মাজুলী, ১২ জুলাই :অভাৱ ৷ অভাৱৰ ফলত লোৱা হয় বহু নল'বলগীয়া সিদ্ধান্ত । তাতে যদি সন্তানৰ কথা আহি পৰে তেতিয়া যিকোনো সিদ্ধান্তই গ্ৰহণ কৰিবলৈ সাজু হৈ পৰে পিতৃ-মাতৃ । মাজুলীত এগৰাকী মাতৃৰ সেমেকা দুচকু । দিশহাৰা মাতৃৰ উচুপনিত সেমেকিছে ঘৰখন । বিক্ৰী কৰিবলৈ ওলাইছে নিজৰ কিডনী ।
মানুহগৰাকীৰ নাম ৰূপালী বৰা শইকীয়া । মানুগৰাকীৰ কন্যা দ্বীপশিখা শইকীয়া চিকিৎসাধীন গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত । যোৱা বছৰ এপ্ৰিল মাহৰ পৰা অসুস্থ তেওঁ । কন্যা দ্বীপশিখা শইকীয়াক সুস্থ কৰি তুলিবৰ বাবে ৰূপালী বৰা শইকীয়াই মাজুলীৰ লগতে যোৰহাট, ডিব্ৰুগড়ত বিভিন্নজন চিকিৎসকৰ কাষ চাপিলে যদিও নাপালে অলপো সুফল । উপায়ন্তৰ হৈ উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ যায় দ্বীপশিখাক । পিচে প্ৰয়োজন হ'ল বৃহৎ ধনৰাশিৰ । চিকিৎসক আৰু নাৰ্চৰ ভৰসাত ১৩ বছৰীয়া নিজ কন্যাক এৰি ধনৰ যোগাৰ কৰিবলৈ মাজুলী পালেহি ৰূপালী বৰা শইকীয়া । পিচে এতিয়াও যোগাৰ হোৱা নাই পৰ্যাপ্ত ধনৰাশি ।