অসম

assam

ETV Bharat / state

তিনিবাৰকৈ গঁড়শূন্য হোৱা এসময়ৰ বিশ্ববিখ্যাত অভয়াৰণ্যত অসম গৌৰৱৰ মুক্ত বিচৰণ - LAOKHOWA BURHASAPARI SANCTUARY

ইংৰাজী নতুন বছৰৰ প্ৰথম দিনটোত প্ৰকৃতিপ্ৰেমীৰ বাবে এটা ভাল খবৰ । তিনিবাৰকৈ গঁড়শূন্য হোৱা দুখন অভয়াৰণ্যত এশিঙীয়া গঁড়ৰ মুক্ত বিচৰণৰ খবৰে উৎফুল্লিত কৰিছে প্ৰকৃতিপ্ৰেমীক ।

Rhino free movement again in two sanctuaries, which have been deserted three times
এসময়ৰ বিশ্ব বিখ্যাত অভয়াৰণ্যত অসম গৌৰৱৰ মুক্ত বিচৰণ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 1, 2025, 8:17 PM IST

নগাঁও: অৱশেষত অসম গৌৰৱ এশিঙীয়া গঁড়ে মুক্ত বিচৰণ কৰি পূৰ্বৰ গৰিমা ঘূৰাই আনিবলৈ সক্ষম হৈছে অসমৰ দুই বন্যপ্ৰাণী অভয়াৰণ্যৰ । এসময়ত এশিঙীয়া গঁড়ৰ বাবেই বিশ্ব বিখ্যাত অসমৰ নগাঁও জিলাৰ দুখনকৈ অভয়াৰণ্য । অভয়াৰণ্য দুখন হৈছে লাওখোৱা আৰু বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য । এসময়ৰ এশিঙীয়া গঁড়ৰ মুক্ত বিচৰণভূমি লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যলৈ অৱশেষত ভাল খবৰটো কঢ়িয়াই আনিছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সাতটাকৈ গঁড়ে ।

এটা দুটাকৈ সাতটাকৈ গঁড়ে প্ৰৱেশ কৰি লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যত আশ্ৰয় লোৱাৰ তথ্য পোৱা গৈছে বন বিভাগৰ সূত্ৰৰ পৰা । সম্প্ৰতি সাতটাকৈ গঁড়ে মুক্তভাৱে বিচৰণ কৰিছে এসময়ৰ এশিঙীয়া গঁড়ৰ বাবেই বিশ্ববিখ্যাত লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যত । পূৰ্বে বন বিভাগে কেইবাবাৰো গঁড় সংস্থাপনৰ চেষ্টা কৰিও ব্যৰ্থ হোৱাৰ পাছত এতিয়া অভয়াৰণ্য দুখনত নিজেই আশ্ৰয় লৈছে এশিঙীয়া গঁড়ে । কিন্তু অভয়াৰণ্য দুখনত শেহতীয়া গঁড়ৰ মুক্ত বিচৰণ, পূৰ্বে কেতিয়া কিদৰে হৈছিল গঁড়শূন্য ? সেয়া বিৱৰি জনাৰ পূৰ্বে প্ৰথমে জানি লওঁক অভয়াৰণ্য দুখনৰ ইতিহাস ।

এসময়ৰ বিশ্ব বিখ্যাত অভয়াৰণ্যত অসম গৌৰৱৰ মুক্ত বিচৰণ (ETV Bharat Assam)

লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যৰ ইতিহাস:

নগাঁও আৰু শোণিতপুৰ জিলাৰে সংলগ্ন হৈ থকা লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্য দুখন অৱস্থিত ব্ৰহ্মপুত্ৰৰ পাৰত । ৭০.০১ বৰ্গকিলোমিটাৰ এলেকা লাওখোৱা অভয়াৰণ্যই সামৰি লোৱাৰ সমান্তৰালকৈ বুঢ়াচাপৰি অভয়াৰণ্য ৪৪.৬ বৰ্গকিলোমিটাৰ এলেকা সামৰি আছে । দুযোখন অভয়াৰণ্য এসময়ত বিশ্ব বিখ্যাত আছিল এশিঙীয়া গঁড়ৰ বাবেই ।

