অসম

assam

তিনি বছৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰত্যাহ্বান মাজত থাকি কাম কৰিছে : ৰূপজ্যোতি কুৰ্মী - MLA Rupjyoti Kurmi

By ETV Bharat Assamese Team

Published : Aug 26, 2024, 10:22 PM IST

MLA Rupjyoti Kurmi: যোৰহাটত অনুষ্ঠিত যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ দ্বি-বাৰ্ষিক অধিবেশনত উপস্থিত হৈ বৰ্তমান ৰাজ্যত সংঘটিত কেতবোৰ গুৰুত্বপূৰ্ণ সমস্যা সন্দৰ্ভত মন্তব্য কৰে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে বিধায়ক কুৰ্মী ।

Rupjyoti Kurmi says the Himanta Biswa Sarma govt is taking up the challenge and working
ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

যোৰহাট, ২৬ আগষ্ট :যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ দ্বি-বাৰ্ষিক অধিবেশনত উপস্থিত মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী । উক্ত অধিবেশনত অংশগ্ৰহণ কৰি সাংবাদিকৰে হোৱা বাৰ্তালাপত বিধায়কগৰাকীয়ে আগবঢ়াই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ।

ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

বিধায়ক কুৰ্মীয়ে কয়, "বিভিন্ন সময়ত বিভিন্ন প্ৰত্যাহ্বান আহে, কিন্তু শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তিনিবছৰ বিভিন্ন প্ৰত্যাহ্বান মাজেৰে কাম কৰি যাব লগা হৈছে । ৰাইজৰ পক্ষত থাকি সেই প্ৰত্যাহ্বান গ্ৰহণ কৰি সমাধান কৰিছে ।"

ইফালে ৰাজ্যত সংঘটিত নাৰীজনিত ঘটনাসমূহৰ সন্দৰ্ভত মৰিয়নীৰ বিধায়কগৰাকীয়ে কয়, "লখিমপুৰ, তেজপুৰ আৰু ধিঙৰ ঘটনা এতিয়া এটা স্পৰ্শকাতৰ বিষয় হৈ পৰিছে । বৰ্তমান ৰাজ্যত আইন হাতত তুলি লোৱা প্ৰৱণতা বৃদ্ধি পোৱা লগতে ৰাজ্য বিভিন্ন প্ৰান্তত মৰেল পুলিচিঙৰ ঘটনা বৃদ্ধি পাইছে । সেয়েহে সকলোৱে অসম আৰক্ষী ওপৰত আস্থা ৰাখি এনেবোৰ কামৰ পৰা আঁতৰি আহিব লাগিব আৰু আইন ভংগ হোৱা সম্ভৱনা দেখিলেই কাষৰ আৰক্ষীক অৱগত কৰক ।"

ৰূপজ্যোতি কুৰ্মীয়ে তেওঁ কয়, "বৰ্তমান ৰাজ্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰ নেতৃত্বত কৰ্মচাৰীসকলৰ মাজত এক কৰ্ম-সংস্কৃতি গঢ়ি উঠিছে আৰু কৰ্মচাৰীসকলৰ মাজত নতুনত্ব আনিবলৈ চৰকাৰখনে প্ৰয়াস কৰিছে । পূৰ্বতে কৰ্মচাৰীসকলৰ দৰমহা কম হোৱাৰ বাবে কমচাৰীসকল দুৰ্নীতিত লিপ্ত হৈছিল । বৰ্তমান দুনীতিগ্ৰস্ত কৰ্মচাৰী বিৰুদ্ধে চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ।

আনহাতে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বৰ্তমান সময়ত অসমৰ আইন-শৃংখলা পৰিস্থিতি কিমান ভাল সেই কথাৰো দোহৰাৰ লগতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ দিনত ৰাজ্যত বোমা-বাৰুদ শব্দ শুনিবলৈ পোৱা নায়ায় বুলিও উল্লেখ কৰে ।

লগতে পঢ়ক:ৰূপজ্যোতি কুৰ্মীৰ কণ্ঠত ইটোৰ পিচত সিটো দেশপ্ৰেমমূলক গীত : বিধায়কগৰাকীৰ কণ্ঠত মুগ্ধ অজস্ৰজন - MLA Rupjyoti Kurmi

মৰিয়নীৰ ৰাইজে বহুবাৰ এজন পগলা মানুহক ভোট দিলে: শৃংখল চলিহা - Shrinkhal Chaliha

ABOUT THE AUTHOR

...view details