অসম

assam

ETV Bharat / state

আৰক্ষীতো ১৭ অযোগ্য় বিষয়া ! ১৮ বছৰে কৰি থকা চাকৰি যাও যাও - Assam Police recruitment scam

Assam Police recruitment : বেজৰ নাকতেই খৰ । এইবাৰ আৰক্ষীতেই অযোগ্য় বিষয়া ।

By ETV Bharat Assamese Team

Published : 4 hours ago

Assam Police recruitment
অসম আৰক্ষীৰ নিযুক্তিত অনিয়ম (ETV Bharat Assam)

গুৱাহাটী, ৪ অক্টোবৰ : এবছৰ দুবছৰ নহয়, সুদীৰ্ঘ ১৮ বছৰ চাকৰি কৰাৰ পিছত যোগ্যতা নথকাৰ বাবে চাকৰি হেৰুৱাব পাৰে অসম আৰক্ষীৰ ১৭ গৰাকী বিষয়াই । উপ-পৰিদৰ্শক হিচাপে নিযুক্তি লাভ কৰা অসম আৰক্ষীৰ ১৭ গৰাকী বিষয়াই যিকোনো মুহূৰ্তত হেৰুৱাব পাৰে চাকৰি ।

২০০৮ চনতে লাভ কৰিছিল নিযুক্তি

বৰ্তমান তেওঁলোকে পৰিদৰ্শক হিচাপে পদোন্নতি লাভ কৰিছে । অবৈধভাৱে নিযুক্তি লাভ কৰা ১৯জন পৰিদৰ্শকৰ দুজনক ইতিমধ্যে ৰাজ্যৰ গৃহ বিভাগে অব্যাহতি দিছে । বাকী ১৭জনকো শীঘ্ৰে অব্যাহতি দিয়াৰ সম্ভাৱনা প্ৰকট হৈছে । উল্লেখ্য যে ২০০৮ চনত মুঠ ১১৫জন বিষয়াক আৰক্ষীত নিযুক্তি দিয়া হৈছিল । কিন্তু বঞ্চিত হোৱা একাংশ প্রার্থীয়ে নিযুক্তি পোৱা একাংশ প্ৰাৰ্থীৰ নিযুক্তিক লৈ আদালতৰ দ্বাৰস্থ হৈছিল । তেওঁলোকে গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আৱেদন কৰি একাংশ প্রার্থীক অবৈধভাৱে নিযুক্তি প্রদান কৰাৰ অভিযোগ কৰিছিল ।

অসম আৰক্ষীৰ নিযুক্তিত অনিয়ম (ETV Bharat Assam)

আদালতে ২০১৪ চনত ৰাজ্য চৰকাৰক নিযুক্তিৰ তালিকা পুনৰ প্ৰস্তুত কৰাৰ বাবে নিৰ্দেশ দিছিল যদিও অসম চৰকাৰে ২০১৭ চনতহে এই সন্দৰ্ভত এখন বিশেষ সমিতি গঠন কৰিছিল । নিযুক্তিৰ পুনৰীক্ষণৰ বাবে সেই সময়ৰ আৰক্ষীৰ সঞ্চালক প্ৰধানৰ নেতৃত্বত গৃহ বিভাগ আৰু আৰক্ষী বিষয়াৰে গঠন কৰা সমিতিয়ে সকলো দিশ চালি-জাৰি চাই নিযুক্তি লাভ কৰা সকলৰ মাজৰ পৰা ১৯গৰাকী অযোগ্য প্রার্থী বাছি উলিয়াইছিল ।

আনহাতে, সেই অযোগ্য প্ৰাৰ্থীসকলৰ স্থানত নিযুক্তি দিবৰ বাবে ১৯জন যোগ্য প্রার্থীকো সমিতিখনে বাচি উলিয়াই তালিকা আদালতত দাখিল কৰিছিল । সেই তালিকা লাভ কৰাৰ পাছত আদালতে অযোগ্যসকলক চাকৰিৰ পৰা অব্যাহতি দি তেওঁলোকৰ স্থানত যোগ্যসকলক নিযুক্তি দিবলৈ ৰাজ্য চৰকাৰক নির্দেশ দিয়ে । এইক্ষেত্রত চৰকাৰে আৰক্ষীক নিৰ্দেশ দিয়ে ।

আৰক্ষীৰ মুখ্য কাৰ্যালয়ে চাকৰি কৰি থকা অযোগ্য চাকৰিয়াল কেইজনৰ চাকৰিকালৰ সমস্ত তথ্য প্ৰস্তুত কৰি গৃহ বিভাগক দাখিল কৰে । ইতিমধ্যে দুজন পৰিদৰ্শকক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে । বাকী ১৭জনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ গৃহ বিভাগলৈ আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰা হৈছে ।

