লখিমপুৰ, ২ ফেব্ৰুৱাৰী :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ প্ৰাকমুহূৰ্তত পূৰ্বৰ প্ৰতিশ্ৰুতি সোঁৱৰালে নিবনুৱা সন্থাই । সদৌ অসম নিবনুৱা সন্থাৰ কেন্দ্রীয় সম্পাদক জীৱন ৰাজখোৱাই প্ৰতিটো পৰিয়ালত নিয়োগৰ ব্যবস্থা কৰাৰ দাবী জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক । শনিবাৰে দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প্ৰধানমন্ত্ৰী গৰাকীয়ে দুদিনীয়া অসম ভ্রমণত কেইবাটাও কাৰ্যসূচীত অংশগ্রহণ কৰিব ।
সদৌ অসম নিবনুৱা সন্থাৰ কেন্দ্রীয় সম্পাদক জীৱন ৰাজখোৱাই প্ৰধানমন্ত্ৰী মোদীৰ অসম আগমনৰ প্ৰাকমুহূৰ্তত তেওঁৰ পূৰ্বৰ প্ৰতিশ্ৰুতিৰ কথা সোঁৱৰাই দি তেওঁৰ এই ভ্ৰমণৰ সময়তে নিবনুৱা নিয়োগৰ ব্যবস্থা গ্রহণ কৰিবলৈ দাবী জনায় । সদৌ অসম নিবনুৱা সন্থাৰ কেন্দ্রীয় সম্পাদক গৰাকীয়ে মোদীৰ অসম ভ্ৰমণলৈ সদৌ অসম নিবনুৱা সন্থাই আদৰণি জনাই কয়," মোদীয়ে প্ৰথমবাৰ প্ৰধানমন্ত্ৰী হোৱাৰ সময়তে ভয়াবহ নিবনুৱা সমস্যা দেশৰ অন্যতম সমস্যা বুলি অভিহিত কৰিছিল । এইক্ষেত্ৰত তেওঁ দেশৰ প্ৰতিটো পৰিয়ালত নিয়োগৰ ব্যবস্থা কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল । পিছে পৰৱৰ্তী সময়ত তেওঁ এই প্ৰতিশ্ৰুতি পাহৰি গ'ল ।"