অসম

assam

By ETV Bharat Assamese Team

Published : 5 hours ago

ETV Bharat / state

সোণালী সূতাৰ দেশত এৰী সমাহাৰ কেন্দ্ৰৰ মৃত্যুমুখী যাত্ৰা - Silk Existential Crisis

Dilapidated Silkworm farm: চৰকাৰৰ চৰম অৱহেলাত ধ্বংসৰ মুখলৈ গতি কৰিছে এৰী সমাহাৰ কেন্দ্ৰ । প্ৰচুৰ সম্ভাৱনা থকা কেন্দ্ৰটোৰ ঘৰৰ ভেটিত তিতা লাও গজাৰ উপক্ৰম । ৬০ বিঘা ভূমিৰ চৌহদটো এতিয়া হাবি জংঘলে আৱৰি ধৰিছে ।

Dilapidated Eri silk farm
জখলাবন্ধা এৰী সমাহাৰ কেন্দ্ৰ (ETV Bharat Assam)

কলিয়াবৰ, ১ অক্টোবৰ:সোণালী সূতাৰ দেশ হিচাপে পৰিচিত অসমত এতিয়া ৰেচম শিল্পৰ প্ৰতি চৰকাৰ যেন উদাসীন হৈ পৰিছে । বৃটিছৰ দিনতে উৎপাদন আৰম্ভ হোৱা অসমৰ চাহ শিল্পই বিশ্ব প্ৰসিদ্ধি লাভ কৰিলে যদিও দ্বাদশ শতিকাৰ পৰা অসমত প্ৰচলিত ৰেচম শিল্পই এই পৰ্যন্ত সঠিক স্বীকৃতি পাবলৈ সক্ষম নহ'ল ।

  • মৃত্যুমুখী যাত্ৰা ৰেচম বিভাগৰ

অসমৰ এৰী-মুগা-পাটৰ যি আন্তঃৰাষ্ট্ৰীয় সমাদৰ, তাৰ তুলনাত অসম চৰকাৰৰ হেমাহিৰ বাবে চাহ দৰে বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ উত্থাপন হৈ আহিছে । বিশেষকৈ বিশ্বৰ কোনো স্থানতে উৎপাদন নোহোৱা মুগা শিল্পই যি ধৰণে চৰকাৰী মনোযোগ লাভ কৰিব লাগিছিল সেয়া ১৯৫৮ চনতে স্থাপন হোৱা ৰেচম বিভাগটোৰ পৰা লাভ নকৰা বুলি বহুতেই ক’ব খোজে ।

জখলাবন্ধা এৰী সমাহাৰ কেন্দ্ৰ (ETV Bharat Assam)

ৰাজ্য চৰকাৰ আৰু একাংশ বিষয়াৰ গা-এৰা মনোভাৱৰ বাবেই যেন ৰাজ্যত মৃত্যুমুখী যাত্ৰা আৰম্ভ হৈছে ৰেচম বিভাগৰ । ইয়াৰ অন্যতম প্ৰমাণ কলিয়াবৰ মহকুমাৰ জখলাবন্ধাৰ কেৰিবাকৰিস্থিত জখলাবন্ধা এৰী সমাহাৰ কেন্দ্ৰ । ৰাজ্যত থকা ৩৮৪ খন পামৰ বেছি ভাগেই চৰকাৰী হেমাহিৰ ফলত মৃতপ্ৰায় অৱস্থালৈ গতি কৰিছে । বৰ্তমান আৰু পূৰ্বৰ চৰকাৰৰ আওকণীয়া মনোভাৱৰ বাবে জখলাবন্ধা এৰী সমাহাৰ কেন্দ্ৰৰ ছবিয়েই ৰাজ্যৰ আন কেন্দ্ৰ বা পামসমূহৰ দুৰৱস্থাৰ প্ৰমাণ দাঙি ধৰিছে ।

  • জংঘলৰ মাজত জখলাবন্ধাৰ এৰী সমাহাৰ কেন্দ্ৰ

১৯৮৭ চনতে তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কাৰ্যাকালত স্থাপিত জখলাবন্ধা এৰী সমাহাৰ কেন্দ্ৰটোৰ চৌপাশ এতিয়া হাবি জংঘলে আৱৰি ধৰিছে । প্ৰায় ৬০ বিঘা ভূমিৰ চৌহদটোত এখন লোহাৰ গেট আছে যদিও নাই কোনো নামফলক, নাই এৰী পলুৰ খাদ্যৰ গছ । চৰণীয়া পথাৰলৈ পৰ্যবসিত হোৱা পূৰ্বতে এজন বিষয়া আৰু পাঁচজন কৰ্মচাৰী থকা কেন্দ্ৰটোৰ কাৰ্যালয় গৃহটোৰো অস্তিত্বই নাই ।

বৰ্তমানৰ মন্ত্ৰী কেশৱ মহন্ত বিধায়ক হৈ থকা কালতে ২০১৫-২০১৬ চনত এনৰেগা আঁচনিৰ জৰিয়তে সমুদাই ২৬.২০ লাখ টকা আৱণ্টন দিয়া হৈছিল যদিও বিভিন্ন আঁচনিৰ কাম বিজেপি নেতৃত্বাধীন চৰকাৰে দায়িত্ব লোৱাৰ পাছতেই এই উন্নয়নমূলক কামত স্তব্ধ হৈ পৰে ।

  • অসমৰ চিনাকী হ'ব লাগিছিল ৰেচম পাম

এই ক্ষেত্ৰত অসম বিজ্ঞান সমিতি, কলিয়াবৰ শাখাৰ সভাপতি তথা শিক্ষক ভূপেন শৰ্মাই কয়, "বিভাগীয় অৱহেলাৰ নিদৰ্শন এই ৰেচম পামখন । বৰ্তমান বিভাগীয় বিষয়াৰ গুৰুত্বহীনতাৰ বাবেই ধ্বংসৰ গৰাহত কলিয়াবৰৰ তিনিখনকৈ চৰকাৰী ৰেচম পাম । কলিয়াবৰৰ ৰেচম বিভাগৰ নলতলিৰ আৰিমৰা, দেউৰী চিলাবন্ধাত থকা ৰেচম কেন্দ্ৰ দুটাৰো দুৰৱস্থা । ৰেচম শিল্পত অসমৰ চিনাকী দ্বাদশ শতিকাৰ পৰা বুলি জনা যায় । কিন্তু অতি চিন্তনীয় বিষয় হ'ল অসমৰ চাহে পট্টন পালে ঊনবিংশ শতিকাত । আচলতে অসমৰ চিনাকী হ'ব লাগিছিল ৰেচম পাম ।"

তেওঁ পুনৰ কয়, "যোৱা বৰ্ষত নলতলিত অনুষ্ঠিত এক সভাত উপস্থিত হৈ যিখিনি কথা গম পাইছিলো, তাৰ পৰা এইটো প্ৰমাণিত হয় যে বিভাগটোৰ প্ৰতি চৰকাৰৰ কোনো সদিচ্ছা নাই । ই হ'ল সম্পূৰ্ণ কৰ্মচাৰী নিৰ্ভৰ এক কাম । ইয়াত বিষয়াতকৈ কৰ্মচাৰীৰ কাম বেছি । কিন্তু কৰ্মচাৰীকো গুৰুত্ব দিয়া নহয় বা বিষয়াসকলে আঁচনিৰ তৈয়াৰ নকৰে ।"

তেওঁ আৰু কয়, "আমি শুৱালকুছি বা মুগাৰ কথা কৈ আছো । কিন্তু পৃথিবীৰ ক'তো নোপোৱা মুগাৰ উন্নয়নৰ বাবে একো কৰা নাই । ইমানবোৰ কথা জনাৰ পাছতো চৰকাৰে কিয় বিশেষ উদ্যোগ লৈ শিল্পটো জীয়াই ৰখাৰ চেষ্টা নকৰে সিহে গভীৰ ৰহস্যৰ বিষয় ।"

  • ১৯৩০লৈকে তাঁতী জনগোষ্ঠীৰ মাজত সীমাবদ্ধ বয়নশিল্প

বিভিন্ন তথ্যত প্ৰকাশ পোৱা মতে, ১১শ শতিকাত পাল ৰাজবংশৰ ৰজা ধৰ্মপালে ২৬টা বোৱনী পৰিয়ালক তাঁতীকুছিৰ পৰা শুৱালকুছিলৈ লৈ আহিছিল । ১৭শ শতিকাত মোগলক পৰাস্ত কৰি শানসকলে শুৱালকুছি দখল কৰাৰ পিচত ইয়াত বয়নশিল্প গঢ় লৈ উঠিবলৈ ধৰে । প্ৰায় ১৯৩০ চনমানলৈকে কেৱল তাঁতী জনগোষ্ঠীৰ মাজত সীমাবদ্ধ এই শিল্প লাহে লাহে আনবোৰ জনগোষ্ঠীৰ লোকেও গ্ৰহণ কৰিবলৈ ধৰে । কৌটিল্যৰ অৰ্থশাস্ত্ৰত কামৰূপৰ পাট-মুগা শিল্পৰ কথা উল্লেখ আছে ।