যোৱা ১০ ছেপ্টেম্বৰতে এই পত্ৰ প্ৰেৰণ কৰা হৈছিল । অৱশ্যে এইপর্যন্ত তেওঁলোকৰ সন্দৰ্ভত গৃহ বিভাগে কোনো নিৰ্দেশনা জাৰি কৰা নাই । লক্ষণীয় যে অযোগ্য প্ৰাৰ্থীৰ তালিকাত থকা আৰু চাকৰি হেৰুওৱাটো প্ৰায় নিশ্চিত হোৱা পৰিদৰ্শককেইজন হৈছে ক্ৰমে ছাহিদুৰ ৰহমান, ভাস্কৰ বৰ্মন, বদ্ৰীপ্ৰসাদ বাৰুৱতী, হেমেন শৰ্মা, ফাৰুক আহমেদ, অমৰ ঘোষ, নৱজিৎ তালুকদাৰ, কামাখ্যা মিশ্র, আমিনুল ইছলাম, শশধৰ কলিতা, ছৰিফুল ৰহমান, উদ্দীপ্ত কলিতা, নীলিমা বড়ো, ভনিতা দাস, ৰিংকুমণি কলিতা, টুইংকল গোস্বামী, সুনীতা ডেকা, অঞ্জন চৌধুৰী আৰু দীপাংকৰ শ‍ইকীয়া ।

২০০৭ চনৰ নৱেম্বৰত বিজ্ঞাপন প্ৰকাশ

লক্ষণীয় যে এই অযোগ্য পৰিদৰ্শকসকলৰ মাজৰে অঞ্জন চৌধুৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে । আনহাতে, দীপাংকৰ শ‍ইকীয়াই এ চি এছ লাভ কৰাৰ বাবে আৰক্ষীৰ চাকৰিৰ পৰা অব্যাহতি গ্রহণ কৰিছিল । উল্লেখ্য যে ২০০৭ চনৰ নৱেম্বৰত অসম আৰক্ষীৰ ৪৯ সংখ্যক উপ-পৰিদৰ্শক নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ হৈছিল । বিজ্ঞাপন অনুসৰি মুঠ ১১৬জন উপ-পৰিদৰ্শকক নিযুক্তি দিয়াৰ কথা আছিল ।

পৰীক্ষা আৰু সাক্ষাৎকাৰৰ পাছত ২০০৮ চনৰ ছেপ্টেম্বৰত ১১৫জন উপ-পৰিদৰ্শকক বাছনি কৰি নিযুক্তি প্ৰদান কৰা হৈছিল । অৱশ্যে অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত এটা পদত প্ৰাৰ্থীৰ অভাৱত নিযুক্তি প্ৰদান কৰিব পৰা নাছিল । কিন্তু তাৰ পাছতে একাংশ বঞ্চিত প্রার্থীয়ে আদালতৰ দ্বাৰস্থ হৈ অভিযোগ কৰে যে নিযুক্তি লাভ কৰা একাংশ প্ৰাৰ্থীয়ে যি শিতানত নিযুক্তি লাভ কৰে তেওঁলোকৰ সেই শিতানৰ প্ৰয়োজনীয় অৰ্হতা নাই ।

অৰ্হতা আৰু যোগ্যতাহীন এই প্রার্থীকেইজনৰ বাবে একাংশ যোগ্য প্রার্থী বঞ্চিত হোৱা বুলি তেওঁলোকে অভিযোগ কৰে । লক্ষণীয় বিষয় যে সেই সময়ত নিযুক্তি লাভ কৰা উপ-পৰিদৰ্শকসকলে ইতিমধ্যে ১৮ বছৰ চাকৰি কৰাৰ উপৰি পৰিদৰ্শক পদলৈ পদোন্নতি লাভ কৰিছে । ইমান বছৰ চাকৰি কৰা এইসকল আৰক্ষী বিষয়া এতিয়া অযোগ্য হিচাপে চিহ্নিত হোৱাত চাকৰি হেৰুওৱাৰ উপক্ৰম হৈছে ।

লগতে পঢ়ক:২৩ ৰাজপত্ৰিত বিষয়াৰ নাম বিশেষ তদন্তকাৰী গোটৰ অভিযোগনামাত - APSC Scam

কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰী : ৰাকেশ পালসহ কাৰাগাৰলৈ যাব লাগিব ৩২ জন - APSC Scam

ABOUT THE AUTHOR

...view details