তিনিচুকীয়া :তিনিচুকীয়া জিলাৰ ডুমডুমাত চাঞ্চল্যকৰ ঘটনা । ধৰ্ষণৰ বলি এগৰাকী ১৪ বছৰীয়া কিশোৰী । প্ৰায় ৬ মাহ পূৰ্বে সংঘটিত এই ঘটনা পোহৰলৈ আহিছে কিশোৰীগৰাকী অসুস্থ হোৱাৰ পাছত । ডুমডুমাৰ কাষৰীয়া এটা অঞ্চলত এই ঘটনাটো সংঘটিত হৈছিল ।
ঘটনাটো কি ?
অভিযোগ অনুসৰি সমনীয়াৰ সৈতে খেলি আছিল কিশোৰীগৰাকীয়ে । খেলি থকা স্থানৰ পৰাই কিশোৰীগৰাকীক ওচৰৰে এজন কিশোৰে এটা বাসগৃহলৈ ফুচুলাই লৈ গৈছিল । তাৰ পাছতে অভিযুক্তই কিশোৰীগৰাকীক ধৰ্ষণ কৰে । কেৱল এজন কিশোৰেই নহয় এই ধৰ্ষণৰ ঘটনাত আন ৬ জন কিশোৰো জড়িত থকাৰ অভিযোগ উঠিছে ।
অভিযোগ অনুসৰি কিশোৰীগৰাকীৰ চকু আৰু মুখত কাপোৰ বান্ধি কিশোৰৰ দলটোৱে ধৰ্ষণ কৰিছিল । ইফালে এই সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত আছিল অভিযুক্তৰ পৰিয়াল । তেওঁলোকে ভুক্তভোগী কিশোৰী আৰু তেওঁৰ পৰিয়ালক বিভিন্ন ধৰণৰ ভাবুকিও দিছিল । ধনৰ লোভ দিয়াৰ লগতে এই বিষয়ে আৰক্ষীক অৱগত কৰিলে পৰিয়ালটোৰ ঘৰ জ্বলাই দিব বুলিও ভাবুকি প্ৰদান কৰিছিল !