হাফলং, 4 মাৰ্চ : ৰাজ্যজুৰি অব্যাহত আছে অসম চৰকাৰৰ বিকাশ যাত্ৰা ৷ এই বিকাশ যাত্ৰাৰ অংশ স্বৰূপে ডিমা হাছাও জিলাত 337 কোটি টকাৰ বিভিন্ন আঁচনিৰ উদ্বোধন কৰাৰ লগতে আন বহু অভিলাষী আঁচনিৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই ।
দেওবাৰে মাইবং চৰকাৰী এম ই স্কুল খেলপথাৰত অনুষ্ঠিত এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিতি হৈ দেৱলাল গাৰ্লোচাই এইসমূহ আচঁনিৰ উদ্বোধন কৰে ৷ ইয়াৰ লগতে আন বহু আঁচনিৰ আধাৰশিলা স্থাপন কৰে দেৱলাল গাৰ্লোচাই ।
এই অনুষ্ঠানত দেৱলাল গাৰ্লোচাই কয় যে বিগত 1 মাৰ্চৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিকাশ যাত্ৰাৰ সূচনা কৰে ৷ এই বিকাশ যাত্ৰা কাৰ্যসূচী 10 মাৰ্চলৈকে চলিব । উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদত প্লেনিং ব’ৰ্ড চলি থকাৰ বাবে এই বিকাশ যাত্ৰাৰ অনুষ্ঠান 3 মাৰ্চত অনুষ্ঠিত কৰা হয় ৷ পৰৱৰ্তী সময়ত উমৰাংছু আৰু 9 মাৰ্চ গুণজোঙত এই বিকাশ যাত্ৰাৰ অংশৰূপে বিভিন্ন আঁচনিৰ উদ্বোধনৰ লগতে আন বহু আঁচনিৰ আধাৰশিলা স্থাপন কৰা হ’ব ।