অসম

assam

ETV Bharat / state

যোৰহাটত কুখ্যাত ডকাইত বাবুল লাহনৰ নেতৃত্বত ব্যৱসায়ীক ধনদাবী - Extortion In Jorhat - EXTORTION IN JORHAT

Crime in Jorhat:যোৰহাটত পুনৰ ডকাইত বাবুল লাহনৰ তাণ্ডৱ । এইবাৰ ব্য়ৱসায়ীক ধন দাবী কৰাৰ অভিযোগ । ভুক্তভোগীয়ে কাষ চাপিল আৰক্ষীৰ ।

Crime in Jorhat
ব্যৱসায়ীক ধনদাবী

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 9:41 PM IST

ব্যৱসায়ীক ধনদাবী

যোৰহাট, ২৮ এপ্ৰিল:যোৰহাটত কুখ্যাত ডকাইত বাবুল লাহনৰ নেতৃত্বত পুনৰ ধনদাবী আৰু গুলীওৱাৰ ভাবুকি দিয়াৰ ঘটনা সংঘটিত হৈছে । অৱশেষত ভুক্তভোগী ব্য়ৱসায়ীয়ে কাষ চাপিল আৰক্ষীৰ । কেইবাটাও হত্যাকাণ্ড আৰু ডকাইতি কাণ্ডত জড়িত কুখ্যাত ডকাইত বাবুল লাহনৰ নেতৃত্বত এটা দলে এজন যুৱ ব্যৱসায়ীক ধনদাবী আৰু গুলীওৱাৰ ভাবুকি দিয়াৰ পিচতেই ভুক্তভোগীয়ে ভোগদৈ আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ ।

ঘটনা বিৱৰণি অনুসৰি, পুলিন মহন্ত নামৰ যুৱ ব্যৱসায়ীজনে চৰকাৰী অনুজ্ঞাপত্ৰ থকা ভোগদৈ গড়মূৰৰ এম চি এ ২ নং ঘাটৰ পৰা যোৰহাট মেলেং কপৌধৰাত থকা লীলাধৰ গট্টানিৰ এডোখৰ ভূমি পুটিবৰ বাবে বন্দোবস্তি কৰে । সেই অনুসৰি উক্ত ভূমিডোখৰ পোতাৰ বাবে ডাম্পাৰেৰে মাটি নিবলৈ আৰম্ভ কৰে । কিন্তু এই কাম আৰম্ভ কৰাৰ সময়তেই কুখ্যাত ডকাইত বাবুল লাহনৰ নিৰ্দেশত দিনমণি, জনৈক দিপজ্যোতি চেতিয়া, জনৈক বাবলু গগৈ, মিথু বৰা আৰু পাপুয়ে উক্ত স্থানত উপস্থিত হৈ পুলিন মহন্তৰ মহৰী হিচাপে কৰ্মৰত লক্ষীকান্ত বৰকাকতিক ধমক দিয়া বুলি অভিযোগ উত্থাপন কৰিছে ব্য়ৱসায়ীজনে ।

এই দলটোৱে আনকি লক্ষীকান্ত বৰকাকতিৰ মোবাইল ফোনৰ পৰা পুলিন মহন্তলৈ ফোন কৰি ৫ লাখ টকা দাবী কৰে । দলটোৱে ইয়াতেই ক্ষান্ত নাথাকি প্ৰতিখন গাড়ীৰ বিনিময়ত তিনিশ টকাকৈ দিব লাগিব বুলি ভাবুকি দিয়ে । বাবুল লাহনৰ নিৰ্দেশত উক্ত কাৰ্য সংঘটিত কৰা ডকাইত ৰূপী দলটোৱে পুলিন মহন্তৰ কৰ্মচাৰীক আনকি পিষ্টলৰে গুলীওৱাৰ ভাবুকি প্ৰদান কৰে ।

ইতিমধ্যে ডকাইতৰূপী দলটোৱে পুলিন মহন্তৰ ৪ খনকৈ ডাম্পাৰ আৰু এখন এক্সাভেটৰ আৱদ্ধ কৰি ৰাখিছে । ইয়াৰ পিচতেই দিনদুপৰতে ডকাইতি কাণ্ড সংঘটিত কৰিবলৈ অহা দলটোৰ বিৰুদ্ধে ভুক্তভোগী পুলিন মহন্তই যোৰহাট সদৰ থানাৰ অন্তৰ্গত ভোগদৈ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে । এতিয়া এই দলটোৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষনীয় হ'ব ।

লগতে পঢ়ক:মহানগৰীত পিষ্টলৰ গুলীসহ আৰক্ষীৰ জালত চিলাপথাৰৰ দুই যুৱক - Youths Arrested With Bullets

ABOUT THE AUTHOR

...view details