বৰপেটা,১৬ মাৰ্চ :ভাৰতৰ নিৰ্বাচন আয়োগে শনিবাৰে লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰে । কিন্তু তাৰ পূৰ্বেই অসমত এগৰাকী প্ৰাৰ্থীয়ে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে । তেওঁ হৈছে অসম জাতীয় পৰিষদৰ উপ সভাপতি দুলু আহমেদ । দলে প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই যদিও দুলু আহমেদে নিজেই বৰপেটা সমষ্টিৰ বাবে নিজৰ প্ৰাৰ্থিত্ব ঘোষণা কৰিছে আৰু সমষ্টিটোৰ বিভিন্ন প্ৰান্তত দলীয় কৰ্মীসকলক সাক্ষাৎ কৰিবলৈ আৰম্ভ কৰিছে । তাৰ অংশ হিচাপে শনিবাৰে দুলু আহমেদে নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পূৰ্বে বৰপেটাৰ ভেল্লাত দুলু আহমেদে প্ৰচাৰ চলায় ।
দুলু আহমেদে দাবী কৰা মতে বৰপেটা সমষ্টি তেওঁৰ গৃহ সমষ্টি গতিকে তেওঁ তাত প্ৰতিদ্বন্দ্বিতা কৰিব ৷ তেওঁৰ মতে বিজেপি মিত্ৰজোঁট অগপৰ প্ৰাৰ্থীগৰাকী দুৰ্বল ৷ ফণীভূষণ চৌধুৰীক আক্ৰমণ কৰি তেওঁ কয় যে অগপৰ প্ৰাৰ্থীগৰাকীয়ে মঞ্চই মঞ্চই কন্দা-কটা আৰম্ভ কৰিছে । ৰাজ্যিক বিজেপিৰ সভাপতিয়ে কৈছে তেওঁলোকৰ জয়ী হোৱাৰ সংখ্যাটো ৫০ পৰা ৮০ হাজাৰ ৷ কিন্তু অগপৰ প্ৰাৰ্থীগৰাকীয়ে আৰু দুই-তিনিদিন কন্দা কটা কৰিলে সেই ৮০ হাজাৰটো তেওঁৰ তাত আহিব বুলিও মন্তব্য কৰে দুলু আহমেদে ৷