গুৱাহাটী,১৯ ছেপ্টেম্বৰ:২০২৬ৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি হিতাধিকাৰী সৃষ্টিৰ দিশত আন এক খোজ পেলাই আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিলে অৰুণোদয় ৩.০ আঁচনি । অৰুণোদয় ৩.০ আঁচনিৰ যোগেদি নতুনকৈ ১২.৬০ লাখ হিতাধিকাৰীৰ সৃষ্টি হ'ব । অৰ্থাৎ পুৰণি আৰু নতুন মিলাই অৰুণোদয় ৩.০ আঁচনিত হিতাধিকাৰীৰ সংখ্যা হ'বগৈ ৩৭.৪০ লাখ ।
লোকসভা নিৰ্বাচনৰ সময়ত বিজেপিৰ কৰ্মকৰ্তাসকলে ঘৰে ঘৰে গৈ বিতৰণ কৰা সমীক্ষা পত্রৰ যোগেদি লাভ কৰা তথ্যৰ ভিত্তিত চৰকাৰে ১২.৬০ লাখ লোকক নতুনকৈ অৰুণোদয় ৩.০ আঁচনিত অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰিছে । আগন্তুক পঞ্চায়ত আৰু বিশেষকৈ ২০২৬ৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হিতাধিকাৰী সৃষ্টিৰ এই বিশাল আঁচনিখনত বিশেষ মনোনিৱেশ কৰিছে ।
কেৱল সেয়াই নহয় ৰেচন কাৰ্ডৰ হিতাধিকাৰী বৃদ্ধিৰ ক্ষেত্রতো চৰকাৰখনে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে । ৰাজ্যত নতুনকৈ ১৯,৯২,১৬৭ গৰাকী লোকক ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে । আজি দিছপুৰৰ লোকসেৱা ভৱনত আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যজুৰি অৰুণোদয় ৩.০ আঁচনিৰ শুভাৰম্ভ কৰাৰ লগতে ৰেচন কাৰ্ড প্ৰদান কৰা প্ৰক্ৰিয়াৰো শুভাৰম্ভ কৰে ।
ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিতে সভা অনুষ্ঠিত কৰি চৰকাৰৰ হিতাধিকাৰী সৃষ্টিৰ এই বিশাল কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । ৰাজ্যজুৰি হোৱা সভাসমূহত মন্ত্রী-বিধায়ক তথা সাংসদ সকলে অংশ গ্ৰহণ কৰে । দিছপুৰৰ লোকসেৱা ভৱনত আঁচনি দুখনৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক সম্বোধন কৰে ।
ৰেচন কাৰ্ডৰ সৈতে কি সম্পৰ্ক অৰুণোদয় ৩.০ আঁচনিৰ :
সংবাদমেলত মুখ্যমন্ত্রীয়ে কয়,"অৰুণোদয় ১.০ আৰু অৰুণোদয় ২.০ আঁচনিৰ হিতাধিকাৰীসকলক আধাৰ লিংক কৰিব বিচৰা হৈছে । ৰেচন কাৰ্ডসমূহ আধাৰ লিংক হৈ আছে । গতিকে ৰেচন কাৰ্ড নথকাসকলে অৰুণোদয় ৩.০ নাপাব । ৰেচন কাৰ্ড থকা সকলে অৰুণোদয় ৩.০ লাভ কৰিব আৰু আধাৰ লিংক হ'ব । যাৰ বাবে আজি নতুনকৈ ১৯,৯২,১৬৭ গৰাকী লোকক ৰেচন কাৰ্ড দিয়াৰ প্ৰক্ৰিয়া মুকলি কৰা হৈছে । ইয়াৰ ফলত ৰেচন কাৰ্ড লাভ কৰা লোকৰ সংখ্যা ২.৬০ কোটিলৈ বৃদ্ধি হ'ব । অৰুণোদয় ৩.০ ৰ সুবিধা ল'বলৈ হ'লে প্ৰথমে ৰেচন কাৰ্ড ল'ব লাগিব ।"
কেনেকৈ লাভ কৰিব ৰেচন কাৰ্ড :
ৰেচন কাৰ্ডৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়,"ৰেচন কাৰ্ডৰ ক্ষেত্রত পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন ৪ লাখৰ বেছি হ'ব নোৱাৰিব । পৰিয়ালত চৰকাৰী চাকৰি নথকা লোকে আবেদন কৰিব পাৰিব ।"
অৰুণোদয় ৩.০ৰ সবিশেষ:
অৰুণোদয় ৩.০ গঠন প্ৰক্ৰিয়া সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "অৰুণোদয় ১ আৰু অৰুণোদয় ২ পাই থকা সকলেও অৰুণোদয় ৩.০ আঁচনিত আবেদন কৰিব লাগিব । প্ৰতিটো সমষ্টিত গড়ে ৩০ হাজাৰ পৰিয়ালে অৰুণোদয় ৩.০ লাভ কৰিব । অৰুণোদয় ৩.০ৰ সুবিধা লাভৰ বাবে প্ৰথমে লাগিব ৰেচন কাৰ্ড । প্ৰথমে অগ্ৰাধিকাৰ দিয়া হ'ব বিধবা মহিলা, ৪৫ বছৰ বয়সৰ ঊৰ্দ্ধৰ অবিবাহিত মহিলা, বিবাহ বিচ্ছেদ হোৱা মহিলা, স্বামীয়ে এৰি থৈ যোৱা মহিলা থকা পৰিয়ালক । "
"দ্বিতীয়তে তৃতীয় লিংগ, দিব্যাংগ থকা পৰিয়াল, চৰকাৰী বৃদ্ধাশ্ৰমৰ আইতাসকল, এইডছ, থেলাছেমিয়া, কুষ্ঠ, অটিজিম, হিমফেলিয়া আদি ৰোগাক্ৰান্ত লোকৰ পৰিয়াল, ভিক্ষা কৰা মহিলাক অৰুণোদয় ৩.০ আঁচনিত অগ্ৰাধিকাৰ দিয়া হ'ব । ইয়াৰ পাছত বাৰ্ষিক উপাৰ্জন ২ লাখ টকাৰ কম থকা পৰিয়ালৰ লোকক দিয়া হ'ব । অৰুণোদয় ৩.০ যোগেদি দৰিদ্ৰ পৰিয়ালক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।"
কোন অযোগ্য অৰুণোদয় ৩.০ আঁচনিৰ বাবে: