কলিয়াবৰ, 15 মে’: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ দিশে থকা বনাঞ্চলত বিচৰণ কৰা বন্য জীৱ-জন্তু চাবলৈ সততে ভিৰ কৰে দৰ্শনাৰ্থীয়ে । উজনিৰ পৰি নামনিলৈ বা নামনিৰ পৰা উজনি লৈ যাতায়ত কৰা যাত্ৰীসকলে কাজিৰঙাৰ ৰাজপথত ৰৈ বন্যজন্তুৰ ফটো উঠাবলৈ গৈ অনাধিকাৰ উদ্যানত প্ৰৱেশ কৰা দেখা যায় ।
এই সন্দৰ্ভত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বিভিন্ন ব্যৱস্থাৰ বিষয়ে অৱগত কৰি সেইসমূহ ব্যৱস্থাৰ মতে চলিবলৈ আহ্বান জনাইছে । উদ্যানখনৰ কাষেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় পথত বন্য জীৱ-জন্তু দৰ্শনৰ বাবে এনিমেল ভিউ’ পইন্ট আছে । য’ত দৰ্শনাৰ্থীয়ে ৰৈ ফটো উঠাৰ লগতে বন্যজন্তু দৰ্শনৰ উপযুক্ত ব্যৱস্থা আছে । ইয়াৰ বিপৰীতে কাজিৰঙাৰ ৰাজপথৰ আন ঠাইত ৰৈ যাতে কোনোৱে নিয়ম ভংগ নকৰে তাৰ বাবে সতৰ্ক কৰি দিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষই ।
আনহাতে, ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কাজিৰঙাৰ বন্যপ্ৰাণী দৰ্শন কৰাৰ সময়ত বহুলোক অৰ্তকিতে প্ৰৱেশ কৰে উদ্যানৰ ভিতৰত । যাৰ ফলত সংঘটিত হ’ব পাৰে যিকোনো অনাকাংক্ষিত ঘটনা । তাৰ মাজতে একাংশই বন্যজন্তুৰ ফটো সংগ্ৰহৰ উদ্দেশ্যে প্ৰৱেশ কৰে কাজিৰঙাৰ সীমাৰ ভিতৰত । বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কলিয়াবৰ মহকুমা অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চল এলেকাত প্ৰায়েই দেখা পোৱা যায় তেনে দৃশ্য ।
বুঢ়াপাহাৰ বনাঞ্চল এলেকাত ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে বিচৰণ কৰে গঁড়-হাতীকে ধৰি অন্য বন্যজন্তুৱে । ৰাষ্ট্ৰীয় ঘাইপথৰ বহু স্থানতে বনকৰ্মীৰ দলে পহৰা দিয়ে যদিও তাৰ মাজতেই বন্যজন্তু প্ৰত্যক্ষ কৰাৰ লগেলগেই একাংশ লোকে বাহন পৰা নামি বিপজ্জনকভাৱে প্ৰৱেশ কৰে উদ্যানৰ ভিতৰত । যাৰ ফলত ঘটিব পাৰে যিকোনো অঘটন ।