তিনিচুকীয়া, ২৩ জুলাই:তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্ৰত মঙলবাৰে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই জিলাখনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰে ৷ এই অনুষ্ঠানটোত জিলাখনৰ ৩৮০ গৰাকীকৈ কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰা হয় ।
তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উদ্দীপ বৰপাত্ৰই আঁতধৰা অনুষ্ঠানটোত সভাপতিত্ব কৰে তিনিচুকীয়াৰ ৱ'মেনছ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ ৰাজীৱ বৰদলৈয়ে ৷ আছুৰ সাংগঠনিক শ্বহীদ বিশ্বজিৎ বৰাৰ সোঁৱৰণত ২০১৮ চনৰ পৰা তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই আৰম্ভ কৰা বিশেষ বঁটা জিলাখনৰ উচ্চ মাধ্যমিক পৰীক্ষাত অসমীয়াত সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰ বা ছাত্ৰীগৰাকীক প্ৰদান কৰি অহা হৈছে ৷ এইবৰ্ষ বঁটাটি লাভ কৰে তিনিচুকীয়াৰ পৰমানন্দ জাতীয় বিদ্যালয়ৰ ধুনুমণি দাসে ৷
এই বঁটাটোত আছে এখন অভিনন্দন পত্ৰ,শৰাই,স্মাৰক, এখন গামোচা আৰু নগদ পাঁচ হাজাৰ টকা । এই বঁটাটো সাংগঠনিক শ্বহীদ বিশ্বজিৎ বৰাৰ জ্যেষ্ঠ ভাতৃ লম্বোদৰ বৰাই প্ৰদান কৰে ৷ তাৰ পাচতে তিনিচুকীয়া অঞ্চলৰ বিদ্যালয়-মহাবিদ্যালয়ৰ সকলো মাধ্যমৰ ৩৮০ গৰাকীকৈ কৃতী ছাত্ৰ-ছাত্ৰীক এখন অভিনন্দন পত্ৰ আৰু এটা ফাইলেৰে অভিনন্দন জ্ঞাপন কৰা হয় ।