জোনাই : দুটা টকা বেছিকৈ উপাৰ্জন কৰাৰ আশাৰে জোনাইত বহুদিন পূৰ্বে মুকলি কৰা হৈছিল হোম চুইট হোম নামৰ হোটেলখন ৷ হোটেলখনৰ নামটোৱে গ্ৰাহকক আকৰ্ষিত কৰাতো স্বাভাৱিক ৷ এৰা, ঘৰৰ আঁতৰত এখন ঘৰ পালে কাৰনো থাকিবলৈ মন নাযাব ৷ হোটেললৈ গ্ৰাহক অহা মানেই গৰাকীলৈয়ে ভাল ৷ উপাৰ্জন হ’ব ধন ৷ এনেও বাণিজ্যে বসতিঃ লক্ষ্মী ৷
পিছে আপুনি বা মই ভবাৰ দৰে কথাবোৰ ভবা নাছিল হোটেলৰ গৰাকীয়েহে ৷ তেন্তে আপুনি জানিব বিচাৰিব যে হোটেলৰ গৰাকীয়েনো বিচাৰিছিল কি ? ৰ’ব তাকো জনাইছো আমি ৷ হোটেলৰ গৰাকীৰ উদ্দেশ্যটো ঠিক তেনে নাছিল, তেওঁ আছিল কিছু সুকীয়া ৷
তেওঁ ভাবিছিল যে হোটেল মুকলি কৰিলেও অসৎ পথেৰেও আহিব টকা ৷ সেই ভাবিয়েই হোম চুইট হোমত মুকলিকৈ চলাই গৈছিল দেহ ব্যৱসায় ৷ অৱশ্যে এই অভিযোগ আমাৰ নহয়, স্থানীয় সংগঠন আৰু ৰাইজৰহে ৷ পিছে হোটেলৰ গৰাকীৰ শুক্ৰগ্ৰহৰ দশা চলি আছিল চাগে ৷
বিশেষ সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত জোনাইৰে টি এম পি কে আঞ্চলিক সমিতিৰ লগতে স্থানীয় ৰাইজৰ এটা সঁজাতি দলে হোটেলখনত চলাই অভিযান ৷ সেই সময়ত এগৰাকী কিশোৰীৰ সৈতে দুটি সন্তানৰ পিতৃ তথা জোনাইৰ তৰাজান গাঁৱৰ নিবাসী পৰিষদ দলে নামৰ ব্যক্তিজনক হোটেলৰ এটা কোঠাৰ পৰা উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে ৷ যাৰ দ্বাৰা হোটেলখনত ব্যৱসায়ৰ নামত অবৈধ দেহ ব্যৱসায় চলি থকা কথাটো পোহৰলৈ আহে ৷
জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাষতে অৱস্থিত এই হোম চুইট হোম নামৰ হোটেলখনৰ স্বত্বাধিকাৰী হৈছে দীপক শইকীয়া নামৰ এজন ব্যক্তি ৷ স্থানীয় আৰক্ষী-প্ৰশাসনৰ অজ্ঞাতে ধনৰ বিনিময়ত দীৰ্ঘদিনৰে পৰা হোটেলখনত অসামাজিক কাৰ্যকলাপ চলাবলৈ স্বত্বাধিকাৰীয়ে একাংশ অসাধু ব্যক্তিক বৰপীৰা পাৰি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে স্থানীয় দল-সংগঠনে ।