এগৰাকী প্ৰকৃতিপ্ৰেমী তথা গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতৰ জ্যেষ্ঠ সাংবাদিক বাহাৰুল ইছলামে ইটিভি ভাৰতক জানিবলৈ দিয়া মতে,"১৯০২ চনত এগৰাকী ইংৰাজ পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰি পাঁচটাকৈ এশিঙীয়া গঁড় প্ৰত্যক্ষ কৰাৰ বিপৰীতে লাওখোৱা অভয়াৰণ্যৰ গড়াজান অঞ্চলত ২৫ টাকৈ গঁড় প্ৰত্যক্ষ কৰি আপ্লুত হৈ পৰা বিদেশী পৰ্যটকগৰাকীয়ে অসমৰ কাজিৰঙা আৰু লাওখোৱাৰ এশিঙীয়া গঁড়ৰ ওপৰত এখনি গ্ৰন্থ লিখি উলিয়াইছিল । ইংৰাজ পৰ্যটকগৰাকীয়ে লিখি উলিওৱা গ্ৰন্থ পঢ়ি অসমৰ গঁড় চাবলৈ ব্যাকুল হৈ পৰা লেডি কাৰ্জন ১৯০৪ চনত আহি উপস্থিত হৈছিল কাজিৰঙাত ।"

তেওঁ লগতে কয়,"কাজিৰঙাত এশিঙীয়া গঁড়ৰ খোজ প্ৰত্যক্ষ কৰিয়েই উৎফুল্লিত হৈ পৰা লেডি কাৰ্জনে পৰৱৰ্তী সময়ত কাজিৰঙা আৰু লাওখোৱাৰ গঁড় সংৰক্ষণৰ বাবে অনুৰোধ কৰিছিল লৰ্ড কাৰ্জনক । লেডি কাৰ্জনৰ অনুৰোধতেই লৰ্ড কাৰ্জনে ১৯০৭ চনত কাজিৰঙা আৰু লাওখোৱাক একেলগে সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি প্ৰদান কৰিছিল । পৰৱৰ্তী ১৯৩৮ চনত লাওখোৱা অভয়াৰণ্যৰ গাতে লাগি থকা বুঢ়াচাপৰিকো সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল ।"

কাজিৰঙাৰ লগতে একেলগে সংৰক্ষিত বনাঞ্চল হিচাপে স্বাকৃতি লাভ কৰা লাওখোৱা অভয়াৰণ্যই কাজিৰঙাৰ বহু পাছতহে বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি লাভ কৰে । বন বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি, ১৯৯৪ চনত লাওখোৱাই বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি লাভ কৰাৰ এটা বছৰ পাছতেই অৰ্থাৎ ১৯৯৫ চনত বুঢ়াচাপৰিয়ে বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি লাভ কৰে ।

লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যৰ মৃত্যুমুখী যাত্ৰা ?

৭০ দশকলৈকে এশিঙয়া গঁড়ৰ মুক্ত বিচৰণভূমি আছিল গছ-গছনি আদি প্ৰাকৃতিক সৌন্দৰ্যৰে সমৃদ্ধ লাওখোৱা অৰু বুঢ়াচাপৰি অভয়াৰণ্য । কিন্তু ৮০ ৰ দশকত সম্পূৰ্ণ গঁড় শূন্য হৈ পৰে অভয়াৰণ্য দুখন । এই সন্দৰ্ভতো জ্যেষ্ঠ সাংবাদিক বাহাৰুল ইছলামে ইটিভি ভাৰতক জনোৱা মতে,"চোৰাং চিকাৰীৰ লক্ষ্য হৈ পৰা লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্য দুখন ১৯৮৩ চনতে সম্পুৰ্ণৰূপে গঁড়শূন্য হৈ পৰে । বিশেষকৈ ১৯৮৩ চনৰ অসম আন্দোলনৰ সুযোগ গ্ৰহণ কৰিয়েই চোৰাং চিকাৰীয়ে হত্যা কৰি কাটি নিছিল লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰ এশিঙীয়া গঁড়ৰ খৰ্গ ।"

