মৰাণ, ১ অক্টোবৰ: তেজেৰে ৰাঙলী হ'ল সোণাৰি কৰ্মাচ কলেজ । ভেৰোণীয়া গুণ্ডাৰ আক্ৰমণত এজন ছাত্ৰ গুৰুতৰভাৱে আহত হোৱাৰ অভিযোগ । আধুনিক শিক্ষা ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে চেষ্টা চলি থকা সময়ত যুৱ উশৃংখলতাই চৰম সীমা অতিক্ৰম কৰাত চিন্তিত কৰিছে সকলোকে । তেনে সময়ত পুনৰ আন এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে চৰাইদেউৰ সোণাৰিত ।
ঘটনা অনুসৰি সোমবাৰে বিয়লি মহাবিদ্যালয়ৰ ভিতৰৰ পৰা ছাত্ৰক মাতি আনি আক্ৰমণ কৰে দুই ভেৰোণীয়া গুণ্ডাই । সোণাৰি কৰ্মাচ কলেজৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ ইমৰাণ আলমক দুই ভেৰোণীয়া গুণ্ডাই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লগতে মহাবিদ্যালয়খনৰ সহপাঠীসকলে । জানিব পৰা অনুসৰি এখন ফটোক লৈ শনিবাৰে গুৰুতৰভাৱে আহত ইমৰাণ আলমে কলেজখনৰ এগৰাকী ছাত্ৰীৰ লগত তৰ্কাতৰ্কিত লিপ্ত হয় ।
ইয়াৰ পাছতে ছাত্ৰীগৰাকীয়ে নিজৰ ভাতৃৰ সৈতে সোমবাৰে বিয়লি ভেৰোণীয়া গুণ্ডাৰ সহায়ত কলেজৰ পৰা কৌশলেৰে মাতি আনি কলেজৰ সন্মুখতে ধাৰাশায়ী কৰে ইমৰাণ আলমক । প্ৰথমে মটৰচাইকেলেৰে ছাত্ৰজনক খুন্দা মাৰিবলৈ চেষ্টা কৰিছিল যদিও সফল হ'ব নোৱৰাত চোকা অস্ত্ৰৰে ছাত্ৰজনক আক্ৰমণ কৰি পলায়ন কৰে দুই অভিযুক্তই । গুৰুতৰভাৱে আহত ছাত্র ইমৰাণ আলম সম্প্ৰতি ডিব্রুগড়ত চিকিৎসাধীন অৱস্থাত আছে যদিও ছাত্ৰজনৰ অৱস্থা সংকটমুক্ত বুলি জানিবলৈ দিয়ে চিকিৎসকে ।