অসম

assam

ETV Bharat / state

বন্ধ কমলাবাৰী পাৰঘাট, হাহাকাৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ - NIMATI FERRY SERVICE SUSPENDED

জলস্তৰ হ্ৰাস হোৱাৰ ফলত কমলাবাৰী ফেৰী সেৱা বন্ধ হৈছে । যাৰ বাবে পাৰঘাটৰ ব্যৱসায়ীসকলৰো বিপণি বন্ধ হৈ পৰিছে ।

Nimati ferry service suspended
বন্ধ কমলাবাৰী পাৰঘাট;হাহাকাৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 5, 2024, 1:39 PM IST

মাজুলী : দিনক দিনে হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ । ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ লগে লগে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিল কমলাবাৰী পাৰঘাট । পূৰ্বৰ কমলাবাৰী ঘাটৰ পৰা চলাচল কৰা ফেৰী সেৱা ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ হ্ৰাস হোৱাৰ বাবে এতিয়া দক্ষিণপাটৰ পৰা চলিছে ।

আৰ্থিক সংকটত ক্ষুদ্ৰ ব্যৱসায়ী

বন্ধ কমলাবাৰী পাৰঘাট;হাহাকাৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ (ETV Bharat Assam)

মাজুলীৰ পৰা দক্ষিণপাৰলৈ যাতায়তৰ বাবে অহা যোৱা কৰা এটা মূল জলপথ আছিল কমলাবাৰী নিমাতী ফেৰীঘাট । এই জলপথটোৰে দৈনিক হাজাৰ হাজাৰ যাত্ৰী পাৰাপাৰ হৈছিল । এই যাত্ৰীসকলৰ ওপৰত নিৰ্ভৰ কৰিয়েই কমলাবাৰী ফেৰীঘাটত গঢ় লৈ উঠিছিল বহু কেইখন চাহ, ভাতৰ হোটেল আৰু বহু কেইখন সৰু সৰু বিপণি । কিন্তু কমলাবাৰী ঘাট হঠাৎ অন্য স্থানলৈ স্থানান্তৰিত হৈ পৰাত বন্ধ হৈ পৰিল এই বিপণি আৰু হোটেলসমূহ । এই ঐতিহাসিক ঘাটটোত ব্যৱসায় কৰিলে পৰিয়াল পোহপাল দি থকা ব্যৱসায়ীসকলে এতিয়া নিজৰ জীৱিকাৰ বাবে চিন্তা কৰিব লগা হৈছে । ঘাটটোত ব্যৱসায় কৰি থকা প্ৰায় ২৫ টা পৰিয়াল এতিয়া আৰ্থিক সমস্যাত পৰিছে । যাৰ বাবে কমলাবাৰী ঘাটৰ ব্যৱসায়ীসকলে হাহাকাৰ কৰিবলগীয়া হৈছে ।

গুৰুত্ব নাই প্ৰশাসনৰ

কমলাবাৰী ঘাটৰ ব্যৱসায়ীসকলে অভিযোগ কৰিছে যে তেওঁলোকে মাজুলীৰ বিধায়কগৰাকীকো সাক্ষাৎ কৰি তেওঁলোকৰ সমস্যাৰ বিষয়ে অৱগত কৰিছে । কিন্তু বিধায়কগৰাকীৰ তৰফৰ পৰা কোনো ধৰণৰ সঁহাৰি লাভ কৰা নাই । ব্যৱসায়ীসকলে মাজুলীৰ বিধায়কৰ লগতে চৰকাৰ তথা মাজুলী জিলা প্ৰশাসনক আহ্বান জনাইছে যাতে তেওঁলোকৰ পৰিয়ালৰ কথা চিন্তা কৰি অতি সোনকালে কোনো পদক্ষেপ গ্ৰহণ কৰে ।

লগতে পঢ়ক :ধেমাজিত চলিছে নিষ্পাপ নৱজাতকৰ দৰদাম: ৩ গৰাকীক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details