সাংবাদিকগৰাকীয়ে জনোৱা মতে,"১৯৮৩ চনৰ অসমৰ অগ্নিগৰ্ভা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ তদানীন্তন জিলা উপায়ুক্তই বনৰক্ষীৰ লগত থকা মাৰণাস্ত্ৰও জমা দিবলৈ নিৰ্দেশ জাৰি কৰাত লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰো বনৰক্ষীসকলে নিজৰ লগত থকা মাৰণাস্ত্ৰ জমা দিয়াৰ সুযোগ গ্ৰহণ কৰিয়েই চোৰাং চিকাৰীয়ে অবাধে গঁড় হত্যা কৰিবলৈ আৰম্ভ কৰিছিল দুয়োখন অভয়াৰণ্যত । চোৰাং চিকাৰীৰ দপদপনি ইমানেই বৃদ্ধি পাইছিল যে, এটা দিনতেই চোৰাং চিকাৰীয়ে লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰ ৩৮ গঁড় হত্যা কৰি খৰ্গ লৈ উধাও হ’বলৈ সক্ষম হৈছিল ।"

তেওঁ লগতে কয়,"সেই সময়তেই গঁড়শূন্য ৰৈ পৰাৰ পাছৰ পৰাই অভয়াৰণ্য দুখনত চোৰাং মাছমৰীয়াৰ পৰা কাঠ বেপাৰীৰো দৌৰাত্ম্য আৰম্ভ হৈছিল অভয়াৰণ্য দুখনত । শাল, চেগুনকে ধৰি বিভিন্ন গছগছনিৰে ভৰপূৰ অভয়াৰণ্য দুখনৰ মুল্যৱান গছসমুহো কাটি তহিলং কৰাত মৃত্যুমুখী যাত্ৰা আৰম্ভ হৈছিল লাওখোৱা আৰু বুঢ়াচাাপৰি অভয়াৰণ্য দুখনৰ । আনকি অভয়াৰণ্য দুখনৰ বৃহৎ ভূমি বেদখলকাৰীৰ কৱলতো পৰিছিল সেই সময়ত ।"

লাওখোৱা বুঢ়াচাপৰিক পুনৰুজ্জীৱিত কৰাৰ পদক্ষেপ:

এসমৰ এশিঙীয়া গঁড়ৰ ৰম্যভূমি লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যক পুনৰুজ্জীৱিত কৰাৰ উদ্যেশ্যে সেই সময়ৰ অসম চৰকাৰৰ বনমন্ত্ৰী ৰকিবুল হুছেইনে হাতত লৈছিল পদক্ষেপ । Indian Rhino vision 2020 ৰ অধীনত লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা গঁড় সংস্থাপনৰ পদক্ষেপ হাতত লৈছিল অসম চৰকাৰৰ বন বিভাগে । ২০১৪ চনৰ ৬ নৱেম্বৰ তাৰিখে সেই সময়ৰ বনমন্ত্ৰী ৰকিবুল হুছেইনে লাওখোৱাত গঁড় সংস্থাপনৰ বাবে লোৱা Indian Rhino vision 2020 ৰ শুভাৰম্ভও কৰিছিল ।

Indian Rhino vision 2020 ৰ অধীনত লাওখোৱা অভয়াৰণ্যত গঁড় সংস্থাপনৰ বাবে হল্ডিং ব'মা এলেকা নিৰ্মাণ কৰি বৃহৎ পৰিমাণৰ ধন খৰচ কৰিছিল বিভাগে । এই আঁচনিৰ অধীনতে ২০১৬ চনৰ ৩০ মাৰ্চত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা পোৱালীসহ এটা মাইকী গঁড় সংস্থাপন কৰা হৈছিল লাওখোৱা অভয়াৰণ্যৰ নিৰ্দিষ্ট এলেকাত । কিন্তু গঁড় সংস্থাপন কৰাৰ মাত্ৰ কেইমাহমানৰ ভিতৰতেই প্ৰথমে পোৱালী গঁড়ৰ মাকজনীৰ মৃত্যু হোৱাৰ পাছতেই ৰোগত আক্ৰান্ত হৈ পোৱালী গঁড়ৰো মৃত্যু হোৱাত পুনৰ এবাৰ গঁড়শূন্য হৈ পৰে লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্য ।

২০১৬ চনত অসমত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত লাওখোৱা অভয়াৰণ্যৰ ভূমিৰ কিছু অংশ বেদখলমুক্ত কৰাত ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এটা এশিঙীয়া গঁড়ে আশ্ৰয় লৈছিল যদিও কেইমাহমানৰ পাছতেই পুনৰ চোৰাং চিকাৰীয়ে গঁড়টো হত্যা কৰাত আকৌ এবাৰ গঁড়শূ্ন্য হৈ পৰে অভয়াৰণ্য দুখন ।

