জোনাই, ১৬ মাৰ্চ : চৰকাৰী তথ্য মতে কাগজে-পত্ৰই ইয়াত গাঁও আছে যদিও তাৰ প্ৰকৃত ছবি এয়াহে । হয়, এয়া চিলাপথাৰৰ মালিনীপুৰ পঞ্চায়তৰ দৃশ্য ৷ বাৰিষা কালত মালিনীপুৰত পাহাৰীয়া খৰস্ৰোতা পিয়া নলাৰ বানে চলোৱা বিভীষিকাই মৰিশালিলৈ পৰ্যৱসিত কৰে তিনিখনকৈ গাঁৱক ৷ একেবাৰেই শুকান হৈ পৰা এই তিনিখন কৃষিজীৱী গাঁৱত আজিও উন্নয়নৰ আন্তঃগাঁথনিৰ অভাৱ ।
অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী মালিনীপুৰ পঞ্চায়তত বিগত বৰ্ষৰ বাৰিষাত চুবুৰীয়া প্ৰদেশখনৰ লিকাবালি পাহাৰৰ পৰা বাগৰি অহা পিয়া নলাৰ বানে বিধস্ত কৰে ৪৭ টা পৰিয়ালৰ ঘৰ-ভেটি । যোৱা বাৰিষাৰ এটা পুৱতি নিশা আকস্মিকভাৱে অহা পাহাৰীয়া নলাৰ ভয়ংকৰ বানে চকুৰ পচাৰতে উটুৱাই নিয়ে স্থানীয় ৰাইজৰ ঘৰবাৰী ।
বানৰ লগত অহা বালি-পলসে পুতি ধংসস্তুপত পৰিণত কৰিলে পঞ্চায়তখনৰ ৫ নং ৱাৰ্ড বংকৰপল, চিলি হাতীগড় আৰু ভাঞ্চে গাঁও । নিমাত নিতাল মৰিশালি সদৃশ পৰিৱেশে আজিও বিৰাজ কৰি আছে সেই অঞ্চলত । বানত সৰ্বস্ব হেৰুৱাই আত্মীয় স্বজনৰ ঘৰত আজি পৰ্যন্ত আশ্ৰয় লৈ আছে বানাক্ৰান্তই । বিস্তৃত কৃষিপথাৰ, মূল্যবান গছ- গছনি, ফচলৰ বাৰী সকলো বালি আৰু পলসৰ তলত পোত গ'ল । বিশাল মৰুভূমিলৈ পৰিণত হ'ল উৰ্বৰ কৃষিভূমি ।