গুৱাহাটী, ৫ মাৰ্চ :প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক দ্বিতীয়বাৰৰ বাবে চমন জাৰি কৰিছে চিআইডিয়ে । ৭ মাৰ্চত চিআইডিৰ কাৰ্যালয়ত উপস্থিত হ'বৰ বাবে ভূপেন বৰালৈ চমন জাৰি কৰা হৈছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে তেওঁ হাজিৰ হ'ব নোৱাৰে বুলি ইতিমধ্যে জনাই দিছে ।
৭ মাৰ্চৰ দিনা আগবেলা পিতৃৰ শ্ৰাদ্ধ আৰু পিচবেলা চিইচিৰ সভা আছে । গতিকে তেওঁ চিআইডিৰ কাৰ্যালয়ত উপস্থিত থাকিব নোৱাৰে বুলি সদৰী কৰি তেওঁ কয় যে সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ পাছত মাতিলে তেওঁ চিআইডিৰ কাৰ্যালয়ত হাজিৰ হ'ব । ইতিমধ্যে এই বিষয়ে তেওঁ দলৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰক চিআইডিক অৱগত কৰাৰ বাবে কোৱা হৈছে বুলি তেওঁ কয় ।
তেওঁ লগতে কয় যে তেওঁ চিআইডিৰ কাৰ্যালয়লৈ যাবলৈ নাইবা গ্ৰেপ্তাৰলৈ ভয় কৰা মানুহ নহয় । অসমৰ ৰাইজক ইয়াৰ উত্তৰ লাগিব বুলি সদৰী কৰি তেওঁ ২০২৩ চনত কেৱল গুৱাহাটীতে সংঘটিত চুৰিকাণ্ডৰ ২৭৪৫ টা গোচৰৰ কি হ'ল বুলি প্ৰশ্ন কৰি কয় যে ড্ৰাগছ বেপাৰী তথা ছিণ্ডিকেটৰ মাফিয়াক ধৰিব নোৱাৰে, কিন্তু ভূপেন বৰাক জাননীৰ ওপৰত জাননী দি দাদাগিৰি দেখুৱাব পাৰে । তেওঁ লগতে বিৰোধী দলপতিকে ধৰি কেইবাজনক জাননী দিয়া বুলি সদৰী কৰি তেওঁ অসমৰ অপৰাধীৰ তালিকাখনত তেওঁ এক নম্বৰত নেকি বুলি প্ৰশ্ন কৰে ।