মৰাণ : গুৰুজনাৰ অমৰ সৃষ্টি গায়ন-বায়ন অসমৰ বিভিন্ন জাতি জনগোষ্ঠী সমূহে অমূল্য সম্পদ হিচাপে জীয়াই ৰাখিছে । তাৰ এক নিদৰ্শন দেখা গ'ল ডিব্ৰুগড় জিলাৰ টিংখাঙত । এযোৰা- দুযোৰা নহয় প্ৰায় ১২০ যোৰা গায়ন-বায়নৰ দলৰ একত্ৰিত গায়ন শৈলী পৰিৱেশনেৰে সৃষ্টি কৰে এক অনন্য আধ্যাত্মিক পৰিৱেশ ।
সময়ৰ লগে লগে মৃদঙীয়া গায়ন-বায়নৰ চৰ্চা কিছু হ্ৰাস পাবলৈ ধৰাত এই পৰম্পৰা যাতে কেৱল নামঘৰ, সত্ৰতে সীমাবদ্ধ হৈ নাথাকে তাৰ বাবে চেষ্টা কৰিছে মৃদঙীয়া গায়ন বায়ন সংস্থাই । মৃদঙীয়া গায়ন-বায়ন সংস্থা অসমৰ অন্তৰ্গত ডিব্রুগড় জিলা মৃদঙীয়া গায়ন-বায়ন সংস্থাৰ তৃতীয় দ্বি-বার্ষিক অধিৱেশন আৰু গায়ন-বায়ন সমাৰোহখনি দুদিনীয়াকৈ টিংখাঙত অনুষ্ঠিত হয় ।
ডিব্রুগড় জিলা মৃদঙীয়া গায়ন-বায়ন সংস্থাৰ তৃতীয় দ্বি-বার্ষিক অধিবেশন (ETV Bharat Assam) মৃদঙীয়া গায়ন-বায়ন সংস্থাৰ টিংখাং আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ৰাইডংঙীয়া নামঘৰৰ পৰিচালনা সমিতিৰ আতিথ্যত বেতনি ৰাজহুৱা খেল পথাৰত অনুষ্ঠিত হোৱা দুদিনীয়া ধৰ্মীয় কাৰ্যসূচীৰে বৃহস্পতিবাৰে সামৰণি পৰে ।
সমাৰোহৰ শেষৰ দিনটোত ডিব্ৰুগড় জিলাৰ ১২০যোৰা গায়ন-বায়নৰ দলে মৃদঙীয়া গায়ন-বায়ন সংস্কৃতি প্ৰদৰ্শন কৰে । জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰে ।
ডিব্রুগড় জিলা মৃদঙীয়া গায়ন-বায়ন সংস্থাৰ তৃতীয় দ্বি-বার্ষিক অধিবেশন (ETV Bharat Assam) - এই সংস্কৃতি নতুন প্ৰজন্মৰ মাজলৈ কঢ়িওৱাৰ চেষ্টা :
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অমৰ সৃষ্টি গায়ন বায়ন। গায়ন-বায়ন পৰিৱেশনত বাদ্য হিচাপে মৃদংগ ব্যৱহাৰ কৰিলে মৃদঙীয়া গায়ন-বায়ন বুলি কোৱা হয় । সময়ৰ লগে লগে মৃদঙীয়া গায়ন-বায়নৰ চৰ্চা কিছু কমি আহিছে যদিও কিছু সংখ্যকে ধৰি ৰাখিবলৈ চেষ্টা কৰিছে গুৰুজনাৰ সৃষ্টিৰাজীক । বিশেষকৈ বৈষ্ণৱ সত্ৰীয়া সমাজৰ পৰম্পৰা গায়ন-বায়ন বা মৃদঙীয়া এৰাব নোৱাৰা সম্পদ ।
ডিব্রুগড় জিলা মৃদঙীয়া গায়ন-বায়ন সংস্থাৰ তৃতীয় দ্বি-বার্ষিক অধিবেশন (ETV Bharat Assam) ইতিহাসৰ পাত লুটিয়াই জানিব পৰা অনুসৰি গুৰুজনা শ্ৰীমন্ত শংকৰদেৱে পোনপ্ৰথমে গায়ন-বায়নৰ পৰম্পৰা আৰম্ভণি কৰিছিল । বৰ্তমান সময়ত এই পৰম্পৰা যাতে কেৱল নামঘৰ, সত্ৰতে সীমাবদ্ধ হৈ নাথাকে তাৰ বাবে চেষ্টা কৰিছে মৃদঙীয়া গায়ন বায়ন সংস্থাই । এই সংস্কৃতি নতুন প্ৰজন্মৰ মাজলৈ কঢ়িয়াই নিবলৈ গঠন হোৱা মৃদঙীয়া গায়ন বায়ন সংস্থাই বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত । এই সন্দৰ্ভত এগৰাকী উদ্য়োক্তাই কয়, "ডিব্রুগড় জিলা মৃদঙীয়া গায়ন-বায়ন সংস্থাই এই সংস্কৃতি জীয়াই ৰাখিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে ।"