অসম

assam

ETV Bharat / state

শিৱসাগৰত অ’ এন জি চিৰ বিষয়া অপহৰণৰ ভয়ংকৰ ব্লুপ্ৰিন্ট

কিয় গ্ৰেপ্তাৰ কৰা হৈছিল ৰাহুল হাজৰিকা ওৰফে লাডেনক ৷ শিৱসাগৰৰ আৰক্ষী অধীক্ষকে সংবাদমেলত স্পষ্ট কৰিলে সমগ্ৰ ঘটনা ৷

By ETV Bharat Assamese Team

Published : 6 hours ago

SIVASAGAR ENCOUNTER
শিৱসাগৰত অ’ এন জি চিৰ বিষয়া অপহৰণৰ ভয়ংকৰ ব্লুপ্ৰিন্ট (Etv Bharat Assam)

শিৱসাগৰ, ১৬ অক্টোবৰ :শিৱসাগৰত তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ অ’ এন জি চিৰ বিষয়া অপহৰণৰ ভয়ংকৰ ব্লুপ্ৰিন্ট আলফা স্বাধীনৰ । অ’ এন জি চিৰ বিষয়াৰ জৰিয়তেই সমগ্ৰ অপহৰণকাণ্ড সংঘটিত কৰাৰ বাবে হৈছিল পৰিকল্পনা ৷ শিৱসাগৰৰ বকতা শ'লগুৰিত আজি পুৱতিনিশা ৰাহুল হাজৰিকা ওৰফে লাডেনক গুলীবিদ্ধ কৰা সন্দৰ্ভত শিৱসাগৰৰ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই বুধবাৰে এক সংবাদমেল সম্বোধন কৰি এই তথ্য সদৰী কৰে ৷

আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই সংবাদমেলত জানিবলৈ দিয়া মতে, ২০২৪ চনৰ মে’ মাহৰ পৰা আলফা স্বাধীনে এই অপহৰণৰ পৰিকল্পনা কৰিছিল । এই সমগ্ৰ পৰিকল্পনাত জড়িত আছিল অ’ এন জি চিৰ বিষয়া তাহিৰুল হুছেইন । বৰ্তমান পলাতক অৱস্থাত আছে তাহিৰ ওৰফে তাহিৰুল হুছেইন । অৱশ্যে আৰক্ষীৰ অভিযানত আটক হয় সমগ্ৰ পৰিকল্পনাৰ আঁৰৰ ব্যক্তি ।

শিৱসাগৰৰ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাৰ সংবাদমেল (ETV Bharat Assam)

আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই কয়, "৬ অক্টোবৰত বকতাত থকা অ’ এন জি চিৰ এটা ৰিগৰ পৰা সন্ধিয়া ৫:৩০ বজাৰ পৰা ৬:৩০ বজাৰ ভিতৰত তাত কৰ্মৰত দুই বা ততোধিক উচ্চপদস্থ অ’ এন জি চিৰ বিষয়াক অপহৰণৰ পৰিকল্পনা কৰিছিল ৰাহুল হাজৰিকা ওৰফে লাডেন, তাহিৰুল হুছেইন আৰু ঈৰছাদ লটিফ ওৰফে মিঠুৱে ।"

বৰাই লগতে কয়, "ৰিগটোতে এচিষ্টেন্ট ইঞ্জিনিয়াৰ হিচাপে কাম কৰিছিল তাহিৰুল হুছেইনে । ৰিগটোত কৰ্মৰত সকলো উচ্চপদস্থ বিষয়াৰ তথ্য-পাতি যোগান ধৰিছিল তাহিৰুল হুছেইনে । এই সমগ্ৰ অপহৰণ সংঘটিত কৰাৰ কাৰণে ৫ তাৰিখেই তাহিৰুলৰ ঘৰত বাহৰ পাতিছিল ছালফা লাডেনে ।তেওঁলোকে ৬ তাৰিখে পুৱা এখন ইন'ভা গাড়ীৰে চৰাইদেউৰ সমীপৰ অসম-নগালেণ্ড সীমান্তৰ পৰা চাৰিজন আলফা কেডাৰক গাড়ীত উঠাই আহি দিনৰ ভাগত শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ঘূৰি ফুৰিছিল । সন্ধিয়া নিৰ্দিষ্ট সময়ত অপহৰণৰ পৰিকল্পনা কৰা হৈছিল যদিও এই পৰিকল্পনা বিফল হয় ।"

"ইপিনে শিৱসাগৰৰ ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীখন ঘূৰি-ফুৰা লক্ষ্য কৰি আৰক্ষীয়ে তালাচী অধিক কটকটীয়া কৰি তোলে ৷ ইয়াৰ পিছৰ কেইদিনমান আমি সন্দেহযুক্ত লোককেইজনক বিশ্লেষণ কৰো আৰু ইয়াৰ ভিত্তিত মঙলবাৰে পুৱা বাবুপট্টিৰ পৰা ঈৰছাদ লটিফ ওৰফে মিঠুক আটক কৰো ৷ " আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয় ৷

ঈৰছাদ লটিফৰ জেৰাত আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ বিষয়ে জানিব পাৰে ৷ ইয়াৰ পাছতেই আজি পুৱতি নিশা আৰক্ষীয়ে ছালফা ৰাহুল হাজৰিকা ওৰফে লাডেনক মৰাণৰ পৰা আটক কৰে আৰু বকতাৰ নেমুগুৰিৰ নিৰ্দিষ্ট ৰিগটোলৈ অনুসন্ধানৰ বাবে লৈ যোৱা অৱস্থাত পলায়নৰ চেষ্টা কৰাত এনকাউন্টাৰ কৰে । আৰক্ষীৰ গুলীত ভৰিত আঘাতপ্ৰাপ্ত লাডেন বৰ্তমান ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে ৷

ইফালে বৰ্তমান পলাতক অৱস্থাত আছে এই পৰিকল্পনাৰে জড়িত তাহিৰ ওৰফে তাহিৰুল হুছেইন । আৰক্ষীয়ে তাহিৰুলক বিচাৰি অভিযান অব্যাহত ৰাখিছে । সমগ্ৰ ঘটনা সন্দৰ্ভত নেমুগুৰি আৰক্ষী থানাত 11/2024 নম্বৰত গোচৰো ৰুজু কৰা হৈছে ৷ সমান্তৰালভাৱে আৰক্ষীয়ে তাহিৰুল আৰু ঈৰছাদৰ বাসগৃহত অভিযান চলাই বহু আপত্তিজনক সা-সামগ্ৰী জব্দ কৰিছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা হৈছে ।

লগতে পঢ়ক:লক্ষ্মী পূজাৰ দিনাই আৰক্ষীৰ গুলীচালনাত আলফা (স্বাঃ)ৰ প্ৰাক্তন সদস্য গুলীবিদ্ধ

ABOUT THE AUTHOR

...view details