অসম

assam

15 মে'ৰ ভিতৰত প্লাষ্টিক আৱৰ্জনা সংগ্ৰহ কেন্দ্ৰ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ জিলা আয়ুক্তৰ - Review Meeting in Tinsukia

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 10:04 AM IST

Review Meeting in Tinsukia: তিনিচুকীয়া জিলা গ্ৰামোন্নয়ন বিভাগৰ কাম-কাজ সম্বন্ধীয় পৰ্যালোচনা সভা ৷ 10 দিনৰ ভিতৰত 528 টা ঘৰ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ জিলা আয়ুক্তৰ ৷ 15 মে'ৰ ভিতৰত সম্পূৰ্ণ হ'ব লাগিব প্লাষ্টিক আৱৰ্জনা সংগ্ৰহ কেন্দ্ৰ ৷

Review meeting of the work of the Tinsukia District Rural Development Department
Review Meeting in Tinsukia

তিনিচুকীয়া, 27 এপ্ৰিল: তিনিচুকীয়া জিলাৰ গাওঁসমূহত স্থাপন কৰিবলগীয়া প্লাষ্টিকৰ আৱৰ্জনা সংগ্ৰহৰ ক্ষুদ্ৰ কেন্দ্ৰসমূহৰ নিৰ্মাণৰ কাম 15 মে’ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ জিলা আয়ুক্ত স্বপ্নীল পালে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয়াসকললৈ নিৰ্দেশ দিছে । শুকুৰবাৰে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বিভাগৰ এখন পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰি আয়ুক্তগৰাকীয়ে এই নিৰ্দেশ দিয়ে ।

স্বচ্ছ ভাৰত অভিযানৰ অধীনত গাওঁ অঞ্চলৰ প্ৰতিটো পৰিয়ালৰ ঘৰুৱা প্লাষ্টিক জাতীয় আৱৰ্জনা সংগ্ৰহ কৰি নিষ্কাষণৰ বাবে 762 টা ক্ষুদ্ৰ সামগ্ৰী সংগ্ৰহ কেন্দ্ৰ স্থাপনৰ বাবে আৱন্টন লাভ কৰা হৈছে বুলি পৰ্যালোচনা সভাত প্ৰকাশ কৰা হয় । ইয়াৰে 544 টা কেন্দ্ৰ ইতিমধ্যে নিৰ্মাণ হৈছে যদিও বাকী থকা 218 টা সুবিধা কেন্দ্ৰৰ 15 মে'ৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ তেওঁ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে । তদুপৰি পঞ্চায়ত পৰ্যায়ত স্থাপন কৰিবলগীয়া 88 টা কেন্দ্ৰীয় সামগ্ৰী সংগ্ৰহ সুবিধা কেন্দ্ৰৰ 50 টা এতিয়ালৈ সম্পূৰ্ণ হৈছে যদিও বাকী থকা 38 টা কেন্দ্ৰৰ কামো 15 মে'ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ জিলা আয়ুক্ত পালে নিৰ্দেশ দিয়ে ।

উল্লেখযোগ্য যে, স্বচ্ছ ভাৰত অভিযানৰ অধীনত পৰিৱেশৰ সুৰক্ষা আৰু পৰিস্কাৰ-পৰিচ্ছন্নতা বৰ্তাই ৰখাৰ উদ্দেশ্যে গ্ৰামাঞ্চলৰ প্ৰতি ঘৰ লোকৰ পৰা পেলনীয়া প্লাষ্টিকৰ সামগ্ৰীসমূহ প্ৰথমে গাওঁ পৰ্যায়ত সংগ্ৰহ কৰি তাৰ পৰা পঞ্চায়ত পৰ্যায়ৰ কেন্দ্ৰীয় সুবিধা কেন্দ্ৰলৈ অনাৰ ব্যৱস্থা কৰা হৈছে । তাৰ পিছত সেইবোৰ খণ্ড পৰ্যায়ৰ ব্যৱস্থাপনা কেন্দ্ৰলৈ নি নিষ্কাষণৰ ব্যৱস্থা কৰা হ'ব ।

জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে এই সভাতে জিলা আয়ুক্তগৰাকীয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত চলি থকা প্ৰধানমন্ত্ৰী আৱাস যোজনা, মহাত্মা গান্ধী এনৰেগা আঁচনি আৰু পঞ্চদশ আয়োগৰ আঁচনিৰ কামৰ অগ্ৰগতিৰো বুজ লয় । সভাত দাখিল কৰা তথ্য অনুসৰি জিলাখনৰ গ্ৰামাঞ্চলত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনত নতুনকৈ 6520 টা আৱাস নিৰ্মাণৰ প্ৰক্ৰিয়া চলি আছে । ইয়াৰে তৃতীয় কিস্তিৰ ধন পৰিশোধ কৰা 938 টা আৱাসৰ ভিতৰত অসম্পূৰ্ণ হৈ ৰোৱা 528 টা ঘৰৰ কাম অহা 10 দিনৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ পালে বিভাগীয় বিষয়াসকলক কঠোৰ নিৰ্দেশ প্ৰদান কৰে ।

প্ৰায় ডেৰ ঘন্টা ধৰি চলা পৰ্যালোচনা বৈঠকখনত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া গুৰনীল সিং, উপ মুখ্য কাৰ্যবাহী অসীম শৰ্মা আৰু খণ্ড উন্নয়ন বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক:ধোঁৱাচাঙত স্বচ্ছ ভাৰত আঁচনি , ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ

ABOUT THE AUTHOR

...view details