নগাঁও, 18 মে’ :নিৰ্বাচন আহিলেই মনোনয়ন দাখিল কৰি দেহৰক্ষী লৈ কেইদিনমানৰ বাবে ভি ভি আই পি হৈ পৰা এগৰাকী প্ৰাৰ্থী । নাম আবু শ্বামা । নগাঁও জিলাৰ জুৰীয়াৰ মাহেৰীপাৰত ঘৰ এইজন আবু শ্বামাৰ । এইবাৰো নগাঁও লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী এইজন আবু শ্বামা ৷ শেহতীয়াকৈ তেওঁৰ কেইবাটাও অশ্লীল ভিডিঅ’ বিভিন্ন মাধ্যমত ভাইৰেল হৈ পৰাৰ পাচতেই এতিয়া লাগিছে তোলপাৰ । ভাইৰেল হৈছে লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী আবু শ্বামাৰ পৰস্ত্ৰীৰ সৈতে অন্তৰংগ মুহূৰ্তৰ অতি অশ্লীল ভিডিঅ’ ।
আচলতে নগাঁও লোকসভা সমষ্টিৰ এইগৰাকী নিৰ্দলীয় প্ৰাৰ্থী আবু শ্বামাৰ জুৰীয়া বজাৰত আছে এখন ফাৰ্মাচী । ফাৰ্মাচীখনৰ নাম জান মেডিকেল । এই জান মেডিকেলতেই চিকিৎসা কৰিবলৈ অহা মহিলাক জান বুলি মাতি অসৎ চৰিতাৰ্থ কৰাৰ অভিযোগ আছে শ্বামাৰ বিৰুদ্ধে । আনকি অন্য পুৰুষৰ সহ-ধৰ্মিনীক প্ৰেমৰ জালত পেলাই অসৎ কাৰ্যত লিপ্ত হোৱাৰো অভিযোগ উত্থাপন হৈছে এইজন আবু শ্বামাৰ বিৰুদ্ধে । কেৱল অভিযোগেই নহয়, মহিলাৰ সৈতে কু-কাৰ্যত লিপ্ত হৈ ভিডিঅ’ বনাই বুলিও জানিব পৰা গৈছে ৷ এতিয়া এই অশ্লীল ভিডিঅ’ পোহৰলৈ অহাৰ পাচত সকলোৱে ধিক্কাৰ-গৰিহণা দিছে সাংসদ প্ৰাৰ্থী আবু শ্বামাক ।
এগৰাকী ব্যৱসায়ীৰ পত্নীক প্ৰেমৰ জালত পেলাই অসৎ চৰিতাৰ্থ পূৰণ কৰা উপৰিও মহিলাগৰাকীক ব্লেকমেইলিং কৰি কেইবালক্ষাধিক টকাও আদায় কৰি নিয়াৰ অভিযোগ উত্থাপন হৈছে এইজন আবু শ্বামাৰ বিৰুদ্ধে । অনলাইন যোগে আবু শ্বামাক ধন দিয়াৰ তথ্যও ৰাজহুৱা কৰিছে মহিলাগৰাকীয়ে । চিকিৎসাৰ বাবে ফাৰ্মাচীলৈ যোৱা মহিলাৰ শ্লীলতা হানি কৰাৰ উপৰিও ব্লেকমেইলিং কৰি ধন আদায় কৰা সন্দৰ্ভত শুকুৰবাৰে বিয়লি মহিলাগৰাকীয়ে ন্যায় বিচাৰি নগাঁও জিলা আৰক্ষী অধীক্ষকৰ ওচৰত দাখিল কৰিছে এজাহাৰ ।