পুনৰ এশিঙীয়া গঁড়ৰ মুক্ত বিচৰণ লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যত:

২০২১ চনত ৰাজ্যত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ গঠন হোৱাৰ পাছতেই বিশেষকৈ বুঢ়াচাপৰি অভয়াৰণ্যৰ বেদখলকৃত ভূমিত ব্যাপক উচ্ছেদ অভিযান চলোৱাৰ পাছতেই এফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আনফালে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে লাওখোৱা বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যলৈ জীৱ-জন্তুৰ অহা যোৱা বাট মুকলি হৈ পৰাৰ পাছতেই এশিঙীয়া গঁড়ৰ উপযুক্ত বিচৰণভূমি লাওখোৱা আৰু বুঢ়াচাপৰিলৈ গঁড়ৰ আগমন ঘটা বুলি জানিবলৈ দিয়ে বিদায়ী বৰ্ষৰ অন্তিম দিনত অৱসৰ গ্ৰহণ কৰা নগাঁও বন্যপ্ৰাণী সংমণ্ডল বিষয়া জয়ন্ত ডেকাই ।

বেদখল উচ্ছেদ কৰাৰ পাছত বিগত বৰ্ষত তিনিটাকৈ গঁড়ে আশ্ৰয় গ্ৰহণ কৰা লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যত শেহতীয়াকৈ আৰু চাৰিটা অৰ্থাৎ মুঠ সাতটাকৈ গঁড়ে বিচৰণ কৰি থকা বুলিও জানিবলৈ দিয়ে বন্যপ্ৰাণী সংমণ্ডল বিষয়াগৰাকীয়ে । বিষয়াগৰাকীয়ে আৰু জানিবলৈ দিয়া মতে, বিগত ২০২২-২৩ বৰ্ষত বুঢ়াচাপৰি অভয়াৰণ্যৰ ২,০৯৯ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলৰ পৰা মুকলি কৰে বন বিভাগে । ইয়াৰ ভিতৰত ১২৮২ হেক্টৰ বন ভূমি আৰু ৮১৭ হেক্টৰ চৰকাৰী ভূমিত উচ্ছেদ চলাই বেদখলমুক্ত কৰিবলৈ সক্ষম হয় বন বিভাগ ।

অভয়াৰণ্যৰ ভূমিত নিৰ্মাণ কৰা মুঠ ২৫৫৩ টা গৃহ আৰু ১২,৭৬৫ লোকক উচ্ছেদ কৰা হয় । বুঢ়াচাপৰি অভয়াৰণ্যৰ মুঠ ১৮৯২ হেক্টৰ ভূমিত ২৫৫৩ টা ঘৰৰ লগতে ১১,৬১০ লোকে বেদখল কৰি আছিল । আনহাতে শেহতীয়াকৈ লাওখোৱা অভয়াৰণ্যৰ সালধিসূতিৰ ৪০ বছৰে বন্ধ হৈ থকা এটা চেনেল মুকলি কৰিবলৈয়ো সক্ষম হয় বন বিভাগ ।

কি পদক্ষেপ বন বিভাগৰ ?

লাওখোৱা অভয়াৰণ্যৰ বৃহৎ ভূমি বেদখলমুক্ত কৰাৰ পাছতেই বিগত দুটা বছৰে এশিঙীয়া গঁড়ে নিজেই আশ্ৰয় লোৱাৰ পাছতে এতিয়া গঁড়কেইটাৰ সুৰক্ষা প্ৰদানৰ বাবে তৎপৰ হৈ পৰিছে বন বিভাগ । অভয়াৰণ্য দুখনত পূৰ্বৰ তুলনাত নিৰাপত্তাৰক্ষী বৃদ্ধি কৰাৰ লগতে দিনে নিশাই পহৰাৰ ব্যৱস্থা কৰা বুলিও বন বিষয়া জয়ন্ত ডেকাই জানিবলৈ দিয়ে । লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্য দুখনত গঁড়ৰ মুক্ত বিচৰণৰ এক উপযুক্ত ঠাই বুলিও উল্লেখ কৰি গঁড়ৰ পৰ্য্যপ্ত খাদ্য থকা বুলিও ইটিভি ভাৰতক জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে । ইয়াৰোপৰি অভয়াৰণ্য দুখনত জীৱ জন্তুৰ নিৰপত্তা অধিক কটকটীয়া কৰিবলৈ বন শিবিৰ বৃদ্ধি কৰাৰ কথাও জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে ।

