অসম

assam

ETV Bharat / state

দেৰগাঁৱত জি এছ টি সম্পৰ্কীয় বিশেষ মত-বিনিময় অনুষ্ঠান - Goods And Services Tax

GST related meet in Dergaon: দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ কনভেনচন হ'লত শুকুৰবাৰে অনুষ্ঠিত হয় GST সম্পৰ্কীয় এক বিশেষ মত বিনিময় অনুষ্ঠান । বিত্তমন্ত্ৰী অজন্তা নেওগ, গৃহনিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ উপস্থিতিত উক্ত মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু মাজুলীৰ বাণিজ্য তথা ব্যৱসায়িক সংস্থাৰ প্ৰতিনিধিসকলে ।

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 10:08 PM IST

Special Conversation Programme on GST in Dergaon
দেৰগাঁৱত GST সম্পৰ্কীয় বিশেষ মত বিনিময় অনুষ্ঠান (ETV Bharat Assam)

গোলাঘাট,৫ জুলাই: দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ কনভেনচন হলত অনুষ্ঠিত হয় GST সম্পৰ্কীয় এক বিশেষ মত বিনিময় অনুষ্ঠান । উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু মাজুলীৰ বাণিজ্য তথা ব্যৱসায়িক সংস্থাৰ প্ৰতিনিধিসকলে । চৰকাৰৰ তৰফৰ অংশগ্ৰহণ কৰে পৰা বিত্তমন্ত্ৰী অজন্তা নেওগ, গৃহনিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহল আৰু কৰ অধীক্ষক পল্লৱ কুমাৰ ঝায়ে ।

দেৰগাঁৱত GST সম্পৰ্কীয় বিশেষ মত বিনিময় অনুষ্ঠান (ETV Bharat Assam)

মূলতঃ ব্যৱসায়ীসকলে GST কেন্দ্ৰিক যিসমূহ সমস্যাৰ সন্মুখীন হৈছে বা নতুনকৈ কি ধৰণেৰে GST প্ৰদান কৰাৰ ক্ষেত্ৰত সমস্যামুক্ত হ'ব পাৰে সেই সন্দৰ্ভত মত বিনিময় কৰা হয় । ব্যৱসায়ীসকলে দীৰ্ঘদিন ধৰি সমস্যাৰ সন্মুখীন হৈ অহা আৰু জি এছ টিৰ নামত মধ্যবিত্ত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে ভুগি অহা অবান্তৰ সমস্যাৰ বিষয়ে আসোঁৱাহসমূহৰ সবিশেষ তথ্য গ্ৰহণ কৰে চৰকাৰৰ প্ৰতিনিধিসকলে । অসমৰ ৬ টা জ'নৰ ভিতৰত শুকুৰবাৰে ৬ নম্বৰ অৰ্থাৎ শেষৰ অনুষ্ঠানটোৰ পৰা কৰদাতা বা ব্যৱসায়ীসকলৰ পৰা পোৱা GST সম্পৰ্কীয় পৰামৰ্শসমূহক অসম কেবিনেটত আলোচনা কৰি প্ৰতিবেদন প্ৰকাশ কৰাৰ কথা প্ৰকাশ কৰে মন্ত্ৰী অশোক সিংহলে ৷

আনহাতে ব্যৱসায়ীসকলৰ পৰামৰ্শ অনুযায়ী কৰদাতা বা ব্যৱসায়ীসকলৰ মাজত প্ৰথম বাৰ বছৰেকত দুখন এনেধৰণৰ আলোচনা সভা অনুষ্ঠিত কৰাৰ কথা প্ৰকাশ কৰে অজন্তা নেওগে ৷ যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয় ব্যৱসায়ীসকল ৷ ইফালে মন্ত্ৰী অশোক সিংহলে গুৱাহাটী জ্যোতিনগৰত সংঘটিত হোৱা ঘটনাক হৃদয়বিদাৰক ঘটনা বুলি দুখ প্ৰকাশ কৰে ৷ মন্ত্ৰী অজন্তা নেওগে বন্যাৰ্তৰ সাহায্যৰ ক্ষেত্ৰত চৰকাৰে সকলো ধৰণৰ ব্যৱস্থা কৰিব আৰু পোন্ধৰ আগষ্টৰ ভিতৰতে বানত ক্ষতিগ্ৰস্ত ৰাইজক ক্ষতিপুৰণ দিয়াৰ কথা প্ৰকাশ কৰে ৷

লগতে পঢ়ক:তিনিচুকীয়াত মন্ত্ৰী অশোক সিংহলৰ জি এছ টি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বৈঠক - Goods And Services Tax

ABOUT THE AUTHOR

...view details