তিনিচুকীয়া, 3 জুন: 8 দিনৰ অন্ততঃ জীৱন্তে ভূমিস্থ হোৱা তিনি শ্ৰমিকৰ ভিতৰত এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ তিনিচুকীয়া জিলাৰ লিডুৰ টিককত অবৈধ আণ্ডাৰ গ্ৰাউণ্ড মাইনিং অথবা মাইনিঙত কয়লা খনন কৰিবলৈ গৈ জীৱন্তে ভূমিস্থ হৈছিল তিনি কয়লা শ্ৰমিক ৷
অবৈধ কয়লাৰ বেহাৰ স’তে জড়িত মাফিয়াক গ্ৰেপ্তাৰৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ (Etv bharat assam) অৱশ্যে এয়া কোনো নতুন ঘটনা নহয় । ইয়াৰ পূৰ্বেও বহু খনিৰ শ্ৰমিক অবৈধ আণ্ডাৰগ্ৰাউণ্ড কয়লাখনিত আৱদ্ধ হৈ মৃত্যুমুখত পৰিছে ৷ এই সমগ্ৰ ঘটনা সন্দৰ্ভত সৰৱ হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি উমানন্দ মুদৈ মৰাণে ।
উমানন্দ মুদৈ মৰাণে এই সন্দৰ্ভত কয়, "পূৰ্বৰ ঘটনা অৰ্থাৎ প্ৰাঞ্জল মৰাণৰক উদ্ধাৰ কৰিবলৈ প্ৰয়োজন হৈছিল 84 দিনৰ সময় ৷ এতিয়া 84 দিনৰ ঠাইত 8 দিনতে এটা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ এইক্ষেত্ৰত আৰক্ষী, প্ৰশাসন, SDRF, NDRF ৰ সৱল নেতৃত্বৰ তথা তেওঁলোকৰ ভূমিকাক সকলোৱে স্বীকাৰ কৰিবই লাগিব । ইয়াৰ লগতে, মাৰ্ঘেৰিটা মহকুমাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত যিদৰে অভিযান চলাই প্ৰায় 3 কোটি টকা জব্দ কৰিবলৈ সক্ষম হৈছে সেয়াও প্ৰশংসাৰ যোগ্য ৷"
উমানন্দ মুদৈ মৰাণে লগতে কয়, " এই সমগ্ৰ ঘটনাৰ সৈতে কেইজনমান কয়লা মাফিয়া জড়িত থকাৰ সন্দেহ কৰা হৈছে । তেনেদৰেই কয়লা মাফিয়াসকলক আটক কৰি উচিত তদন্ত কৰিলেই সকলো তথ্য পোহৰলৈ আহিব বুলি আশা কৰিছো ৷ আচলতে কাৰ ছত্ৰছায়াত এই সমগ্ৰ কয়লাৰ চোৰাং বেহা চলি আছে সেয়া শীঘ্ৰেই তদন্তৰ আওতালৈ আনি দোষীক শাস্তিক দিব লাগে ৷"
লগতে পঢ়ক:কেনে আছে দাৱা, জন আৰু ফিনাল ? 7 দিন পৰ্যন্ত নাই শুংসূত্ৰ... - Laborers Trapped IN COAL MINES