অসম

assam

ETV Bharat / state

নগাঁৱত 144 ধাৰা জাৰি: ভোটদানৰ 48 ঘণ্টা পূৰ্বৰে পৰা প্ৰযোজ্য হ’ব ড্ৰাই ডে’ - Lok sabha Election 2024 - LOK SABHA ELECTION 2024

2nd phase of Lok sabha Election: 26 এপ্ৰিলত হ’ব লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ শান্তিপূৰ্ণ ভোটগ্ৰহণৰ বাবে নগাঁৱত 144 ধাৰা জাৰি কৰাৰ লগতে ড্ৰাই ডে’ ঘোষণা কৰা হৈছে । জিলাখনত 144 ধাৰা জাৰি থকা সময়ছোৱাত কি কি কাম আপুনি কৰিব নোৱাৰিব ? কি কি কাম কৰিলে আপুনি বিপদত পৰিব পাৰে ? সৱিশেষ জানক এই প্ৰতিবেদনত...

Dry day declared and Section 144 to be imposed from 24 april in Nagaon 2nd phase of LS Election
24 এপ্ৰিলৰ সন্ধিয়াৰে পৰা নগাঁৱত ড্ৰাই ডে’ ঘোষণা

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 6:58 AM IST

Updated : Apr 24, 2024, 10:01 AM IST

নগাঁও, 24 এপ্ৰিল:নগাঁও জিলাত অহা 26 এপ্ৰিলত হ’ব লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ এই ভোটগ্ৰহণ শান্তিপূৰ্ণ আৰু সুৰক্ষিতভাবে অনুষ্ঠিত কৰাৰ উদ্দেশ্যৰে নগাঁও জিলাৰ জিলা দণ্ডাধীশ নৰেন্দ্ৰ কুমাৰ শ্বাহে মঙলবাৰে জাৰি কৰা এক আদেশৰ জৰিয়তে জিলাখনত তাৎক্ষণিকভাবে কাৰ্যকৰী হোৱাকৈ ভাৰতীয় ফৌজদাৰী দণ্ডবিধিৰ 144 ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে ।

সেই অনুসৰি ৰাজহুৱা স্থানত 5 জনতকৈ অধিক লোকৰ সমাৱেশ, শোভাযাত্ৰা, শ্লোগান ইত্যাদি কাৰ্যত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । তদুপৰি শোভাযাত্ৰা, ৰাজহুৱা সভা,মাৰণাস্ত্ৰ তথা বিস্ফোৰক সামগ্ৰী লৈ যাত্ৰা, প্ৰতিকৃতি দাহ ইত্যাদি কাৰ্যটো নিষেধাজ্ঞা জাৰি কৰা হৈছে । ইয়াৰ লগতে, সক্রিয় ৰাজনৈতিক বক্তৃতা, ৰাজনৈতিক শ্লোগান, ৰাজনৈতিক বেনাৰ, পোষ্টাৰ তথা ৰাজনৈতিক সভা ইত্যাদি অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

তদুপৰি ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হোৱাৰ পূৰ্বৰ 48 ঘণ্টাৰ ভিতৰত কোনোধৰণৰ ৰাজনৈতিক কাৰ্যকলাপ আদি গ্ৰহণ কৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে । এই আদেশ উলংঘা কৰা লোকৰ বিৰুদ্ধে আইন অনুসৰি শাস্তিমূলক ব্যবস্থা লোৱা হ’ব বুলিও নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে ।

আনহাতে, জিলাখনত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণলৈ লক্ষ্য ৰাখি অনাগত দুটা দিন পৰ্যন্ত সুৰাৰ বিপণি বন্ধ থাকিব বুলি ঘোষণা কৰিছে নগাঁও জিলা আয়ুক্তই । লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই নগাঁও জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এই বিশেষ ঘোষণা । নগাঁও জিলা আয়ুক্তই মঙলবাৰে এক আদেশযোগে জিলাখনত দুদিনৰ বাবে ঘোষণা কৰিছে ড্ৰাই ডে' ।

23 এপ্ৰিলত জাৰি কৰা এক আদেশৰ জৰিয়তে অহা 24 এপ্ৰিলৰ বিয়লি 5 বজাৰ পৰা 26 এপ্ৰিলৰ বিয়লি 5 বজা পৰ্যন্ত কাৰ্যকৰী হোৱাকৈ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া এলেকাত ঘোষণা কৰিছে ড্ৰাই ডে' । বিশেষকৈ জিলাখনৰ 55 নং ধিং সমষ্টি , 56 নং ৰূপহীহাট সমষ্টি , 58 নং চামগুৰি সমষ্টি ,60 নং নগাঁও-বটদ্ৰৱা সমষ্টি আৰু61 নং ৰহা (এছ.চি), বিধানসভা সমষ্টিত ড্ৰাই ডে’ ঘোষণা কৰিছে প্ৰশাসনে ।

তদুপৰি 4 জুনত ভোটগণনাৰ দিনটোতো ভোট গণনা প্ৰক্ৰিয়া সমাপ্ত নোহোৱা পৰ্যন্ত ড্ৰাই ডে’ ঘোষণা কৰা হৈছে । আদেশটোত জিলা আয়ুক্তগৰাকীয়ে আগন্তুক লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত 9নং নগাঁও লোকসভা সমষ্টিৰ অন্তর্গত নগাঁও জিলাখনত সকলোধৰণৰ নিচাযুক্ত সামগ্রী, দেশী- বিদেশী সুৰা আৰু ব্যৱসায়িকভাৱে প্রস্তুত কৰা নিচাযুক্ত সুৰাৰ বিক্ৰী, সৰবৰাহ, বিতৰণ আৰু সেৱন সম্পূর্ণৰূপে নিষিদ্ধ ঘোষণা কৰিছে । জিলাখনৰ সকলো হোটেল, ধাবা, অন্য বিভিন্ন ব্যৱসায়িক প্রতিষ্ঠান, ব্যক্তিগত আৰু ৰাজহুৱা স্থানত সকলোধৰণৰ নিচাযুক্ত দ্ৰব্যৰ প্ৰচলন, বিক্রী, ইত্যাদি সম্পূর্ণৰূপে বন্ধ ঘোষণা কৰিছে ।

তদুপৰি জিলাখনত থকা সকলো ব’ণ্ডেড ৱেৰ হাউচ, আই এম এফ এল খুচুৰা অফ অন সুৰাৰ দোকান, ক্লাব আদিকে ধৰি সকলো দেশী-বিদেশী সুৰাৰ বিপণি বন্ধ ৰখাৰ নির্দেশনা জাৰি কৰা হৈছে ।

লগতে পঢ়ক:২৪ এপ্ৰিলৰ সন্ধিয়া ৫ বজাৰ পৰা ২৬ এপ্ৰিল সন্ধিয়া ৫ বজালৈকে ড্রাই ডে' - Lok Sabha Election 2024

Last Updated : Apr 24, 2024, 10:01 AM IST

ABOUT THE AUTHOR

...view details