTAN

কিচিম কিচিম ভাৱনাই ঐ... ! আহক, মাঘৰ হেৰাই যাব খোজা এক পৰম্পৰা চাওঁ - MAGH BIHU PREPARATIONS

ABOUT THE AUTHOR

...view details