তিনিচুকীয়া : গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যু প্ৰায় এমাহতকৈ অধিক সময় অতিক্ৰম কৰিলে ৷ কিন্তু এতিয়াও প্ৰয়াত শিল্পীগৰাকীৰ পৰিয়ালৰ কাষত বা তেওঁৰ টুপছিঙাৰ বাসগৃহত দৈনিক বহু গুণমুগ্ধৰ সমাগম হোৱা পৰিলক্ষিত হৈ আছে ৷ তেওঁৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই ৰাজ্যৰ আকাশ বতাহত তোলপাৰ লাগিছিল ৷
অন্যহাতে শিল্পীগৰাকীৰ জাতীয়তাবাদী চেতনাৰ ফিৰিঙতি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিয়পি পৰাৰ উপৰিও এইবাৰ ফিৰিঙতি পৰিলগৈ দেশৰ ৰাজধানী দিল্লীটো ৷ ইয়াৰে মাজতে শিল্পীগৰাকীৰ বাসগৃহত দেওবাৰে নিশা উপস্থিত হয় দেশৰ ৰাজনীতিৰ এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলৰ শীৰ্ষ নেতৃত্ব ৷
দিল্লীৰ পৰা শদিয়াত উপস্থিত হয় বিৰোধী ঐক্যৰ অন্যতম অংশীদাৰ দল তথা দেশৰ এগৰাকী বলিষ্ঠ বিৰোধী নেতা, উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা লোকসভাৰ সাংসদ অখিলেশ যাদৱৰ নেতৃত্ব বহন কৰা সমাজবাদী পাৰ্টীৰ কেন্দ্ৰীয় নেতৃত্বৰ এটা সজাতি দল । সজাতি দলটোত থাকে কেন্দ্ৰীয় সম্পাদক ভূপেন যোশী, অসম প্ৰদেশৰ নেতৃত্বত থকা ব্ৰজেন সন্দিকৈ সহিতে কেবাজনো দলৰ শীৰ্ষ নেতা ।
লগতে পঢ়ক :জনতাৰ শিল্পী ৰাজীৱ শদিয়াৰ পৰিয়াললৈ ৫ লাখ টকাৰ সাহাৰ্য ঘোষণা মুখ্যমন্ত্ৰীৰ লগতে পঢ়ক :এটা গীতৰ বাবে চৰ্চালৈ আহিছে সীমান্ত শেখৰ, পিছে পৰিৱেশনৰ বাবে নহয় চুৰিৰ বদনামেৰেহে ! |
এই দলটোৱে প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ ঘৰত উপস্থিত হৈ তেওঁৰ পৰিয়ালক সাক্ষাৎ কৰে ৷ লগতে গণশিল্পীগৰাকীৰ মৈদামত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ আত্মাৰ সদগতি কামনা কৰে ৷
উত্তৰ প্ৰদেশৰ সমাজবাদী পাৰ্টীৰ কেন্দ্ৰীয় সম্পাদক ভূপেন যোশীয়ে কয়, “ৰাজীৱ শদিয়াৰ মৃত্যুত অকল অসমৰ লোকচান নহয় সমগ্ৰ দেশবাসীৰ, সাংস্কৃতিক জগতৰ লোকচান হৈছে । ৰাজীৱ শদিয়া অকল অসমৰ সম্পদ নহয় দেশৰ সম্পদ আছিল ৷ আমিও তেখেতৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰিছো । ৰাজীৱ শদিয়াই গীতৰ জৰিয়তে সদায় অসমবাসীৰ সেৱা আগবঢ়াই আহিছিল ৷ সদায় অসমবাসীক, দেশবাসীক গানৰ জৰিয়তে একত্ৰিত কৰিবলৈ আহ্বান জনাই আহিছিল ৷’’