পৰ্যটকৰ আকৰ্ষণ লাওখোৱা, বুঢ়াচাপৰি:

সম্প্ৰতি সাতটাকৈ এশিঙীয়া গঁড়ে বিচৰণ কৰা লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্য দুখনত ২০ টাকৈ হাতী, ১২ ৰ পৰা ১৫ টাকৈ ঢেকিয়াপতীয়া বাঘৰ ওপৰিও বনৰীয়া ম'হ, বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকতিৰ ওপৰিও বিভিন্ন প্ৰজাতিৰ সাপ আদি আছে বুলি বন বিভাগৰ পৰা জানিব পৰা গৈছে । পুনৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'বলৈ ধৰা লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যত পৰ্যটকৰ বাবেও বিশেষ ব্যৱস্থা থকা বুলি জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে ।

বিষয়াগৰাকীয়ে ইটিভি ভাৰতক জানিবলৈ দিয়া মতে, ব্ৰক্ষ্মপুত্ৰৰ পৰা অভয়াৰণ্য দুখনৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ ব্ৰক্ষ্মপুত্ৰত যন্ত্ৰচালিত নৌকা বিহাৰৰ ব্যৱস্থা কৰা হৈছে । য'ত ডলফিন চাবলৈয়ো সুযোগ লাভ কৰিব পৰ্যটকে । ইয়াৰোপৰি. জীপ ছাফাৰী, হাতী ছাফাৰীৰ উপৰিও চাইকেল ছাফাৰীৰো ব্যৱস্থা কৰা বুলিও বন বিভাগৰ বিষয়াই জানিবলৈ দিছে । আনকি নিশা যাপনৰো ব্যৱস্থা আছে লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যত ।

কি কয় প্ৰকৃতিপ্ৰেমীয়ে ?

লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত এশিঙীয়া গঁড়ৰ মুক্ত বিচৰণক লৈ উৎফুল্লিত হোৱা বুলি উল্লেখ কৰি প্ৰকৃতিপ্ৰেমী সংগঠন পান্থতৰুৰ সম্পাদক বুবুল শৰ্মাই ইটিভি ভাৰত জনাই, "এশিঙীয়া গঁড়ৰ উৎকৃষ্ট আৱাসস্থলী লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যত দীৰ্ঘদিনৰ অন্তত গঁড়ৰ বিচৰণ পৰ্যটকৰ বাবেই এটা ভাল খবৰ । লগতে অভয়াৰণ্য দুখনৰ গঁড় কেইটাৰ নিৰাপত্তাৰ খাতিৰত বন বিভাগক কঠোৰ হ'বলৈয়ো দাবী জনায় প্ৰকৃতিপ্ৰেমী বুবুল শৰ্মাই ।

উল্লেখযোগ্য যে, মৃতপ্ৰায় অৱস্থাৰ পৰা লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্য দুখন এতিয়া পুনৰজ্জীৱিত হোৱাৰ পথত গতি কৰিছে । ২০২৪ বৰ্ষৰ অন্তিমটো দিনত অৱসৰ গ্ৰহণ কৰা অভয়াৰণ্য দুখনৰ দায়িত্বত থকা নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ বিষয়া জয়ন্ত ডেকাৰ কাৰ্যকালতেই অভয়াৰণ্য দুখনে যেন পূৰ্বৰ মৰ্যাদা ঘূৰাই আনিবলৈ বহু পৰিমাণে হ’লেও সক্ষম হৈছে । অভয়াৰণ্য দুখনে হেৰুৱা মৰ্যাদা ঘূৰাই পোৱাত উৎফুল্লিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমী ।

লগতে পঢ়ক:নাজানে নিষেধাজ্ঞাৰ কথা ! বিনা অনুমতিত দ্ৰোণ উৰুৱাবলৈ গৈ আলৈ-আথানি পৰ্যটকৰ - KAZIRANGA NATIONAL PARK

ছাদ্দাম হুছেইনৰ হত্যাকাৰী এটা গঁড় - Rhino attack - RHINO ATTACK

ABOUT THE AUTHOR

...view details