  • দেশৰ ৫০ শতাংশ পলু উৎপাদন হয় অসমত

ভাৰতৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলতে ৯৫ শতাংশ এৰী পলু উৎপাদন হয় আৰু অসমত ৫০ শতাংশ উৎপাদন হয় । এৰী শিল্পৰ লগত অসমৰ প্ৰায় ডেৰ লাখ পৰিয়াল জড়িত হৈ আছে । কাৰ্বি-আংলং, কোকৰাঝাৰ, লখিমপুৰ, ধেমাজী, কামৰূপ, গোৱালপাৰা, যোৰহাট, দৰং আদি জিলাত এৰী পলু পালন কৰা হয় । অসম চৰকাৰৰ বিভাগীয় তথ্য মতে, অসম চৰকাৰৰ হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগৰ প্ৰশাসনীয় নিয়ন্ত্ৰণৰ অধীনত ১৯৫৮ চনত স্থাপিত হোৱা ৰেচম মন্ত্ৰালয়ে ১৯৮৩ চনৰ জুলাইলৈ বয়ন আৰু ৰেচম মন্ত্ৰালয় বুলি এটা পৃথক নামকৰণেৰে কাৰ্যনিৰ্বাহ কৰি আছিল ।

১৯৮৩ চনৰ জুলাইত বয়নক হস্ততাঁত আৰু বস্ত্ৰ মন্ত্ৰালয় হিচাপে জনাজাত এক নতুন মন্ত্ৰালয় হিচাপে দ্বিখণ্ডিত কৰি এই মন্ত্ৰালয়টো অসমৰ ৰেচম মন্ত্ৰালয় হিচাপে পৃথক হৈছিল । ৰেচম বিভাগৰ বিচ্ছিন্নতাৰ পাছৰে পৰা ৰাজ্যখনৰ চিল্ক আৰু চিল্ক উৎপাদৰ সৈতে সম্পৰ্কিত সকলো কাৰ্যকলাপৰ বাবে সহযোগী বিভাগ হিচাপে ই কাৰ্যনিৰ্বাহ কৰি আহিছে ।

ৰাজ্যখনৰ সমগ্ৰ ৰেচমৰ গঠন নিয়ন্ত্ৰণ কৰিবলৈ অসম চৰকাৰে বিটিচিৰ কোকৰাঝাৰ, ডিফু আৰু ডিমা হাছাওত চাৰিটা অতিৰিক্ত সঞ্চালকৰ কাৰ্যালয়, লখিমপুৰৰ ঢকুৱাখনাত এটা গৱেষণা প্ৰতিষ্ঠান, ধেমাজিৰ গোগামুখ আৰু জোনাইত দুটা প্ৰায়োগিক তথ্য কেন্দ্ৰ, ২৯ টা জিলা কাৰ্যালয়, ২৮ টা উপ-বিভাগীয় কাৰ্যালয়, ৩৮৪টা পাম, কেন্দ্ৰ, ৰীলিং আৰু স্পীনিং গোট, তিনিটা লেটা-গুটি বেংক, তিনিটা প্ৰকল্প ইত্যাদি সৃষ্টি কৰিছে । তদুপৰি এটা সম্পূৰ্ণ প্ৰায়োগিক কৃষি ভিত্তিক উদ্যোগ হিচাপে ৰেচমৰ প্ৰশিক্ষণ প্ৰদান কৰিবলৈ যোৰহাট জিলাৰ অধীনত তিতাবৰত এখন ৰেচম প্ৰশিক্ষণ প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰা হৈছে ।

লগতে পঢ়ক:ৰেচম বিভাগৰ অনিহাত বিধ্বস্ত মুগা পালক !

দুকুৰিৰো অধিক মুগা পালকৰ পানীত হাঁহ নচৰা অৱস্থা - Muga Farmers Condition

ABOUT THE AUTHOR

...view details